তেজপুৰ চহৰৰ ত্ৰিবেনীত BAAZAR Kolkata (বাজাৰ কলকাতা) শ্ব’পিং ম’ল মুকলি

তেজপুৰ চহৰৰ ত্ৰিবেনীত BAAZAR Kolkata (বাজাৰ কলকাতা) শ্ব’পিং ম’ল মুকলি ::

তেজপুৰ অসম খবৰ ১৩ অক্টোবৰ:
সন্মুখত দূৰ্গা পূজা।
ধৰাৰ বুকুলৈ দেৱীৰ আগমন ।এই সময়তে এতিয়া ৰাজ্যত দেখা গৈছে এক উখল মাখল পৰিৱেশ।
ৰাজ্যজুৰি যি দৰে মহালয়াৰ ব্যাপক প্ৰস্তুতি চলাইছে সেই দৰে বিভিন্ন কোম্পানীয়ে বজাৰ দখল কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে‌।পূজা আৰু নতুন কাপোৰ য’ত প্ৰতিটো জাতি জনগোষ্ঠীৰ যুৱক-যুৱতী পৰা শিশুলৈকে এতিয়া নিকটৱৰ্তী অঞ্চলৰ দোকান বজাৰ নাইবা নিজৰ চহৰৰ শ্ব’পিং ম’লটোলৈ ধাপালি মেলা দেখা গৈছে।
ইফালে এই পূজাৰ বতৰত তেজপুৰ বাসীৰ বাবে
কলিকতাৰ ব্যৱসায়ী প্ৰতিষ্ঠান বাজাৰ কলকাতাই লৈ আহিছে বিভিন্ন বেণ্ডৰ কাপোৰ এতিয়া অতি কম মূল্যত ।
আনহাতে পূজা আগ মূহুৰ্তত শুক্ৰবাৰে তেজপুৰ নগৰস্থিত ত্ৰিবেনীত (BAAZAR Kolkata )বাজাৰ কলকাতা নামৰ এটা শ্বপিং ম’ল মুকলি কৰে প্ৰতিষ্ঠানটোৱে।তেজপুৰ বিশিষ্ট সমাজ সেৱিকা অঞ্জনা কলিতাই মুকলি কৰা শ্ব’পিং ম’লটোৰ অসমীয়া বিহু নৃত্যৰে গ্ৰাহক সকলক আদৰণি জনাই। ইফালে শ্ব’পিং ম’লটো মুকলি হোৱা লগে লগে ম’লটোত গ্ৰাহকৰ ভিৰ কৰা দেখা গ’ল। উল্লেখযোগ্য যে আজি দিনটোত দেশৰ বিভিন্ন প্ৰাপ্ত লগতে অসমৰ তেজপুৰ ত্ৰিবেণী, গুৱাহাটী শিলপুখুৰী, বিশ্বনাথ চাৰিআলিকে ধৰি ৬ টা শ্ব’পিং ম’ল মুকলি কৰে প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১৫৭  ম’ল আছে প্ৰতিষ্ঠানৰ।

উল্লেখযোগ্য যে তেজপুৰ চহৰত বাজাৰ কলকাতা বাহিৰেও বহু কোম্পানীৰ শ্ব’পিং ম’ল আছে যদিও বাজাৰ কলকাতা ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ সৈতে আন আন কোম্পানী সমূহৰ তুলনা একেবাৰে নহয়। আচলতে বাজাৰ কলকাতা নামৰ প্ৰতিষ্ঠানটোৱে পুৰুষ, মহিলা আৰু শিশুৰ বাবে বিভিন্ন ধৰণৰ পোছাক আৰু আনুষঙ্গিক সামগ্ৰী যোগান ধৰা লগতে মহিলা বাবে শাৰী, কুৰ্তা আৰু যুৱকৰ বাবে টি-চাৰ্টলৈকে ধৰি বিভিন্ন বেণ্ডৰ পোছাকবোৰ বিভিন্ন ট্ৰেণ্ডিং ডিজাইনৰ আৰু এম্ব্ৰইডাৰীবোৰ যথেষ্ট উন্নত দেখা গৈছে যাৰ ফলত বাজাৰ কলকাতাই গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০০২ চনত ইমেজেছ ৰিটেইল এৱাৰ্ডছৰ দ্বাৰা তিনিবাৰ ‘পূব ভাৰতৰ আটাইতকৈ সফল মূল্য ৰিটেইলাৰ’ শীৰ্ষক “বাজাৰ কলকাতাই দখল কৰা এটা প্ৰতিষ্ঠান।
ইফালে তেজপুৰ চহৰত মুকলি হোৱা বাজাৰ কলকাতা শ্ব’পিং ম’ল পূজা বতৰত আটাইতকৈ সুন্দৰ সুন্দৰ পোছাক অতি কম মূল্যত গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে বুলি বাজাৰ কলকাতা প্ৰতিষ্ঠানটোয়ে জানিবলৈ দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.