শেহতীয়া আপডেটঃ

যাদুৰ দেশ মায়ঙক লৈ নিৰ্মান হ’ব প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ

যাদুৰ দেশ মায়ঙক লৈ নিৰ্মান হ’ব প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ


প্ৰতিবেদক, মায়ং,১৭ডিচেম্বৰ:

যাদুৰ দেশ মায়ঙক লৈ যে কিমান কথা কিমান ৰহস্য কিমান গৌৰৱ।সমগ্ৰ বিশ্বতে যাদুৰ দেশ হিচাপে খ্যাত মায়ং।এই মায়ঙক লৈ এইবাৰ নিৰ্মান হ’বলৈ গৈ আছে প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ ‘The Government Servant’।

সকলো কলা-কুশলীৰ উপস্থিতিত চলচিত্ৰখনৰ শুভ মূহুৰত সম্পন্ন কৰা হয় বুঢ়ামায়ঙত । সাহিত্য একাডেমি বঁটা প্ৰাপক তথা সাহিত্যিক জয়ন্ত মাধৱ বৰাই যাদুৰ দেশ মায়ঙক লৈ লিখা অসমীয়া উপন্যাস ‘মায়ং’ যাদুৰ দেশৰ গোপন কথা’ ৰ কাহিনীৰ ওপৰত এই চলচিত্ৰখনৰ নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছে । চলচিত্ৰখনৰ কাহিনী জয়ন্ত মাধৱ বৰাৰ আৰু চিত্ৰনাট্যঃ জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ ৷

দেৱাশিস গোস্বামী আৰু অজয় শৰ্মাই সংগীত ব্যৱস্থাপনা কৰা চলচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে মীনাক্ষী ভাগৱতীয়ে ৷অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মান হবলগীয়া চলচিত্ৰখনত অভিনয় কৰিছে কপিল বৰা, হিৰণ্য ডেকা, দূৰ্গাশ্ৰী বৰা, উপকূল বৰদলৈ, নিকুমনি বৰুৱা আদিয়ে।
সাধাৰণতে মায়ঙলৈ থকা ৰাইজৰ যিসমূহ ধাৰণা আছে, সেই সমূহ ধাৰণাক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰাৰ মানসেৰে এই চলচিত্ৰখন নিৰ্মান কৰা হব বুলি কাহিনী চিত্ৰনাট্যকাৰ জয়ন্ত মাধৱ বৰাই জানিবলৈ দিয়ে। বৰ্তমান সময়ৰ মায়ঙৰ পটভূমি এজন চৰকাৰী বিষয়াৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি চিত্ৰনাট্য খন আগবাঢ়িব বুলি জানিবলৈ দিয়ে পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই। মায়ঙক কেন্দ্ৰ কৰি যি ক’লা যাদুৰ কথা উল্লেখ কৰা হয়, সেয়া প্ৰকৃততে ক’লা যাদু নে ইয়াৰ অন্তৰালত অন্য কিবা ৰহস্য আছে তাৰো এক বিশ্লেষণ চলচিত্ৰখনৰ জৰিয়তে দাঙি ধৰা হব বুলিও উল্লেখ কৰে পৰিচালক গৰাকীয়ে ৷ প্ৰাকৃতিক মনোমোহা পৰিৱেশেৰে ভৰপুৰ ঐতিহাসিক মায়ঙৰ বিভিন্ন স্থানত চলচিত্ৰখনৰ দৃশ্য গ্ৰহণ কৰা হব বুলি জনায় পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই । আনহাতে মায়ঙক লৈ নিৰ্মান হবলগীয়া প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ চলচিত্ৰখন দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে অভিনেতা আৰু কলাকুশলী সকলে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.