গুৱাহাটীঃ গুৱাহাটীৰ এ বি চিৰ ৰাজীৱ ভৱনৰ ওচৰত থকা হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টত দেওবাৰে নতুনকৈ মেনু “গ্ৰেণ্ড গালা দুৰ্গা পূজা বাফেট “মুকলি কৰা হয়। হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টৰ স্বত্বাধিকাৰী বিশ্বজিৎ বৰঠাকুৰে হোটেলখনৰ অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত দুৰ্গাপূজা বিশেষ মেনুখন মুকলি কৰে। ইয়াৰ লগতে দূর্গা পূজা বিশেষ মহাৰাজ থালীও মুকলি কৰা হয়। মহাৰাজ থালী নিৰামিষ শিশুৰ বাবে ৫৯৯ টকা, জ্যেষ্ঠ সকলৰ বাবে ৭৯৯ টকা আৰু আমিষ থালী ৯৯৯ টকাত উপলব্ধ। এই সম্পৰ্কে হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টৰ স্বত্বাধিকাৰী বিশ্বজিৎ বৰঠাকুৰে কয় যে-শাৰদীয় দূর্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ খাদ্যৰসিকৰ বাবে বঙালী খাদ্য সম্ভাৰ আগবঢ়াইছো।
Leave a Reply Cancel reply