Wednesday, July 9, 2025
30 C
Guwahati
TOP NEWS:

পশ্চিমবংগত নিৰ্বাচনী হিংসাঃতীব্ৰ ভাষাৰে গৰাহণা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

- Advertisement -

বিধানসভা নিৰ্বাচনৰ ফলাফলক গইনা হিচাপে লৈ সম্প্ৰতি পশ্চিমবংগ তথা মমতা বেনাৰ্জীৰ ৰাজ্যত চলি থকা হিংসাত্মক ঘটনাৰাজিক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কৃষ্ণাই আঞ্চলিক কমিটিয়ে ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সন্থাই ক্ষোভ ব্যক্ত কৰি কয় যে মমতা বেনাৰ্জীৰ ৰাজ্যত সংঘটিত নিৰ্বাচনী হিংসাৰ যিবোৰ ভিডিঅ’ আৰু বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে সেইবোৰ কোনো এখন গণতান্ত্ৰিক দেশ বা ৰাজ্যৰ ক্ষেত্ৰত গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ ধাৰাবাহিক ভাৱে চলি থকা এই অত্যাচাৰ সমূহক তীব্ৰ ভাষাৰে গৰিহণা দি এইবোৰ বন্ধ কৰাৰ বাবে তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক দাবী জনায় সংগঠনটোৱে  ৷ লগতে গণতন্ত্ৰক ভৰিৰে মোহাৰি অকল টিএমচিক সমৰ্থন নকৰাৰ অজুহাততে বিনা দোষী ৰাইজৰ ঘৰ দুৱাৰ ভাঙি, মহিলা সকলক ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পশ্চিমবংগ প্ৰশাসনৰ নীৰৱ ভূমিকাকো গৰিহণা দিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটীয়ে ৷

আঞ্চলিক কমিটিৰ সভাপতি ৰূপক ৰায় স্বাক্ষৰিত প্ৰেছ বিবৃতি খনত পশ্চিমমংগৰ পৰা প্ৰাণৰ মমতাত পলাই আহি অসমত আশ্ৰয় লবলৈ বাধ্য হোৱা লোকসকলক ৰক্ষাবেক্ষণ দিবলৈ অসম চৰকাৰক  দাবী জনাইছে সন্থাই ৷ কোচ ৰাজবংশী লোকৰ ওপৰত অত্যাচাৰ বন্ধ লহ’লে  কোচ ৰাজবংশী ছাত্ৰ সন্থা কোনো কাৰণত হাত সাবতি বহি নাথাকে বুলিও একেখন বিবৃতিতে উল্লেখ কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ:

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
89 %
1.8kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °