শেহতীয়া আপডেটঃ

দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন-২০২৪

অসুস্হ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম ফিজিঅ’থেৰাপি- ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য
গুৱাহাটীঃ ‘অসুস্হ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ’থেৰাপী।’ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আজিৰে পৰা অহা ৩ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “অসম ফিজিঅ’কন ২০২৪” শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যই। আজি দিনৰ এঘাৰ বজাৰপৰা জিএমচিএইচ প্ৰেক্ষাগৃহত আয়োজিত অধিবেশনখন বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে জিএমচিএইচৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্য, উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, এইমছৰ ফিজিঅ’ বিশেষজ্ঞ ডাঃ ভি পি গুপ্তা,স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা, ডাঃ অনিল মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে।জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে জটিল অৱস্থাৰ ৰোগীৰ বাবে ফিজিঅথেৰাপী প্ৰয়োজনীয়।

ফিজিঅ’থেৰাপীষ্ট সকলৰ বাবে এখন পৰিষদৰ প্ৰয়োজন বুলি মন্তব্য কৰি এবছৰৰ ভিতৰতে সেইখন হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মাই এই চিকিৎসাত পূৰ্বতে কোনো ব্যৱস্থা নাছিল যদিও এতিয়া বহু সুযোগ আহিছে বুলি কয়। দুদিনীয়া এই অধিবেশন খনে বহু নতুন দিশ পোহৰলৈ আনি বুলি তেওঁ লগতে কয়।এইমছৰ ফিজিঅ বিশেষজ্ঞ ডাঃ ভি পি গুপ্তাই কয় যে ফিজিঅ’থেৰাপীয়ে উচিত মৰ্যাদা পাবলৈ এতিয়াও বহু দুৰ বাকী আছে। সেয়া পোৱাৰ বাবে চেষ্টা এতিয়াও অব্যাহত আছে।বহু শিক্ষানুষ্ঠান এতিয়া গঢ় লৈছে যদিও উন্নত মানদণ্ডৰ হৈ উঠা নাই। সকলো ফিজিঅ’থেৰাপিষ্টক নিজৰ পেছা ৰোগী আৰু সমাজৰ পৰা জ্ঞান লবলৈ তেওঁ লগতে আহ্বান জনায়।তাৰ পাছতেই আয়োজিত প্ৰথম দিনটোত দেশৰ বিভিন্ন ফিজিঅ’থেৰাপিষ্ট ও চিকিৎসক ডাঃ পি ভাস্কৰ ৰেড্ডী, ডাঃ ফিৰোজ আহমেদ, ডাঃ চিৰাগ বাৰ্মা, ডাঃ ঈষাণ বালি, ডাঃ হিমাংশু নাথ মাথুৰ প্ৰমুখ্য কৰি বহুকেইজন স্বনামধন্য ফিজিঅ’থেৰাপিষ্টে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰে৷


এই অনুষ্ঠানতে এখন স্মৰণিকা উন্মোচন কৰা হয়৷অধিৱেশনৰ লগত সংগতি ৰাখি ৪ নবেম্বৰত গুৱাহাটীৰ বহুকেইখন হাস্পতাল আৰু ফিজিঅ’থেৰাপি কলেজত প্ৰায় দহটা বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হব৷ কৰ্মশালাসমূহত উত্তৰপূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থী আৰু কৰ্মৰত ফিজিঅ’থেৰাপিষ্টে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে৷ প্ৰথম দিনৰ কাৰ্যসূচীৰ শেষত আবেলি বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হয়৷ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত দেশৰ বহুকেইজন বিশিষ্ট ফিজিঅ’থেৰাপিষ্টৰ বৈজ্ঞানিক পত্ৰ পাঠৰ সমান্তৰালকৈ ফিজিঅ’থেৰাপি চিকিৎসাৰ নতুন আৱিষ্কাৰ আৰু প্ৰযুক্তি সম্বন্ধে তথ্যৰ আদানপ্ৰদান হব যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ফিজিঅ’থেৰাপিষ্টসকলক বিশেষভাবে সহায় কৰিব বুলি অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণব চক্ৰবৰ্তীয়ে জনাইছে। আজিৰ অনুষ্ঠানটোত আয়োজক সমিতিৰ সচিব ডঃ অভিজিত দত্ত,সভাপতি ডাঃ নিশাদ কুদ্দুচ, সাংগঠনিক সম্পাদক ডাঃ ৰিতুৰাজ বাইলুং সোণোৱাল,যুটীয়া সম্পাদক ডাঃ অংকুৰ জ্যোতি বৰাই অতিথিসকলক আদৰণি জনায়৷ কাইলৈ ছাত্ৰছাত্ৰী সকলৰ বাবে কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানো হ’ব৷ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.