শেহতীয়া আপডেটঃ

অবৈধ প্ৰেমৰ পৰিণতি  গহপুৰত পিতা পুত্ৰক হানি-খুচি হত্যা

অবৈধ প্ৰেমৰ পৰিণতি  গহপুৰত পিতা পুত্ৰক হানি- খুচি হত্যা :: গ্ৰেপ্তাৰ হত্যাকাৰী ::
গহপুৰ ১৯ ডিচেম্বৰ :

সোমবাৰে নিশা বিশ্বনাথ জিলাত গহপুৰ মহকুমা পূৱ কলাবাৰী দেউৰীচুকত সংঘটিত হয় এক অদ্ভুত কাণ্ড। অবৈধ প্ৰেমৰ পৰিণতি পিতা পুত্ৰক হত্যা কৰিলে পাঁচ পাষণ্ডই। ঘটনা অনুসৰি সোমবাৰে পূৱ কলাবাৰী দেউৰীচুকত অনুষ্ঠিত হোৱা ৰাস উপভোগ কৰিবলৈ গৈছিল গাওঁ খনৰ পিতৃ হিতেশ্বৰ শইকীয়া( ৪৭) আৰু পুত্ৰ সীমান্ত শইকীয়াই(২৫)। কিন্তু তেনে সময়তে ঘটিল অঘটন। সীমান্ত শইকীয়া নামৰ যুৱক জনে ৰাস উপভোগ কৰিবলৈ বুলি ঘৰৰ পৰা উলাই গৈ থকা সময়তে ওচৰৰ এটা তিনিআলিত গাওঁ খনৰেই এগৰাকী বোৱাৰীৰ নাম হৈছে মুনু বৰদলৈ আৰু অকন বৰদলৈ নামৰ যুৱক জনৰ মাজত বাক বিতণ্ড তৰ্ক যুদ্ধ চলি থকা দেখা পাই সীমান্ত শইকীয়া নামৰ যুৱক জন কাষ চাপি বিষয়টো আগ ভাগলৈ মহিলা গৰাকীৰ আৰু যুৱক জনৰ মাজৰ কাজিয়া তৰ্ক যুজঁত সোমাই কাজিয়া বিষয় জানিবলৈ চেষ্টা কৰে। ইফালে ব্যক্তিগত কাজিয়াত সীমান্ত শইকীয়া নামৰ যুৱকৰ সোমাই পৰা কাৰণেই এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে মুনু বৰদলৈ নামৰ মহিলা গৰাকী হৈছে হত্যাকাৰী কৃষ্ণ বৰদলৈ বোৱাৰী। আচলতে সোমবাৰে নিশা গাৱঁ খনত চলি থকা ৰাসত কৃষ্ণ বৰদলৈ বোৱাৰীয়েক মুনু বৰদলৈয়ে ৰাসত অসুৰৰ ভাও লোৱাকলৈ দেউৰেক অকন বৰদলৈয়ে বাধা দিয়া বিষয়াটো সীমান্ত শইকীয়া নামৰ যুৱক জন অৱগত হোৱাত কাৰণেই হত্যা কৰিলে বুলি প্ৰকাশ কৰে স্থানীয় লোকে ।
স্থানীয় লোকৰ মতে কৃষ্ণ বৰদলৈ বোৱাৰীক তথা কৃষ্ণ বৰদলৈ দ্বিতীয় পুত্ৰ অকন বৰদলৈয়ে ৰাসত বৌয়েকক অসুৰৰ ভাও নকৰিবলৈ তৰ্ক বাধা প্ৰদান কৰি থকা বিষয়টো সীমান্ত শইকীয়া নামৰ যুৱক জনে দেখাত
তেওঁলোকৰ ব্যক্তিগত তৰ্ক যুজঁ কাজিয়াত অকন বৰদলৈক সীমান্ত শইকীয়া নুসোমাবলৈ কৈছিল যদিও সীমান্ত শইকীয়াই অকন বৰদলৈ বৌৱেকে সৈতে হৈ হোৱা কাজিয়াত পুনৰ বাধা প্ৰদান কৰা বাবেই কৃষ্ণ বৰদলৈ পুত্ৰ অকন বৰদলৈয়ে লগতে তেওঁ লোকৰ পৰিয়ালৰ আন এজন সদস্য তথা অকন বৰদলৈ পুত্ৰ তথা কৃষ্ণ বৰদলৈ নাতিনিয়েক মদন বৰদলৈয়ে সীমান্ত শইকীয়াক হত্যা কৰে বুলি এক সূত্ৰ প্ৰকাশ।
ইফালে পুত্ৰক হত্যা কৰা বিষয় পিতৃ হিতেশ্বৰ শইকীয়া অৱগত হোৱাত পিছত হিতেশ্বৰ শইকীয়াক কৃষ্ণ বৰদলৈ, কৃষ্ণ বৰদলৈ পুত্ৰ অকন বৰদলৈ লগতে অকন বৰদলৈ পুত্ৰ তথা কৃষ্ণ বৰদলৈ নাতিনিয়েক মদন বৰদলৈ তিনিয়ে ধৰি হানি- খুচি হত্যা কৰা বুলি স্থানীয় লোকে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে উক্ত ঘটনাৰ সংঘটিত হোৱা কাৰণ স্থানীয় ৰাইজৰ পৰা জানিব বিচৰাত স্থানীয় ৰাইজে প্ৰকাশ কৰে যে কৃষ্ণ বৰদলৈ নামৰ লোক জনৰ বোৱাৰী সৈতে তেওঁ দ্বিতীয় পুত্ৰ তথা অকন বৰদলৈ বৌয়েকৰ মাজত দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল যাৰ ফলত উক্ত অবৈধ প্ৰেমৰ কথা সীমান্ত শইকীয়া নামৰ যুৱক জন অৱগত হোৱা বাবেই এনে ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰে ৰাইজে।
আনহাতে মঙলবাৰে হত্যাকাৰী কৃষ্ণ বৰদলৈ, অকন বৰদলৈ, মদন বৰদলৈক ইতিমধ্যে গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনাৰ সন্দৰ্ভত মঙলবাৰে ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক। আৰক্ষী অধীক্ষক গৰাকীৰ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰ অনুসৰি এই ঘটনাৰ সৈতে আন আৰু দুজন লোক জৰিত আছে। যাৰ ফলত শীঘ্ৰে আন দুজন হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি উল্লেখ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.