শেহতীয়া আপডেটঃ

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব ::
বিহালীৰ বিধায়ক হোৱা সপোন :: প্ৰত্যাশিৰ শীতল যুদ্ধ :: শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো অনুসূচিত জাতিৰ নেতাৰ এটাই মিচন বিহালী চ’লৈ ::

অসম খবৰ  প্ৰতিবেদন  ২৬ জুলাই ::

২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে উত্তৰ অসমৰ এটা সমষ্টিৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰা পৰিলক্ষিত হৈছে

উত্তৰ অসমৰ শাসকীয় দল বিজেপিৰ দখলত থকা বিহালী সমষ্টিৰ।
আগন্তুক ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ মন মেলিছে কোৰিও অধিক নেতাই। বিগত ২৫ বছৰে উত্তৰ অসমৰ শক্তিশালী বিজেপি নেতা ৰঞ্জিত দত্তই দখল কৰি থকা সমষ্টিতৰ ৰঞ্জিত দত্তৰ শোণিতপুৰ লোক সভা সংসদীয় আসন খনত প্ৰতিদ্বন্দিতা কৰাত আসন বিধায়ক পদ পৰা এৰি দিব লগাত পৰৱৰ্তী ২০২৪ চনত শাসকীয় দল বিজেপিয়ে জয় লাভ কৰি নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। বৰ্তমান সমষ্টিতো বিজেপি বিধায়ক দিগন্ত ঘাটোৱালৰ হাতত আছে যদিও বেছি দিন নাই ২০২৬ চনৰ নিৰ্বাচনলৈ।

ইফালে যিমানেই ২০২৬ চন কাষ চাপি আহিছে সিমানেই এতিয়া সমষ্টিটোলৈ অনুসূচীত জাতি একাংশ নেতা বাহৰ পাতিবলৈ আৰম্ভ কৰিছে । আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ । যাৰ ফলত এতিয়া সমষ্টিতো মৃতকৰ ঘৰত, ক্ৰিকেট খেল পথাৰত, ফুটবল খেল পথাৰত আদিত নেতাৰ ভিৰ দেখা গৈছে। সকলোৰে এটাই সপোন কেনেকৈ এবাৰলৈ হ’লেও বিধায়ক হৈ ৰাইজৰ ধন লুটপাট কৰি পাহাৰৰ সদৃশ সম্পত্তি গঢ়িব পাৰে। ইফালে দেখা গৈছে ৰাজনীতি দল সমূহৰ নিজৰ পাৰ্টিৰ মাজতে প্ৰাৰ্থীত্বক লৈ খোৱা- কামুৰ । সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰাৰ পাছৰে পৰাই যেন অনুসূচীত জাতিৰ নেতা পালি নেতাৰ লানি নিচিঙা উজান আহিছে বিহালীত।

শদিয়াৰ পৰা ধুবুৰীলৈকে যদি কোনো অনুসূচীত জাতিৰ উঠি নেতা বহি নেতাই কেনেবাকৈ গোন্ধ পাইছে টালি-টোপোলালৈ বিহালী চ’লৈ অভিযান আৰম্ভ কৰা দেখা গৈছে

কোনোবা নেতাই যদি আৰিমত্ত ৰজাৰ পুখুৰী বিচাৰি নিজক অনুসূচীত জাতিৰ নায়ক সজাৱ বিচাৰিছে, আন আকৌ কোনোবাই ঘৰে ঘৰে গৈ গামোচা পিন্ধাই নেতা বুলি হুঁচৰি গাইছে,আকৌ কোনোৱে আকৌ বিয়া সভা,খেল পথাৰ, মৃতকৰ গৃহত গৈ সেৱা জনোৱা দেখা গৈছে । তাৰ ওপৰিও বিভিন্ন কৌশলেৰে বিহালী সমষ্টিৰ ৰাজহুৱা সভা সমিতি কি দৰে উপস্থিত থাকিব পাৰি তাৰ বিভিন্ন কৌশল অৱল্বমন কৰা লগতে কিছু টকা একাংশ যুৱকক আৰ্থিক সাহাৰ্য আগবঢ়াই ৰাইজৰ আদৰৰ হোৱাৰ প্ৰয়াস কৰিছে।

মুঠতে দূৰ বটিয়া ৰাস্তা অতিক্ৰম কৰি আহি বিহালীত বিদেশত আপোন মানুহ বিচৰা দি আকাশ বতাহ একাকাৰ কৰিছে । উদ্দেশ্য মাথোঁ এটাই ২০২৬ ত বিহালীৰ বিধায়ক হোৱাৰ। পিছে কুৰি অধিক নেতা উজান আহিলেও বিহালীৰ বিধায়ক মাথোঁ এজনহে হ’ব পাৰিব যিকোনো ৰাজনীতি দলৰ পৰা পাৰ্টি জাতি নেওচি নিজৰ মাজতে অৰিয়াঁ অৰি। কিন্তু তাৰ বিপৰীতে শাসক বিৰোধী বিজেপি, কংগ্ৰেছ কোনেও এতিয়া ঠিৰাং কৰিব পৰা নাই কাক বিহালীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিব।

সেয়ে সকলোকে অলিম্পিকত দৌৰাদি দৌৰি টিকট ল’বলৈ মেলি দিছে বিহালীৰ ৰাজনৈতিক চৌহদত। পিছে কিছু নেতা এই দৌৰত জয়ি হয় নহয় তাক লৈ সন্দেহ সেয়ে বিকল্প হিচাপে দুই তিনি চাৰি সকলো ৰাজনীতি দলৰ লগত সম্পৰ্ক ৰাখিছে।

যদি বিজেপি টিকট দিয়ে বিজেপি,কংগ্ৰেছে দিলে কংগ্ৰেছী নহ’লে ABC যি দলেই নহওঁক সকলো নীতি আদৰ্শ গ্ৰহণৰ বাবে সাজু এই সকল নেতা।এই টিকট পোৱা নোপোৱাৰ প্ৰতিযোগিতাত বহু লোক শীতল যুদ্ধত লিপ্ত হোৱা দেখা গৈছে।
বিজেপি নেতা চিৰঞ্জীৱ পাঠক কিছু দিন ধৰি বিহালী সমষ্টিৰ ৰতোৱাত বাহৰ পতা দেখা গৈছে‌। লগতে বিজেপিৰ মুখ্য দাবীদাৰ বুলি এক সূত্ৰই জানিবলৈ দিয়ে । লগতে বিহালীৰ বিভিন্ন স্থানত বিভিন্ন কামৰ মাজেৰে ৰাইজৰ মাজত থিতাপি লবলৈ চেষ্টা চলোৱা দেখা গৈছে। ইফালে বিহালী সমষ্টিৰ ৰাংছালী নিবাসী প্ৰশাসনিক বিষয়া অজয় সিনহা,ৰাংছালী নিৱাসী অৰূপ কুমাৰ দাস,ৰাংছালী নিবাসী সংগ্ৰামী নেতা সিংহজিৎ হাজৰিকা, উচ্চ শিক্ষিত ব্যক্তি তথা শিক্ষক ডম্বৰু দাস, গাংমৌ থানৰ মুনিন্দ্ৰ দাস, দেৱ কুমাৰ দাসক ধৰি এই সকলৰ ভিতৰত কেইবাজনো নেতাই  বিহালীত যোৱা কেইবাদিন ধৰি  অনুসূচীত জাতি লোকৰ সকলৰ মাজত সভা সমিতি আয়োজন কৰা লগতে  বিজেপি দলীয় কাম কাজত সক্ৰিয় হোৱা দেখা গৈছে  মুনিদ্ৰ দাস, অৰুপ কুমাৰ দাসক ।  ইফালে  হঠাৎ কেইবাজনো নেতা আন জিলাৰ পৰা আহি  বিহালীত ভূমুকি মৰাই কাৰ্যই এতিয়া একাংশ লোকে কব খুজে আগন্তুক ২০২৬ নিৰ্বাচনলৈ এয়া ধূমকটু  ছবিৰ আগমন।

ইফালে আন এক সূত্ৰ অনুসৰি  ইয়াৰ ভিতৰত অধিকাংশই নিজকে দাবী কৰে বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব।কিন্তু ভিতৰি ভিতৰি যেন ইজনে সিজনৰ চকুৰ কোটা দাঁতৰ শোল। আনহাতে কিছু কিছু নেতাই বিকল্প সন্ধান কৰি ৰখাও তথ্য পোৱা   গৈছে‌।যদি বিজেপিত প্ৰাৰ্থীত্ব নিদিয়ে তেন্তে কংগ্ৰেছ জিন্দাবাদ,মানে দুই নাৱত দুই ভৰি।

ইফালে আকৌ বিহালী কংগ্ৰেছটো যুদ্ধ খনত দেখা গৈছে এজন উচ্চ শিক্ষিত তথা বিহালী মহাবিদ্যালয় প্ৰবক্তা মদন সেনক। মদন সেনেও যোৱা কেইবাদিন ধৰি সমষ্টিতো বিভিন্ন অঞ্চলত দলীয় কাম কৰা কৰি সক্ৰিয় হোৱা দেখা গৈছে। আন এক খবৰ অনুসৰি বিহালী ৰাংছালী নিবাসী অজয় সিংহাক কংগ্ৰেছ দলে দলটোত দায়িত্ব লবলৈ বিহালী তৃণমূল কংগ্ৰেছ কৰ্মীয়ে আহ্বান জনোৱা ও দেখা গৈছে কিন্তু এই মূহুৰ্তলৈকে অজয় সিংহাই কোনটো দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব সেই কথা কোৱা ৰাজহুৱা সভাত স্পষ্ট কৰা  নাই যদি ও যোৱা এটা দশক ধৰি বিহালী সমষ্টিত সমাজৰ হৈ কাম কৰা দেখা গৈছে অজয় সিংহাক।

ইফালে বিহালী সমাজ সেৱক ৰুপটি দাসকে ধৰি কেইবাজনো নেতাই  কংগ্ৰেছৰ দলৰ  টিকট বাবে একাংশ কংগ্ৰেছৰ নেতা সৈতে  উঠা বঢ়া কৰক বুলি একাংশ লোকে  প্ৰকাশ কৰিছে  যদিও প্ৰকৃততে ৰূপটি দাসে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিব নে ? বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা  কৰিব সেৱা বৰ্তমানো ও স্পষ্ট হোৱা নাই যদিও একাংশ লোকে বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰকাশ কৰে।  আনহাতে আন আন নেতা সকলে বিহালী সমষ্টিৰ বিভিন্ন স্থানত নিজকে বিধায়ক হোৱা সপোন দেখি নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ থকা বিপৰীতে বিহালী সমষ্টিৰ যুৱ সাংবাদিক শ্ৰীমন্ত দাস যোৱা কেইবা দিন ধৰি গুৱাহাটীত বাহৰ পাতি ৰাজ্যৰ ৰাজনীতি কেইবাজনো নেতা সৈতে যোগাযোগ কৰা  তথ্য পোহৰলৈ আহিছে।

বিশেষকৈ উজনি অসমৰ শাসকীয় দলৰ এজন মন্ত্ৰী সৈতে সঘনাই উঠা বঢ়া আৰু গুৱাহাটীৰ কেইবাজনো বিজেপি ৰাজ্যিক নেতা, গণ পৰিষদৰ নেতাৰ,RSS মানুহৰ লগত সঘনাই উঠা বঢ়া কৰা তথ্য পোহৰলৈ আহিছে যদিও স্পষ্ট হোৱা নাই সেৱা আচলতে ৰাজনীতি উদ্দেশ্য নে আন কি উদ্দেশ্য ।

যি নহয় যিহেতু যুৱক সাংবাদিক গৰাকী অনূসুচীত জাতি লোক হোৱা লগতে বিগত সময় চোৱাত বিহালীত সংবাদ সেৱা, জাতীয়তাবাদী  সংগঠনৰ নেতৃত্বত দি অহালৈ লক্ষ্য কৰিলে সহজে অনুমান কৰিব পাৰি যে সেয়া নিশ্চয় ৰাজনীতি উদ্দেশ্য হ’ব।
সি যি কি নহওক এতিয়া সময়তহে দেখা যাব কোনে বিহালীৰ লেবেল ওৱান পাৰ হৈ বিধায়কৰ টিকট পাই ফাইনেল খেলত নামি জয় লাভ কৰি বিধায়ক দিগন্ত ঘাটোৱালৰ উত্তৰাধিকাৰী হ’ব সেইটো হ’ব লক্ষ্যণীয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.