বিহালী জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ আঞ্চলিক সমিতি ভংগ

বিহালী জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ আঞ্চলিক সমিতি ভংগ :
প্ৰাক্তন সাধাৰণ সম্পাদকক প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ :

বিশ্বনাথ ১১ জুন:

অসম জাতীয়তাবাদী যুৱ- ছাত্র পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিহালী আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আঞ্চলিক সমিতি খন দেওবাৰে ভংগ ঘোষণা কৰে জিলা সমিতিয়ে।
জিলা সমিতি সাধাৰণ সম্পাদক ধ্ৰুৱ বৰাই এক প্ৰেছ বিবৃতি জড়িয়তে জানিবলৈ দিয়া অনুসৰি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতি খনে বিভিন্ন সংবিধান বিৰোধী কাৰ্য লিপ্ত থকা অভিযোগত দেওবাৰে জিলা সমিতিয়ে বিশেষ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আহ্বান কৰি আঞ্চলিক সমিতি খন ভংগ সিদ্ধান্ত লয় ।
লগতে বিবৃতিত উল্লেখ কৰে বিহালী আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু দাসকো সভাই পৰিষদৰ প্ৰাথমিক সদস্য পৰা বহিস্কাৰ কৰা হৈছে বুলি জিলা সাধাৰণ সম্পাদক ধ্ৰুৱ বৰাই জানিবলৈ দিয়ে।
বৰাই ৰাইজক আহ্বান জনাই পৰবৰ্তী আঞ্চলিক সমিতি খন গঠন নোহোৱালৈকে বহিস্কিত সদস্য ছাত্র নেতা গৰাকীৰ লগতে আঞ্চলিক সমিতি সভাপতি সম্পাদকৰ লগত কোনো যোগাযোগ নকৰিবলৈ আহ্বান জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.