বিহালী মিজিকাত ফুটবল প্ৰতিযোগিতাত লখিমপুৰৰ জয়লাভ

বিহালী মিজিকাত ফুটবল প্ৰতিযোগিতাত লখিমপুৰৰ জয়লাভ

বিশ্বনাথ জিলাৰ মিজিকাজান চাহবাগিচাত আজিৰ পৰা আৰম্ভ হৈছে চুইনলি মেম’ৰিয়েল ফুটবল প্ৰতিযোগিতা। নৱম সংখ্যক এই ফুটবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ ৮ টা ফুটবল দলে অংশগ্ৰহণ কৰিব। মিজিকাজান চাহ শ্ৰমিক, চাহ কৰ্মচাৰী আৰু যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত এই চুইনলি মেম’ৰিয়েল ফুটবল প্ৰতিযোগিতাখন আজি শুভাৰম্ভ কৰে বিহালীৰ বিধায়ক তথা প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত দত্তই। মিজিকাজান চাহ বাগিচাৰ খেলপথাৰত ৰঙাপাৰা ফুটবল একাদশ আৰু লখিমপুৰ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হোৱা আজিৰ এই উদ্বোধনী খেলখনত লখিমপুৰ ফুটবল একাদশে ৰঙাপাৰা ফুটবল একাদশক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে। আজিৰ এই খেলত বিধায়ক ৰঞ্জিত দত্তৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, মিজিকাজান চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক সহ প্ৰায় ১০ হাজাৰ লোকে খেল উপভোগ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.