Tuesday, July 1, 2025
26.7 C
Guwahati
TOP NEWS:

আৰক্ষীক মুখ্যমন্ত্ৰীৰ বহতীয়া হৈ নপৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

- Advertisement -

▪️ বিৰোধী হৈ নিৰ্বাচন খেলাতো পাপ নেকি? সংবাদমেলত ভূপেন বৰাৰ প্ৰশ্ন

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিৰ্বাচন আয়োগকো ভ্ৰূক্ষেপ নকৰা কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰক্ষীৰ ওভতগোৰে নচাৰ বিষয়টো সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক সংবাদমেলত কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়ত আৰক্ষী নিৰপেক্ষ হ’ব লাগে। অকল সেয়াই নহয়, আয়োগৰ নিৰ্দেশতহে আৰক্ষী চলিব লাগে। নগাঁৱৰ চামগুৰিত আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত আতিশয্য অব্যাহত ৰাখিছে। এই ব্যৱস্থা বাহাল থাকিলে আমি কংগ্ৰেছে আৰক্ষীৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম। এক সংবাদমেল সম্বোধন কৰি বৰাই কয়, নগাঁও আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সম্পূৰ্ণ একপক্ষীয়ভাৱে কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ ওপৰত অবিৰতভাৱে হাৰাশাস্তি আৰম্ভ কৰি আহিছে৷ মঙলবাৰে পুৱাৰ ভাগত বিনা কাৰণত ব্ৰহ্মবিল আৰু খাটোৱাল গাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্টৰ ঘৰলৈ গৈ কোনো কথা নোহোৱাকৈ ভাবুকি দিছে৷ চামগুৰি, ৰূপহী আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই এইধৰণৰ আইন নিজৰ হাতত লৈ কাম কৰিছে৷ আজি ৰাতিপুৱা ডিজিপি জি.পি সিং, নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলক এই কথা অৱগত কৰিছো৷ যদি আৰক্ষী আৰু নিৰ্বাচন আয়োগ নিৰেপক্ষ নহয় তেন্তে উলুবাৰীৰ ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহাৰ কথা কৈছিলো। তেতিয়া ডিজিপি জিপি সিঙে নগাঁও আৰক্ষীক নীতিগতভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷ কংগ্ৰেছৰ তিনিজন ল’ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৰাখিছে৷ মই এই কথা নকও যে ল’ৰাকেইজন দোষী নে নিৰ্দোষী৷ কিন্তু গুলী কোনে ফুটাইছে, তাঞ্জিল হুছেইনৰ গাড়ী কোনে ভাঙিছে, কংগ্ৰেছৰ ৫-৬ জন বিধায়কৰ গাড়ী কোনে ভাঙিছে তাৰো ভিডিঅ’ ফুটেজ আছে৷ যিয়ে নহওক ডিজিপিজনে মোক এটা বাৰ্তা দিছো৷ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানজনৰ বাৰ্তাটোৰ প্ৰতি মই সন্মান জনাইছো৷ তেখেতে কৈছে যে নগাঁও আৰক্ষীয়ে নিৰেপেক্ষ আৰু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব৷ আমি চকু ৰাখিম৷ ৫ সমষ্টিৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ, নিৰপেক্ষ হওক৷ ৰাইজে গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰক৷ সিদ্ধান্ত যি হ’ব সেয়া আমি সকলোৱে মানি ল’ম৷ আজিৰ সংবাদমেলত অসমত বিৰোধী বিহীনভাৱে চৰকাৰ চলাব খোজাৰ অভিযোগ আনি ভূপেন বৰাই কয় যে বিৰোধীবিহীন চৰকাৰ একনায়কত্ববাদী হ’ব৷ আমি ৰাইজৰ হৈ কাম কৰি আছো৷ বিৰোধী হোৱাতো পাপ নেকি? বিৰোধী হৈ নিৰ্বাচন খেলাতো পাপ নেকি? বিজেপি আৰু চৰকাৰে কি বুজাব বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও বিৰোধীত থাকি পোৱা নাই৷ কিয়নো হিমন্ত বিশ্ব শৰ্মাই আদৰ্শক বিশ্বাস নকৰে৷ নীতিক বিশ্বাস নকৰে৷ হিমন্ত বিশ্ব শৰ্মাই কেৱল ধন সৰ্বস্ব, ক্ষমতা সৰ্বস্ব ৰাজনীতিতহে বিশ্বাসী বুলিও সংবাদমেলত ভূপেন বৰাই মন্তব্য কৰে।

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
2.5kmh
100 %
Tue
33 °
Wed
30 °
Thu
30 °
Fri
29 °
Sat
26 °