নলবাৰীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্না

■ সমগ্ৰ ৰাজ্য ৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই চি ডি এছ শিতানত ৰাজ্য চৰকাৰৰ বিশেষ বাজেট নিৰ্দ্ধাৰণ আৰু অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে মাননী বৃদ্ধিৰ লগতে অৱসৰকালীন সাহায্য সম্পৰ্কত শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী হাতত লয়।

অঙ্গনৱাড়ী কেন্দ্ৰৰ ঘৰবোৰ বৈজ্ঞানিক ভাৱে আন্তঃগাঠনি সহ নিৰ্মান কৰি দিয়াৰ যথোচিত ব্যৱস্থা গ্ৰহন কৰা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মাননি বৰ্তমানৰ ২ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকালৈ বৃদ্ধি কৰা, সু-নিৰ্দিষ্ট পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ভিন্ন দাবীৰে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কৰ্মীসকলে কয় যে, নৱগঠিত চৰকাৰখনে এই দাবিসমূহ মানি ৰূপায়িত নকৰে তেন্তে অনাগত দিনত পুনৰ আন্দোলনৰ কৰিবলৈ বাধ্য হ’ব বুলি কৰ্মীসকলে উল্লেখ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.