ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ভক্তৰ সোঁত

ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ভক্তৰ সোঁত

তেজপুৰ, ৩১ জুলাই

শাওন মাহত ভগৱান শিৱক আৰাধনা কৰা হয় । এই শাওন মাহত ভক্তপ্ৰাণ লোকে দেশ-বিদেশৰ বিভিন্ন ঠাইত থকা শিৱ মন্দিৰ দৰ্শন কৰে আৰু নিজৰ মনোকামনা সিদ্ধিৰ বাবে বিভিন্ন ধৰণে শিৱৰ আৰাধনা কৰে ।

ইফালে ঐতিহাসিক তেজপুৰ মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত সোমবাৰে পুৱাৰ ২ বজাৰ পৰা বিভিন্ন ভক্তৰ সমাগম দেখা গৈছে অগণন অগণন ভক্তই বাবা শিৱ আশীৰ্বাদ বিচাৰি মহাভৈৰৱ মন্দিৰ দুৱা সন্মুখত শাৰী শাৰী পাতি থকা দেখা গ’ল।

উল্লেখযোগ্য যে তেজপুৰ মহাভৈৰৱ মন্দিৰ এছিয়াৰ বৃহৎ শিৱলিংগ থকা প্ৰসিদ্ধ শিৱ মন্দিৰ বুলি কোৱা হয়। প্ৰাচীন কালত শোণিতপুৰৰ ৰাজা বাণ ৰজাই এই মন্দিৰত পূজা অৰ্চনা কৰিছিল । কথিত আছে যে, বাণ ৰজাৰ জীয়ৰী ঊষায়ো ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল । মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱ লিংগ আছে । এই লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ আৰু ই সদায় আকাৰত ডাঙৰ হৈ থাকে ।

মহাভৈৰৱ মন্দিৰৰ এই শিৱ লিংগ এছিয়া মহাদেশৰ বৃহত্তম শিৱ লিংগসমূহৰ ভিতৰত লেখত ল’বলগীয়া ।

ইফালে শাওন মাহত ব’ল ব’ম কৰি স্থানীয় বিভিন্ন নদীৰ পৰা খোজ কাঢ়ি পুৱতি নিশা পানী আনি পুৱা শিৱৰ লিংগত দিয়ে । শিৱৰ লিংগত জলাভিষেক কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয় । ই এটা লোক বিশ্বাস । প্ৰবাদ মতে, এই সময়ত ভগৱান বিষ্ণু গভীৰ যোগ নিদ্ৰাত থাকে । সেইবাবে শাওন মাহত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ দায়িত্ব থাকে শিৱৰ ওপৰত । গতিকে শাওন মাহত যাতে শিৱ অসন্তুষ্ট নহয়, সেই কাৰণে শাওন মাহত শিৱক আৰাধনা কৰা হয় ।

শাস্ত্ৰত উল্লেখ আছে যে, যেতিয়া এবাৰ দেৱতা আৰু দানৱসকলৰ বাবে সাগৰ মন্থন কৰিছিল, তেতিয়া নিৰ্গত হৈছিল বিহ । সেই বিহৰ পৰা সমগ্ৰ জগতক ৰক্ষা কৰিবৰ কাৰণে শিৱই হলাহলে সেই বিহপান কৰিছিল ৷ যাৰ বাবে শিৱৰ কণ্ঠটো নীলা হৈ পৰিছিল আৰু সেইবাবেই শিৱক নীলকণ্ঠ বুলি জনা যায় ।এই বিহপান কৰাৰ সময়ত সমগ্ৰ দেৱ-দেৱীয়ে শিৱৰ শিৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল ৷ যাতে শিৱই পান কৰা বিহ মুক্ত হৈ যায় । জনশ্ৰুতি মতে, সেই সাগৰ মন্থনৰ সময়ত এই শাওন মাহ আছিল আৰু তেতিয়াৰ পৰাই শিৱক জলাভিষেক কৰোৱা হয় ।
বিভিন্ন নদ-নদীৰ পৰা ভক্তসকলে শিৱৰ বাবে পানী খালি ভৰিৰে আনি শিৱৰ লিংগত জল প্ৰদান কৰে ফলত ভক্তৰ মনৰ আশা সম্পূৰ্ণ হয় বুলি ধাৰণা কৰা হয় ৷ আনহাতে ভক্ত সকলে যাতি কোনো অসুবিধা সন্মুখীন নহয় তাৰে বাবে মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ব্যৱস্থা ভক্ত বাবে সাজু কৰি ৰখা বুলি প্ৰকাশ কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য ভূঞাই। ভূঞাই প্ৰকাশ কৰে যে মহাভৈৰৱ মন্দিৰ সন্মুখত পুৱা ২ বজাৰ পৰাই ভক্ত ভিৰ হয় বুলি উল্লেখ কৰে। আনহাতে যিহেতু বল ব’ম চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰাপ্ত পৰা ভক্ত আহে সেই বাবে পুৱা ৪ বজাতে মন্দিৰ গেট খোলা হয় য’ত ভক্ত সকলৰ বাবে পুৱা ৪ বজা পৰাই পূজা অৰ্চনা কৰিবলৈ সুবিধা লাভ কৰে।
ইফালে দিনৰ ভাগত ভক্ত সকলৰ বাবে ভোগৰ ব্যৱস্থা থাকে বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.