■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ:
কনটেইনমেন্ট জ’নত আৱদ্ধ পাখিৰীগুৰি গাঁৱৰ ৩৫টা পৰিয়ালৰ সম্প্ৰতি নাজল নাথল অৱস্থা৷ যেন দিন নাযায় ৰাতি নুপুৱায়৷ সকলো থাকিও তেওঁলোকৰ আজি একো নাই। কাৰণ তেওঁলোক কনটেইনমেন্ট জ’নৰ বাসিন্দা৷
উল্লেখ কৰিব খুজিছো গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰে’ল ষ্টেচনৰ কাষৰীয়া পাখিৰীগুৰি গাওঁৰ কথা ৷ এই গাওঁখনত কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণলৈ চাই যোৱা ৮ মে তাৰিখে জিলা প্ৰশাসনে ঘোষণা কৰে কনটেইনমেন্ট জ’ন হিচাপে ৷ সেই অনুসৰি ৯ মে’ৰ পুৱাই অঞ্চলটোৰ সমগ্ৰ বাট পথ বন্ধ কৰি দিয়ে জিলা প্ৰশাসনে ৷ ইয়াৰ লগে লগে যেন একপ্ৰকাৰ নিৰ্জন দীপৰ বাসিন্দা হৈ পৰিল পাখিৰীগুৰিৰ জনসাধাৰণ ৷ ফল স্বৰূপে প্ৰায় ৫০ শতাংশৰো অধিক শ্ৰমজীৱী লোকে বসবাস কৰা গাওঁখনত নিত্য প্ৰয়োজনী সামগ্ৰীৰ নাটনিকে ধৰি দেখা দিলে নানান এৰাব নোৱাৰা সমস্যাই ৷
পিছে গাওঁবাসীৰ খবৰ লওঁতা যেন কোনো নাই ৷ এনে জটিল সন্ধিক্ষণতে পাখিৰীগুৰি গাওঁবাসীৰ কাষত থিয় দিলে কাষৰীয়া ভেলাখামাৰ অঞ্চলৰ এদল যুৱকেে ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ইতিমধ্যে এদিন খাদ্য সামগ্ৰী যোগান ধৰা যুৱক সকলে আজি পুণৰাই পাখিৰীগুৰিৰ ৰাইজৰ হাতত তুলি দিলে একোটাকৈ খাদ্য সামগ্ৰীসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা ৷ ভেলাখামাৰৰ যুৱক সকলৰ মহানুভৱতাক পাখিৰীগুৰি বাসীয়ে একেমুখে শলাগিছে।
Leave a Reply