শেহতীয়া আপডেটঃ

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি ?

কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা,ভাৰতীয় বন সেৱা পৰীক্ষা , অভিযান্ত্রিক সেৱা পৰীক্ষা , সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা , সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা , সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা , ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা ,ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা , কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা ; ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা, সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষা, ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘চি’ আৰু ‘ডি’ পৰীক্ষা, কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি) পৰীক্ষা, দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পৰীক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি), এছ এছ এফ, অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত চিপাহী পৰীক্ষা, কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদক পৰীক্ষা, মাল্টি টাস্কিং (নন-টেকনিকেল) ষ্টাফ আৰু হাভালদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা ; বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউ জি চি)’ পৰিচালনা কৰা ৰাষ্ট্রীয় যোগ্যতা বাচনি পৰীক্ষা ; বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সংযুক্ত প্ৰশাসনিক সেৱা পৰীক্ষা ; কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (চিটিইটি); অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ; বিভিন্ন মণ্ডলৰ ৰেলৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডে বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, বেংকিং খণ্ড আৰু অন্যান্য ইঞ্চিউৰেঞ্চ কোম্পানীৰ পৰীক্ষা বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, মেনেজমেণ্ট টেষ্ট (এম.এ.টি., চি.এ.টি. আদি), গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং(জি.এ.টি.ই.) , লগতে ৰাষ্ট্রীয় যোগ্যতা তথা প্রৱেশ পৰীক্ষা (এনইইটি) , যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইই) আদি প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতে শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্ৰী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে । শিক্ষাৰ্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। এই অভ্যাস পৰিহাৰ কৰিব লাগে। পাঠ্যপুথিৰ প্ৰতিটো শাৰী পঢ়িব লাগিব, ধাৰণাসমূহ বুজি ল’ব লাগিব আৰু মুখস্থ কৰিব লাগিব। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায় । কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কোচিং ল’বই লাগিব বুলি কোনো কথা নাই । শিক্ষাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকত সমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব ।

ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষাৰ্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব । শিক্ষাৰ্থীসকলে ইন্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব ।

ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। ম’ক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্ৰত্যাহ্বানজনক। শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে।

এই প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কিছুমানত সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , গাণিতিক সক্ষমতা (Mathematical ability) , বিচাৰ-বুদ্ধিৰ সক্ষমতা (Reasoning), ভাষা বুজা (Language Comprehension), মৌখিক সক্ষমতা (Verbal Ability), পৰিমাণগত সক্ষমতা (Quantitative ability) , বিশ্লেষণাত্মক দক্ষতা(Analytical Skills) আদি বিষয়সমূহৰ অনুশীলনো কৰাটো দৰকাৰ । প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে ৷ গতিকে শিক্ষাৰ্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে । শিক্ষাৰ্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্রস্তুতি চলালে এই প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.