■ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ধাৰন কৰিছে বাঢ়নী পানীয়ে। সমান্তৰালকৈ অব্যাহত আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত।
বানপানীৰ লগত অব্যাহত আছে ব্যাপক গড়াখহনীয়া। শ শ বিঘা কৃষিভূমি পানীৰ তলত থকাৰ ফলত নষ্ট হৈছে হেজাৰ হেজাৰ শস্যৰ পথাৰ।
আনহাতে দুৰ্দশাগ্ৰস্হ মানুহৰ খবৰ লোৱাৰ সময় হোৱা নাই চৰকাৰ প্ৰশাসন তথা স্হানীয় বিধায়ক প্ৰমূখ্যে অন্যান্য জন প্ৰতিনিধি সকলৰ।
সপোনৰ ঘৰ তথা নিজৰ বুলিবলৈ থকা মাটিখিনি নদীত জাহ যোৱাত সাধাৰন দুখীয়া শ্ৰেণীৰ লোকৰ আপোন ঘৰখন হেৰুৱাৰ লগতে সৰ্বস্ব হেৰুৱাই দিকবিদিক হেৰুৱাই ক্ষোভিত হৈ সহায় বিচাৰিছে চৰকাৰ তথা স্হানীয় প্ৰশাসনৰ ওচৰত।
Leave a Reply