শেহতীয়া আপডেটঃ

নলবাৰীত প্ৰণীতা হালৈৰ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ কাব্যগ্ৰন্থ উন্মোচন

‘‘কবিসকল সমাজৰ দিক্‌নিৰ্ণায়ক’’— অধ্যাপক অৱনী কুমাৰ ভাগৱতী

নলবাৰী : অসমৰ গৌৰৱোজ্জ্বল ইতিহাস ধৰি ৰাখিব লাগিব । ইতিহাসৰ সমলবোৰৰ বিষয়ে নতুন প্ৰজন্মক জ্ঞান দিব লাগিব । কিয়নো জ্ঞান নাথাকিলে সৃষ্টি কৰিব নোৱাৰে । সৃষ্টিৰ বাবে মানুহৰ মন ভাল হ’ব লাগিব । কবিসকলৰ মন ভাল আৰু তেওঁলোক ভাল মানুহ । কবিসকল সমাজ এখনৰ দিক্‌নিৰ্ণায়ক।’’ — এই মন্তব্য বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত কবি প্ৰণীতা হালৈৰ কাব্যগ্ৰন্থ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ নামৰ গ্ৰন্থ খন উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিভাগৰ অধ্যাপক ডঃ ভাগৱতীয়ে কয় যে কবিয়ে বৈপ্লৱিক চেতনাৰে সমাজৰ মানুহক জাগ্ৰত কৰিব পাৰে । নলবাৰী জিলা সাহিত্য সভাই প্ৰকাশ কৰা কবি প্ৰণীতা হালৈৰ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ এখন অনুপম কাব্যগ্ৰন্থ বুলি উল্লেখ কৰি বিশ্ববিখ্যাত‘ শকুন্তলম্‌’ নাটখনৰ কাব্যিকতা বৰ্ণনা কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই । সভাখন উদ্বোধন কৰি অতিৰিক্ত উপায়ুক্ত ডেকাই সাহিত্য–সংস্কৃতি যিয়ে ভাল নাপায় তেওঁ‌ পশুতুল্য বুলি কয় । সাহিত্য-সংস্কৃতি এক বিশাল বস্তু বুলি উল্লেখ কৰি ডেকাই ভাষণত কয় যে সাম্প্ৰতিক সময় বৰ কঠিন । এই কঠিন সময়ত মানুহে যান্ত্ৰিক জীৱন কটাইছে । এনে যান্ত্ৰিক সময়ৰ মাজত সাহিত্য–সংস্কৃতিৰ অনুষ্ঠানে জীৱনটোক ভাল পাবলৈ প্ৰেৰণা দিয়ে বুলিও তেওঁ‌ তাৎপৰ্যপুৰ্ণ বক্তব্য আগবঢ়ায় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰাৰ লগতে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখনৰ পূৰ্বে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে বন্তি প্ৰজ্বলন কৰে । সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই অসম আন্দোলনৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি সেই সময়ৰ নলবাৰীৰ কবি সাহিত্যিকসকলৰ সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে । নবপ্ৰজন্মক সাহিত্য সভাৰ ক্ষেত্ৰখনলৈ অনাৰ বাবে অসম সাহিত্য সভাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে বুলি উল্লেখ কৰে । লগতে সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ কাৰ্য ব্যৱস্থাক সাংগঠনিক সম্পাদক কলিতাই প্ৰশংসা কৰে । সভাৰ আন এগৰাকী সন্মানীয় অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই কবিসকলক বানান আৰু ভাষা প্ৰয়োগত গুৰুত্ব দিবলৈ আহ্বান জনায় । বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকৰ কবিতা পাঠ, কৃষ্ণাক্ষী শৰ্মা, দিপীকা সৰকাৰ আৰু গোকুল তালুকদাৰৰ গীতে সভাখন সজীৱ কৰি তোলে । কবি তথা গায়িকা প্ৰণীতা হালৈয়ে কাব্য চৰ্চাৰ অনুভৱ ব্যক্ত কৰে । অসম সংগীত পৰিবেশনৰে সভা সামৰা হ’য় ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.