মূল্য বৃদ্ধি বিৰুদ্ধে উপলুঙা মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । উভতি ধৰিলে কংগ্ৰেছৰ মূখপাত্ৰ ৰুণুমী দাসে ।

মূল্য বৃদ্ধি বিৰুদ্ধে উপলুঙা মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । উভতি ধৰিলে কংগ্ৰেছৰ মূখপাত্ৰ ৰুণুমী দাসে ।

 

বিশ্বনাথ ১৬ জুলাই :

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাক পাচলি তথা নিত্য ব্যৱহাৰ কৰা সামগ্ৰীৰ দাম মিঞাৰ কাৰণে বৃদ্ধি হৈছে ।একমাত্ৰ মিঞা বাবে হৈছে বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে এই মন্তব্য পিছতে জাঙুৰ খাই উঠিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰুণমী দাসে।
কংগ্ৰেছৰ মুখপাত্ৰ ৰুণমী দাসে আজি এক প্ৰেছ বিবৃতি জৰিয়তে এয়া দুভাৰ্গ্যজনক মন্তব্য আখ্যা দিয়ে । লগতে মুখপাত্ৰ গৰাকীয়ে কয়
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্য বৃদ্ধি ৰোধ কৰা বিপৰীতে উপলুঙা মন্তব্য ৰাইজৰ মাজত বিভান্তি সৃষ্টি কৰা বুলি হে প্ৰকাশ কৰে। লগতে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় নিত্য ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ পৰিৱৰ্তে মিঞাৰ কাৰণে বৃদ্ধি হৈছে বুলি যি বক্তব্য দিয়ে এয়া দুভাগ্য জনক । কিন্তু দৈনিক ৰাজ্যত চাউল ,ঘেহু,মাহ,খোৱাতেল, শাক-পাচলি আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা সকলো সামগ্ৰীৰ দাম বৃদ্ধি হোৱা ফলস্বৰূপে দুখীয়া লোকসকলে পুষ্টিকৰ খাদ্য খাবলৈ সামৰ্থ্য হোৱা নাই বুলি উল্লেখ কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।
আনহাতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য ৰোধ কৰা ক্ষেত্ৰত এক প্ৰকাৰে চিণ্ডিকেট চলাইছে বুলি উল্লেখ কৰে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাত আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পৰ্ণ ভাৱে বিফল হৈছে তাৰ স্পষ্ট ছবি দেখা গৈছে বুলি চৰকাৰ খনক কঠোৰ সমালোচনা কৰি যোগান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ ব্যৰ্থতা আৰু অসহায় দেখুৱালে সেয়া চৰম দুভাৰ্গ্যজনক আৰু লজ্জাজনক বুলি উল্লেখ কৰি চৰকাৰ খনক পদত্যাগৰ দাবী তুলে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.