31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বলব কেবিনেট সিদ্ধান্তক বাতিলৰ দাবীত বিশ্বনাথ উপায়ুক্তক স্মাৰক পত্ৰ ABVPৰ

    ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বলব কেবিনেট সিদ্ধান্তক
    বাতিলৰ দাবীত বিশ্বনাথ উপায়ুক্তক স্মাৰক পত্ৰ ABVPৰ

    বিশ্বনাথ ২৬ আগষ্ট :
    ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সম্পূৰ্ণৰূপে অসমত বলবৎ কৰা আৰু অসম চৰকাৰ কেবিনেট বৈঠকৰ লোৱা সিদ্ধান্ত
    বাতিলৰ দাবীত শুক্ৰবাৰে বিশ্বনাথ জিলা উপায়ুক্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্বনাথ উপায়ুক্তক।
    অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ বিশ্বনাথ জিলাৰ সংযোজক সম্পাদক অৰ্ণৱ জ্যোতি বৰঠাকুৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এঅ বিবৃতিত উল্লেখ কৰে।
    মাতৃভাষা হৈছে এটি জাতিৰ বাবে পৰিচয় স্বৰূপ । শিশু এটি জন্ম লাভৰ পৰা
    বিকশিত পর্যায়লৈ মাতৃভাষাতেই নিজৰ ভাৱৰ আদান-প্রদান কৰে অথবা পিতৃ-মাতৃয়েও
    সমাজৰ সকলো নীতি-নিয়ম মাতৃভাষাৰ দ্বাৰাই শিশুটিক শিক্ষা প্ৰদান কৰে । তেনেস্থলত সেই শৈশৱ কালতে অর্থাৎ নিজ মাতৃভাষাক আকোৱালি লৈ শিক্ষাৰ জগতত নিজৰ প্ৰথম খোজ পেলাবলৈ ওলোৱা শিশুটিয়ে কোনোদিনে নুশুনা বিদেশী ভাষাৰে প্ৰদান কৰা শিক্ষা গ্রহণ
    কৰিবলগীয়া হ’লে বহুতো সমস্যাৰ সন্মুখীন হ’ব, যাৰ ফলত প্ৰকৃত শিক্ষা গ্ৰহণৰ পৰা
    শিশুসকল বঞ্চিত হৈ পৰিব।
    | যোৱা ২৮ জুলাই, ২০২২ ইং তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত ২০২৩ শিক্ষা বৰ্ষৰ পৰা সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত
    তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিকোৱা হ’ব বুলি সিদ্ধান্ত গ্রহণ
    কৰিছে। এই সিদ্ধান্তটিয়ে “ৰাষ্ট্ৰীয় শিক্ষানীতি – ২০২০” উলংঘা কৰিছে বুলি অখিল ভাৰতীয়
    বিদ্যাৰ্থী পৰিষদে অনুভৱ কৰিছে আৰু যোৱা ২১ আগষ্ট তাৰিখে অসম প্ৰদেশৰ তৰফৰ পৰা
    প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম চৰকাৰক উক্ত সিদ্ধান্তটি পুনৰবাৰ বিবেচনা কৰি তৃতীয়
    শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টিৰ শিক্ষা মাতৃভাষাত হ’ব লাগে বুলি দাবী উত্থাপন
    কৰিছে । যোৱা ২৪ আগষ্ট তাৰিখৰ পৰা সমগ্ৰ অসমত বিদ্যার্থী পৰিষদৰ নেতৃত্বত গণ স্বাক্ষৰ
    অভিযান লোৱা হৈছিলে । গণ স্বাক্ষৰ অভিযানটিত সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক ভাৱে
    সঁহাৰি আগবঢ়াইছে আৰু চৰকাৰ কেবিনেট সিদ্ধান্তটিৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।
    অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত বিৰোধী আন্দোলনৰ তৃতীয় পৰ্যায়ত আজি অখিল
    ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ অন্তৰ্গত প্ৰায় জিলাতে সিদ্ধান্ত বাতিল তথা “ৰাষ্ট্ৰীয়
    শিক্ষানীতি – ২০২০”ৰ ১০০% ৰূপায়নৰ দাবীৰে সন্মানীয় জিলা উপায়ুক্ত সকলৰ জৰিয়তে
    অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.