শেহতীয়া আপডেটঃ

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

বিভিন্ন উইং তথা বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তিৰ বাবে শিক্ষাগতৰ অর্হতা বিভিন্ন তথা অভিজ্ঞতা লাগে। কিছুমান পদত ডেপুটেচন ভিত্তিত নিযুক্তি দিয়ে।

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ
● ড° বুলজিৎ বুঢ়াগোহাঁই

ডাইৰেক্টৰ জেনেৰেল (Director General) হ’ল অল ইণ্ডিয়া ৰেডিঅ’ৰ প্রশাসনিক মূৰবী। আকাশবাণীৰ নেটৱকত ২৭৭ টা ষ্টেছন আৰু ৪৩২টা ব্রডকাষ্ট ট্রান্সমিটাৰ, ২৩৬ টা এফ এম আৰু ৪৮ টা শ্ব’র্ট রেভট্রান্সমিটাৰ আছে। আকাশবাণীৰ বিভিন্ন উইং (Wing) বোৰ হ’ল- প্ৰগ্ৰেম উইং (Programme Wing), ইঞ্জিনিয়াৰিং উইং (Engineering Wing), এডমিনিস্টেটিভ উইং (Administrative Wing), ছিক ‘ৰিটি উইং (Security Wing), অডিয়েন্স বিছাৰ্চ উইং (Audience Research Wing) আদি। ইয়াৰোপৰি আন কিছুমান বিভাগ হ’ল – নিউজ ছার্ভিছ ডিভিজন (News Service Division), এ’টানেল ছার্ভিছ ডিভিজন (External Services Division), ট্রেন্সক্রিপছন এণ্ড প্রগ্রেম এ চেঞ্জ ছার্ভিছ (Transcription and Programme Exchange Service), বিছাৰ্চ ডিপার্টমেন্ট (Research Department), চেন্টেল ষ্ট’ৰ অফিচ (Central Store Office), ষ্টাফ ট্রেইনিং ইনষ্টিটিউট (প্রগ্রেম) (Staff Training Institute (Pogramme)), ষ্টাফ ট্রেইনিং ইনষ্টিটিউট (টেকনিকেল) (Staff Training Institute (Technical)) আদি। এই উইং তথা বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদসমূহৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।

প্রগ্রেম উইং (Programme Wing): প্রগ্রেম উইঙত ডাইৰেক্টৰ জেনেৰেলক এডিছনেল ডাইৰেক্টৰ জেনেৰেলসকলে মুখ্য কায্যালয় আৰু আঞ্চলিক কায্যালয়সমূহত সহায় কৰে।

ইঞ্জিনিয়াৰিং উইং (Engineering Wing): ইঞ্জিনিয়াৰিং উইঙত ডাইৰেক্টৰ জেনেৰেলক ইঞ্জিনিয়াৰ-ইন-চীফ আৰু এডিছনেল ডাইৰেক্টৰ জেনেৰেল (ই) সকলে মুখ্য কায্যালয় আৰু আঞ্চলিক কায্যালয়সমূহত সহায় কৰে।

এডমিনিস্ট্রেটিভ উইং (Administrative Wing): এডমিনিস্টেটিভ উইঙত ডাইৰেক্টৰ জেনেৰেলক এজন এডিছনেল ডাইৰেক্টৰ জেনেৰেল (এডমিনিস্টেছন) আৰু এজন ডেপুটি ডাইৰেক্টৰ জেনেৰেল (এডমিনিস্টেছন এণ্ড ফাইনেছ)য়ে এডমিনিস্টেছন আৰু ফাইনেছত সহায় কৰে। আনহাতে, এডিছনেল ডাইৰেক্টৰ জেনেৰেল (প্রগ্রেম)য়ে ডাইৰেক্টৰ জেনেৰেলক প্রগ্রেম পাৰচলে পৰিচালনা কৰাত সহায় কৰে।

ছিক’ৰিটি উইং (Security Wing): ছিক’ৰিটি উইঙত এজন ডেপুটি ডাইৰেক্টৰ
জেনেৰেল (ছিক’ৰিটি), এজন এছিষ্টেন্ট ডাইৰেক্টৰ জেনেৰেল (ছিক’ৰিটি) আৰু এজন ডেপুটি ডাইৰেক্টৰ (ছিক’ৰিটি) থাকে।

অডিয়েন্স ৰিছাৰ্চ উইং (Audience Research Wing): অডিয়েন্স বিছার্চ উইঙটিৰ প্ৰধান হ’ল ডাইৰেক্টৰ অডিয়েন্স ৰিছাৰ্চ।

নিউজ ছার্ভিছ ডিভিজন (News Service Division): এই ডিভিজনৰ প্রধান হ’ল ডাইৰেক্টৰ জেনেৰেল নিউজ ছাৰ্ভিছ। ভাৰতীয় আৰু বিদেশী ভাষাত মুঠ ৬৪৭ খন নিউজ বোলেটিন প্ৰচাৰ হয়। ৪৪ টা আঞ্চলিক নিউজ ইউনিট আছে। যিসকলে ভাৰতীয় বিভিন্ন ভাষা তথা বিদেশী ভাষা জানে, তেওঁলোকে এই ডিভিজনত চাকৰিৰ বাবে আবেদন কৰিব পাৰে।

এক্সট্ৰানেল ছার্ভিছ ডিভিজন (External Services Division): এই ডিভিজনে ১৬টা ভাৰতীয় ভাষা আৰু ১১টা বিদেশী ভাষাত মুঠ ১০০ দেশত কায্যসূচী প্ৰচাৰ কৰে। যিসকলে ভাৰতীয় বিভিন্ন ভাষা তথা বিদেশী ভাষা জানে, তেওঁলোকে এই ডিভিজনত চাকৰিৰ বাবে আবেদন কৰিব পাৰে।

ট্রেন্সক্রিপছন এণ্ড প্রগ্রেম এ’চেঞ্জ ছার্ভিছ (Transcription and Programme Exchange Service) : এই বিভিন্ন ষ্টেছনৰ পৰা বিভিন্ন সা-সজুলি আদান-প্রদান কৰে।

ৰিছার্চ ডিপার্টমেন্ট (Research Department): এই ডিপার্টমেণ্টৰ যোগেদি আকাশবাণীৰ বাবে দৰকাৰী সামগ্ৰীৰ বিষয়ে গৱেষণা কৰা হয়।

চেন্টেল ষ্ট’ৰ অফিচ (Central Store Office): আকাশবাণীৰ চেন্টেল ষ্ট’ৰ অফিচ নিউ দিল্লীত আছে আৰু এই অফিচে আকাশবাণীৰ বাবে আৱশ্যক হোৱা সামগ্রী কিনা, জমা ৰখা আৰু আঞ্চলিক আকাশবাণী কেন্দ্ৰবোৰলৈ বিতৰণ কৰে।

ষ্টাফ ট্রেইনিং ইনষ্টিটিউট (প্রগ্রেম) (Staff Training Institute(Pogramme)) : এই ইনষ্টিটিউটত আকাশবাণীৰ প্ৰগ্ৰেম পাৰচনেল আৰু এডমিনিস্টেটিভ ষ্টাফক প্রশিক্ষণ দিয়ে।

ষ্টাফ ট্রেইনিং ইনষ্টিটিউট (টেকনিকেল) (Staff Training Institute (Technical)): এই ইনষ্টিটিউটত আকাশবাণীৰ ইঞ্জিনিয়াৰিং ষ্টাফক প্রশিক্ষণ দিয়ে।

আকাশবাণীৰ বিভিন্ন উইং তথা বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তিৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ৰ ৱেবছাইট (http://allindiaradio.gov.in) লগতে এমপ্লয়মেন্ট নিউজ আৰু বাতৰি কাকতত বিজ্ঞাপন প্রকাশ হয়।

বিভিন্ন উইং তথা বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তিৰ বাবে শিক্ষাগতৰ অর্হতা বিভিন্ন তথা অভিজ্ঞতা লাগে। কিছুমান পদত ডেপুটেচন ভিত্তিত নিযুক্তি দিয়ে। কিছুমান পদত ঠিকা ভিত্তিত নিযুক্তি দিয়ে আৰু কিছুমান পদত স্থায়ী ভিত্তিত নিযুক্তি দিয়ে। আকাশবাণীৰ কিছুমান পদৰ নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচাৰ ভাৰতীয়ে পৰীক্ষা পৰিচালনা কৰে। কিছুমান পদৰ নিযুক্তিৰ বাবে ষ্টাফ ছিলেকচন কমিছনে পৰীক্ষা পৰিচালনা কৰে আৰু কিছুমান পদৰ নিযুক্তিৰ বাবে আকাশবাণী কেন্দ্রবোৰে নিজাকৈ বাচনি কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.