Tuesday, August 26, 2025
26.4 C
Guwahati
TOP NEWS:

বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা

- Advertisement -

 

কভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা

::বিশ্বনাথ ১৭ জুলাই :: শণিবাৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ক’ভিড-১৯ ত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে । বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাক প্ৰদান কৰা হয় ২ লাখ ৫০ হেজাৰ আৰ্থিক সাহাৰ্য চেক ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বাকী সকল পৰিয়ালকো বিতৰণ কৰা হ’ব এই সাহায্য ।
ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় এই আচঁনি একমাত্ৰ দৰিদ্ৰ পৰিয়াল সকলক হে প্ৰথম পৰ্যায়ত দি থকা হৈছে।
আনহাতে সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰ কয় বিশ্বনাথ জিলাত কভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কন্টেনমেন্ট জ’ন উঠোঁ হ’ব নে নহয় ৰাইজৰ লগতে প্ৰশাসন লগত বিষয়টো আলোচনা কৰি হে চিন্তা কৰা হ’ব বুলি প্ৰকাশ কৰে ।ন’হলে ৬০ জনৰ ৬০০ জন হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ লোকসভাৰ সাংসদ পল্লব লকচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,


বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,
গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মা,জিলা আৰক্ষী অধিক্ষক ৰিপুল দাস,জিলা প্ৰশাসনৰ সকলো প্ৰশাসনিক বিষয়া সহ উপস্হিত থাকে বহু লোক।।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
91 %
1kmh
100 %
Tue
32 °
Wed
33 °
Thu
31 °
Fri
27 °
Sat
27 °