শেহতীয়া আপডেটঃ

বিশ্বনাথত কেন্দ্ৰীয় কৰম উদযাপন মুকলি ঝুমইৰ পৰিৱেশন আৰু বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি

♦ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণঃ উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত বিভিন্ন জাতীয় সংগঠন তথা ৰাইজৰ সহযোগত কেন্দ্ৰীয় কৰম উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে৷ বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰত ৩, ৪, ৫, ৬, ৭, আৰু ৮ অক্টোবৰ তাৰিখে ৬দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব কৰম পৰব৷ অনুষ্ঠানটিৰ বাবে ইতিমধ্যে মঞ্চ, তোৰণ নিৰ্মাণকে ধৰি অন্যান্য যাৱতীয় প্ৰস্তুতি চলি আছে৷

আনহাতে পাছ সহস্ৰাধিক নাচনীৰে ঝুমইৰ নৃত্য পৰিৱেশন কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত নাচনী ঢুলীয়া সকলে গীত-নৃত্য পৰিৱেশন কৰাৰ অনুশীলন আৰম্ভ কৰিছে৷ ইতিমধ্যে জানিব পৰা মতে ৩ অক্টোবৰৰ পৰা পুৱাৰ ভাগত কৰমতী সকলৰ দ্বাৰা জাৱা উঠা পৰ্বৰ পাছত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে স্বচ্ছতা অভিযানৰ উদ্ধোধন কৰিব৷ ৯ বজাত জ্যেষ্ঠ অধিবক্তা কুমুদ বৰুৱাৰ দ্বাৰা গছপুলি ৰোপন কৰা কাৰ্যসূচীৰ উদ্ধোধন কৰিব৷

একেদৰে ৪ অক্টোবৰ তাৰিখে পুৱাভাগৰে পৰা পৰাই ক্ৰমে স্বচ্ছতা অভিযান, গছপুলি ৰোপণ কাৰ্যসুচীৰ ৰোপক হিচাবে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা অংশগ্ৰহণ কৰিব৷ আবেলি ২.৩০ বজাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মঞ্চ মুকলি কৰিব৷ আবেলি ৩ বজাত চাদী গীত, ৪ বজাত টুচুগীত প্ৰতিযোগিতা আৰু সন্ধ্যাৰ লগে লগে জাৱা জাগৰণ পৰ্ব আৰম্ভ হ’ব৷ একেদৰে ৫ অক্টোবৰত স্বচ্ছতা অভিযানৰ পাছতেই বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ দ্বাৰা গছপুলি ৰোপন কৰা কাৰ্যসূচী আৰম্ভ কৰা হ’ব৷ দিনৰ ১১বজাৰ পাছৰে পৰা থিতাতে লিখা কবিতা, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতা, আল্পনা প্ৰতিযোগিতা, জাহলী গীত প্ৰতিযোগিতা হ’ব বুলি জানিব পৰা গৈছে৷ সন্ধিয়া ৬ বজাৰ লগে লগে জাৱা জাগৰণ পৰ্ব আৰম্ভ হ’ব৷ ৬ অক্টোবৰত একে কাৰ্যসুচী বাহাল থকা নিচুকনি গীত, নাটুৱা নৃত্য প্ৰতিযোগিতাৰ অন্তত জাৱা জাগৰণ হব৷

পিছৰ দিনাখন সাংসদ পল্লৱলোচন দাসে মুল তোৰণ উদ্ধোধন কৰাৰ পাছত ৯.৩০ বজাৰ লগে লগে উত্তৰ অসম চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ভোলাৰাম ৰাউতীয়াই পতাকা উত্তোলন কৰিব৷ শ্বহীদ তৰ্পণ কৰিব সাধাৰণ সম্পাদক দিগন্ত ঘাটোৱাৰে৷ ১১বজাত উদযাপন সমিতিৰ সম্পাদকদ্বয় অনন্ত সোনা আৰু সুনীল টুটিয়ে কাৰ্যালয় উদ্ধোধন কৰিব৷ বিশ্বনাথ মহকুমা চিকিৎসা বিষয়া ডাঃ দুলুমনি শইকীয়াই চিকিৎসা সেৱা কেন্দ্ৰৰ মুকলি কৰা কাৰ্যসূচীৰ পাছতে বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিব৷

বিয়লি ৪ বজাৰ লগে লগে সাধাৰণ সম্পাদক দিগন্ত ঘাটোৱাৰৰ আঁতধৰা সভাত সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সন্ধ্যা ৬বজাত বিশিষ্ট কবি সোমেশ্বৰ ওৰাংৰ দ্বাৰা কৰমডাল স্থাপন আৰু পূজা আৰম্ভ কৰা হ’ব৷ সন্ধ্যা ৭ বজাত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত ড° নেহা যাদৱে মঞ্চ মুকলি কৰিব৷ আখড়া বন্দনা আৰু আখড়া মুকলি কৰিব অসম চৰকাৰৰ শ্ৰম আৰু কল্যানমন্ত্ৰী সঞ্জয় কিষানে৷ মুল কাৰ্যসূচীত সদৌ অসম ভুমিজ সমাজৰ সম্পাদক ৰূপনাথ ভুমিজে কৰম ডাল বিসৰ্জন কৰা পৰ্বৰ আঁত ধৰিব৷ তৎপশ্চাৎ স্বচ্ছতা অভিযানৰ পাছত গছপুলি ৰোপনৰ কাৰ্যসূচী ৰোপক হিচাবে অংশগ্ৰহণ কৰিব বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা৷

দিনৰ ১১বজাত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধক হিচাবে উপস্থিত থাকিব ৷ আবেলি ২ বজাত উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ভোলাৰাম ৰাউতীয়াৰ সভাপতিত্বত আৰু সম্পাদক দিগন্ত ঘাটোৱাৰৰ আঁত ধৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াব উদযাপন সমিতিৰ সভাপতি পল্লৱলোচন দাসে৷ পৰৱৰ্তী সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাৰ দ্বাৰা গৌতম গোৱালা আৰু ৰমেশ চন্দ্ৰ চৰেণ’ৰ যুটীয়া সম্পাদনাত ‘অমন’ নামৰ স্মৃতিগ্ৰন্থখন উক্ত মুকলি সভাত উন্মোচন কৰিব৷ তাৰপাছতেই পাছ সহস্ৰাধিক নাচনীৰে ঝুমইৰ নৃত্য পৰিৱেশন কৰা হ’ব৷ এই ঐতিহাসিক নৃত্য পৰিৱেশন অনুষ্ঠানটি মুকলি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ৰাইজলৈ সম্বোধি ভাষণ ৰাখিব মুখ্যমন্ত্ৰী গৰাকীয়ে৷

বিশিষ্ট অতিথি হিচাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সকল ক্ৰমে অশোক সিংহাল, অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, পিয়ুষ হাজৰিকা, সঞ্জয় কিষান, বিমল বৰা, বি.টি.চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, সাংসদ প্ৰদান বৰুৱা, দিলীপ শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, বিধায়ক সকল ক্ৰমে পদ্ম হাজৰিকা, ৰঞ্জিত দত্ত,উৎপল বৰা, ৰূপজ্যোতি কুৰ্মী, তেৰচ গোৱালা, ৰূপেশ গোৱালা, পৃথ্বীৰাজ ৰাভা, গনেশ লিম্বু, কৃষ্ণকমল তাঁতি, অমিয় কুমাৰ ভুঞা, মানৱ ডেকা, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ, প্ৰবীন হাজৰিকাৰ উপৰিও এ.বি.আই.টি.এ অধ্যক্ষ মহেন্দ্ৰ শ্বেখাৱত অংশগ্ৰহণ কৰিব৷ আনহাতে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা, আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ বৰুৱা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰধান সম্পাদক সঞ্জীৱ কৈৰী, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কোঁৱৰ, অসম চাহ জনজাতি মহিলা সমিতিৰ সভানেত্ৰী মিচিমি ধান, সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমৰম বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব৷

আমন্ত্ৰিত অতিথি ৰূপে বিশ্বনাথ জিলা অতিৰিক্ত আয়ুক্ত ড° নেহা যাদৱ, জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাকে ধৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া সকল উপস্থিত থকাৰ কথা জানিব পৰা গৈছে৷ সন্ধিয়াৰ ভাগত ঝুমইৰ গুৰু ভদ্ৰ ৰাজোৱাৰে সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব৷ সেয়েহে সকলোৰে সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে মুখ্য উদ্যোক্তা সমিতি আৰু উদযাপন সমিতিৰ বিষয়ববীয়া সকলে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.