Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বলব কেবিনেট সিদ্ধান্তক বাতিলৰ দাবীত বিশ্বনাথ উপায়ুক্তক স্মাৰক পত্ৰ ABVPৰ

- Advertisement -

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বলব কেবিনেট সিদ্ধান্তক
বাতিলৰ দাবীত বিশ্বনাথ উপায়ুক্তক স্মাৰক পত্ৰ ABVPৰ

বিশ্বনাথ ২৬ আগষ্ট :
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সম্পূৰ্ণৰূপে অসমত বলবৎ কৰা আৰু অসম চৰকাৰ কেবিনেট বৈঠকৰ লোৱা সিদ্ধান্ত
বাতিলৰ দাবীত শুক্ৰবাৰে বিশ্বনাথ জিলা উপায়ুক্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্বনাথ উপায়ুক্তক।
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ বিশ্বনাথ জিলাৰ সংযোজক সম্পাদক অৰ্ণৱ জ্যোতি বৰঠাকুৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এঅ বিবৃতিত উল্লেখ কৰে।
মাতৃভাষা হৈছে এটি জাতিৰ বাবে পৰিচয় স্বৰূপ । শিশু এটি জন্ম লাভৰ পৰা
বিকশিত পর্যায়লৈ মাতৃভাষাতেই নিজৰ ভাৱৰ আদান-প্রদান কৰে অথবা পিতৃ-মাতৃয়েও
সমাজৰ সকলো নীতি-নিয়ম মাতৃভাষাৰ দ্বাৰাই শিশুটিক শিক্ষা প্ৰদান কৰে । তেনেস্থলত সেই শৈশৱ কালতে অর্থাৎ নিজ মাতৃভাষাক আকোৱালি লৈ শিক্ষাৰ জগতত নিজৰ প্ৰথম খোজ পেলাবলৈ ওলোৱা শিশুটিয়ে কোনোদিনে নুশুনা বিদেশী ভাষাৰে প্ৰদান কৰা শিক্ষা গ্রহণ
কৰিবলগীয়া হ’লে বহুতো সমস্যাৰ সন্মুখীন হ’ব, যাৰ ফলত প্ৰকৃত শিক্ষা গ্ৰহণৰ পৰা
শিশুসকল বঞ্চিত হৈ পৰিব।
| যোৱা ২৮ জুলাই, ২০২২ ইং তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত ২০২৩ শিক্ষা বৰ্ষৰ পৰা সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত
তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিকোৱা হ’ব বুলি সিদ্ধান্ত গ্রহণ
কৰিছে। এই সিদ্ধান্তটিয়ে “ৰাষ্ট্ৰীয় শিক্ষানীতি – ২০২০” উলংঘা কৰিছে বুলি অখিল ভাৰতীয়
বিদ্যাৰ্থী পৰিষদে অনুভৱ কৰিছে আৰু যোৱা ২১ আগষ্ট তাৰিখে অসম প্ৰদেশৰ তৰফৰ পৰা
প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম চৰকাৰক উক্ত সিদ্ধান্তটি পুনৰবাৰ বিবেচনা কৰি তৃতীয়
শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টিৰ শিক্ষা মাতৃভাষাত হ’ব লাগে বুলি দাবী উত্থাপন
কৰিছে । যোৱা ২৪ আগষ্ট তাৰিখৰ পৰা সমগ্ৰ অসমত বিদ্যার্থী পৰিষদৰ নেতৃত্বত গণ স্বাক্ষৰ
অভিযান লোৱা হৈছিলে । গণ স্বাক্ষৰ অভিযানটিত সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক ভাৱে
সঁহাৰি আগবঢ়াইছে আৰু চৰকাৰ কেবিনেট সিদ্ধান্তটিৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।
অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত বিৰোধী আন্দোলনৰ তৃতীয় পৰ্যায়ত আজি অখিল
ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ অন্তৰ্গত প্ৰায় জিলাতে সিদ্ধান্ত বাতিল তথা “ৰাষ্ট্ৰীয়
শিক্ষানীতি – ২০২০”ৰ ১০০% ৰূপায়নৰ দাবীৰে সন্মানীয় জিলা উপায়ুক্ত সকলৰ জৰিয়তে
অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
32.5 ° C
32.5 °
32.5 °
71 %
1.6kmh
6 %
Thu
30 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °