কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা 

 

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা 

বিশ্বনাথ ৩০ জুন :
বুুুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷

লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা হয়৷ চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হয় নিৰীক্ষকৰ৷

আজি কেবিনেট বৈঠকত আৰক্ষী কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শকলৈকে সকলোকে বাধ্যতামূলক এমাহৰ ছুটী দিয়াৰ লগতে পৰিয়ালৰ লগত থকাসকলৰ বাবে ১০ দিনৰ ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ইয়াৰ উপৰি সমবায় সমিতিলৈ বছৰি ৫ লাখকৈ মঞ্জুৰি দিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷পৰিবহণৰ ঠিকাৰ বাবে সমবায় সমিতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ বহুওৱাৰ নিৰ্দেশ দিয়ে কেবিনেটে৷ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.