কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিণ পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন

■ বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত কাকুমণি বৈশ্য, সাগৰিকা বৈশ্য, প্ৰণৱ শৰ্মা, প্ৰতিভা কলিতা, প্ৰণামী কলিতাসহ বাঘবাৰী, ম’হখলী বৰমুৰা (খানাপাৰা) গাওঁবাসীৰ সহযোগত দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ প্ৰাংগনত মঙ্গলবাৰে শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি “কবিতা” লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কবিতা প্ৰতিযোগিতাৰ মূল বিষয় “বিশ্ব শান্তি”৷

প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ভিতৰত নিম্ন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বিশাল দাস, ২য় পুৰস্কাৰ লাভ কৰে চুমি কলিতাই আৰু ৩য় পুৰস্কাৰ ক্ৰমে গৌৰৱ জ্যোতি কলিতা,শ্যামন্তিকা কলিতা আৰু অভিজ্ঞান কলিতাই লাভ কৰে। অন্যহাতে উচ্চশাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচুমী চুলতানাই৷ বিজয়ী প্ৰতিযোগীসকলক একোখন গ্ৰন্থৰে পুৰস্কৃত কৰা হয়৷ ইয়াৰ উপৰিও উপস্থিত ছাত্ৰছাত্ৰী তথা শিশুসকলে বিশ্ব শান্তি সম্বন্ধে নিজাকৈ বক্তৃতা দিয়ে৷

কবিতাৰ বিচাৰকৰ দায়িত্বত থাকে কবি অৰণ্যম কাশ্যপে৷ অনুষ্ঠানত প্ৰতিযোগীসকলৰ লগতে অভিভাৱকসকলৰ ফালৰ পৰা তপন কলিতা,হিতেন্দ্ৰ শৰ্মা, বিনন্দ কলিতাই বিশ্ব শান্তি সন্বন্ধে নিজাকৈ বক্তৃতা ৰাখে৷ কবি অৰণ্যম কাশ্যপে আগন্তুক সময়বোৰতো সমাজত শান্তিৰ বাতাবৰণ ৰক্ষা কৰিবলৈ তথা শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলকো এই ক্ষেত্ৰত উৎসাহী কৰিবলৈ এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ যাব বুলি জনাই ৷ ৰঙিয়াৰ স্বনামধন্য যুৱকবি গৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.