
জি.এ.ই.এফ.ৰ উদ্যোগত বিক্ৰী সৃষ্টি কৰাত পেকেজিং আৰু বজাৰ স্থাপনৰ ভূমিকাৰ বিষয়ে আলোচনা
গুৱাহাটী, ১৯ জুলাই : ১৭ জুলাই তাৰিখে গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ
(Global Assamese Entrepreneurship Forum, GAEFwww.gaefnortheast.org)ৰ উদ্যোগত বিক্ৰী সৃষ্টি কৰাত পেকেজিং আৰু বজাৰ স্থাপনৰ ভূমিকা ( Role of packaging and market placement in generating sales)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয়৷
যিকোনো সামগ্ৰী বা সেৱা উদ্যোগৰ সফলতাত ব্ৰেণ্ডিং, ব্ৰেণ্ড পজিচনিং আৰু মাৰ্কেটিঙে উল্লেখযোগ্য ভূমিকা পালন কৰে যিদৰে বিভিন্ন ধৰণৰ পেকেজিঙৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহনক্ষম পেকেজিঙৰ এই যুগত ই বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ এই সমস্যাসমূহৰ সমাধানৰ বাবে আৰু অসমৰ যুৱ উদ্যোগীসকলক এখন মঞ্চ প্ৰদানৰ বাবে জিএইএফৰ আয়োজন কৰা ৱেবিনাৰ খনত সমল ব্যক্তি
আছিল এফআইপিএছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ভাৰতীয় পেকেজিং প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ড° নাৰায়ণ চি সাহা আৰু নেৰামকৰ
(NERAMAC) ৰ প্ৰাক্তন পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস৷ লগতে
কামোডৰ ৰাজীৱ অশোক (অৱসৰপ্ৰাপ্ত), নেৰামকৰ পৰিচালন সঞ্চালক মুখ্য অতিথি হিচাপে উপস্থিত থাকে
আৰু ইলোৰা
গোস্বামীয়ে ৱেবিনাৰখন পৰিচালনা কৰিছিল৷
বক্তাসকলে বহনক্ষম পেকেজিং, অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰভাৱ, সামগ্ৰীৰ বিপণন, ব্ৰেণ্ডিঙৰ গুৰুত্ব আৰু আনুষংগিক বিষয়ে আলোচনা কৰে।
জি.এ.ই.এফ. ৰ সভাপতি পাৰ্থ গগৈ জনাই যে জি.এ.ই.এফ.ৰ দ্বাৰা পৰিকল্পিত ধাৰাবাহিক ৱেবিনাৰৰ এইটো প্ৰথম খণ্ড। প্ৰতি মাহৰ ৩ তাৰিখ দেওবাৰে এনে ৱেবিনাৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে আৰু সকলো উদ্যোগীক এই ৱেবিনাৰবোৰত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে।জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে শলাগৰ শৰাইত ৱেবিনাৰ খনৰ সমল ব্যক্তি, পৰিচালক তথা পাৰ্থ গগৈ, কৃষ্ণ হাজৰিকা,ৰীতা কাকতি শ্বাহ, ডাঃ ভাস্কৰ বৰা, অমিত বৰুৱা, পিংকি পাঠক ,শকুন্তলা চৌধুৰী,ড° বুলজিৎ বুঢ়াগোহাঁই আদিক ধন্যবাদ জ্ঞাপন কৰে ।
Leave a Reply Cancel reply