শেহতীয়া আপডেটঃ

অসম চৰকাৰৰ সৈতে পূৰবী ডেইৰীৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰৰ সৈতে পূৰবী ডেইৰীৰ চুক্তি স্বাক্ষৰ

অসম খবৰ গুৱাহাটী ২২ জুলাই, ২০২৪:

পূৰবী ডেইৰী নামেৰে খ্যাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)য়ে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ (ডি অ’ ডি ডি) সৈতে শেহতীয়াকৈ এক চুক্তি স্বাক্ষৰ কৰে। অসম চৰকাৰৰ দুগ্ধ উন্নয়ন সঞ্চালিকা  অনুসূয়া শৰ্মা আৰু ৱামুলৰ পৰিচালন সঞ্চালক  সমীৰ কুমাৰ পৰিদাই স্বাক্ষৰ কৰা এই চুক্তিৰ জৰিয়তে পূৰবী ডেইৰীয়ে ধেমাজিস্থিত ডিঅ’ডিডিৰ অধীনস্থ দৈনিক ৫,০০০ লিটাৰ ক্ষমতাসম্পন্ন দুগ্ধ প্ৰকল্পটো পৰিচালনা কৰিব।

এই সহযোগিতাৰ লক্ষ্য হৈছে উজনি অসমত পূৰবী গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰা আৰু অঞ্চলটোৰ সমবায় দুগ্ধ খণ্ডক শক্তিশালী কৰি তোলা। এই পদক্ষেপে উৎপাদকসকলক ব্যাপক প্ৰশিক্ষণ আৰু বিকাশৰ সুযোগ প্ৰদান কৰাৰ সমান্তৰালকৈ নতুন বজাৰ মুকলিৰ জৰিয়তে গুৰুত্বপূৰ্ণ উপাৰ্জনৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

“উজনি অসমৰ দুগ্ধ খণ্ডৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই চুক্তিখন গ্ৰহণ কৰা হৈছে। ধেমাজি দুগ্ধ প্ৰকল্পটো পৰিচালনাৰ দ্বাৰা আমি সমগ্ৰ অঞ্চলটোত পূৰবী গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰিব পাৰিম বুলি যথেষ্ট আশাবাদী।”- ৱামুলৰ পৰিচালন সঞ্চালক  সমীৰ কুমাৰ পৰিদাই কয়।

ধেমাজিত এই নতুন প্ৰকল্প স্থাপনৰ ফলস্বৰূপে গুৱাহাটীস্থিত পূৰবী ডেইৰীৰ মুখ্য প্ৰকল্প কেন্দ্ৰৰ পৰা হোৱা পৰিৱহণ ব্যয় আৰু সময় হ্ৰাস হোৱাৰ উপৰি উজনি অসম অঞ্চলত সতেজ দুগ্ধ যোগান ব্যৱস্থাৰো উন্নত হ’ব।

ধেমাজি দুগ্ধ প্ৰকল্পত কাৰ্যকলাপ শীঘ্ৰেই আৰম্ভ হ’ব আৰু উজনি অসমত দুগ্ধ খণ্ডৰ বিকাশত এক গুৰুত্বপূৰ্ণ বৃদ্ধি সূচিত হ’ব। অসমৰ দুগ্ধ খণ্ডৰ বাবে অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰা প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ উচ্চাভিলাষী লক্ষ্য প্ৰাপ্তিৰ দিশত এয়া হৈছে এক সঠিক পদক্ষেপ।

দুগ্ধ উন্নয়ন সঞ্চালকালয়ে ৰাজ্যখনত দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে আৰু ধেমাজি প্ৰকল্পৰ পৰিচালনাৰ বাবে ৱামুল (পুৰবী ডেইৰী)ৰ সৈতে স্বাক্ষৰ কৰা চুক্তি এই পদক্ষেপসমূহৰ ভিতৰত অন্যতম। সঞ্চালকালয়ে ৱামুলৰ দক্ষতা আৰু সাধন ব্যৱহাৰ কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰা, যোগান শৃংখলা দক্ষতা উন্নত কৰা আৰু স্থানীয় কৃষকসকলৰ বাবে উন্নত বজাৰৰ প্ৰৱেশাধিকাৰ তথা প্ৰশিক্ষণৰ ব্যৱস্থা বিকশিত কৰাৰ উদ্দেশ্য আগত ৰাখি ধেমাজি প্ৰকল্পটো পৰিচালনা কৰিবলৈ পুৰবী ডেইৰীক এক্তিয়াৰ প্ৰদান কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.