Tuesday, July 1, 2025
28.4 C
Guwahati
TOP NEWS:

সম্পাদকলৈ চিঠি…✒️

গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা জাৰ্নালসমূহত সাধাৰণতে অনুমতি প্ৰণালী বা প্ৰাক-প্ৰকাশন পৰ্যালোচনা ব্যৱস্থা থাকে আৰু আন আলোচনীবোৰত সম্পাদনা সমিতি থাকে। কিন্তু সকলো ধৰণৰ কিতাপ বা লেখা প্ৰকাশৰ ক্ষেত্ৰত এনে অনুমতি প্ৰণালী সাধাৰণতে থকা দেখা নাযায়।

- Advertisement -

সম্পাদকলৈ চিঠি…✒️

মাননীয় সম্পাদক মহোদয়,
গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা জাৰ্নালসমূহত সাধাৰণতে অনুমতি প্ৰণালী বা প্ৰাক-প্ৰকাশন পৰ্যালোচনা ব্যৱস্থা থাকে আৰু আন আলোচনীবোৰত সম্পাদনা সমিতি থাকে। কিন্তু সকলো ধৰণৰ কিতাপ বা লেখা প্ৰকাশৰ ক্ষেত্ৰত এনে অনুমতি প্ৰণালী সাধাৰণতে থকা দেখা নাযায়। সকলো ধৰণৰ প্ৰকাশনৰ ক্ষেত্ৰতো যদি এক সুগঠিত অনুমতি প্ৰণালী বা সম্পাদনামণ্ডলী থাকে, তেন্তে বহু ইতিবাচক দিশ নিশ্চিত কৰিব পাৰি। কিছুমান সংবেদনশীল বিষয় (যেনে – ধৰ্ম, লিংগ, ৰাজনীতি, জাতি-জনগোষ্ঠী, অঞ্চল আদি)ৰ ওপৰত প্ৰকাশিত হোৱা লেখাই সামাজিক উত্তেজনা বা হিংসাৰ সৃষ্টি কৰিব পাৰে। প্ৰাক-প্ৰকাশন পৰ্যালোচনাই তেনেধৰণৰ বিষয়বস্তু আগতেই চিনাক্ত কৰি এনে পৰিস্থিতি ৰোধ কৰাত সহায় কৰিব পাৰে। অনুমতি প্ৰণালীৰ জৰিয়তে ভ্ৰান্ত, বিশেষকৈ গৱেষণামূলক বা বৈজ্ঞানিক বিষয়ত ভুল বা অপ্ৰমাণিত প্ৰকাশৰ সম্ভাৱনা কমি যায়। শিশু-অনুপযুক্ত বিষয়বস্তু, ঘৃণাৰ বক্তব্য বা মানহানিৰ দৰে আইনী সমস্যাৰ পৰা ৰক্ষা পাবলৈ প্ৰাক-প্ৰকাশন পৰ্যালোচনা প্রয়োজনীয় হ’ব পাৰে। কিছুমান তথ্য, বিশেষকৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰা একান্ত প্ৰয়োজনীয়। প্ৰাক-প্ৰকাশন পৰীক্ষাৰ ব্যৱস্থা থকাতেই সংবেদনশীল তথ্য ভুলভাবে প্ৰকাশ হোৱাত বাধা দিব পাৰি, যাৰ জৰিয়তে দেশৰ সুৰক্ষা, কূটনীতি আৰু জনবিশ্বাস অটুট ৰখা যায়। তথাপিও, অনুমতি প্ৰণালীৰ কিছুমান বিয়োগাত্মক দিশও মনত ৰাখিব লাগিব। অত্যধিক চেঞ্চৰশ্বিপে লেখকৰ স্বাধীনতাক বাধা দিব পাৰে আৰু স্বাধীন বা সমালোচনাত্মক চিন্তাধাৰাক দমন কৰিব পাৰে। প্ৰতিখন কিতাপ, আলোচনী বা অনলাইন পোষ্টৰ বিষয়বস্তু পৰ্যালোচনা কৰাটো সময় খৰছ আৰু ব্যয়বহুল। ইয়াৰ ফলত এক বৃহৎ আমোলাতন্ত্ৰিক ব্যৱস্থাৰ সৃষ্টি হ’ব পাৰে। চেন্সৰ ব’ৰ্ড বা পৰ্যালোচকসকলে নিজৰ ধৰ্মীয়, ৰাজনৈতিক বা সামাজিক পক্ষপাতিত্বৰ ভিত্তিত, সত্য তথ্যকো বাতিল কৰিব পাৰে। সাহিত্য, কল্পনা, আত্মজীৱনী, ব্যক্তিগত অভিজ্ঞতা সম্পৰ্কীয় লেখাত চেঞ্চৰশ্বিপে চাপ দিলে মুক্ত মত ব্যাহত হ’ব পাৰে।
অনুমতি প্ৰণালীয়ে ভ্ৰান্ত তথ্য ৰোধ কৰিবলৈ সহায় কৰিব পাৰে, কিন্তু ইয়াৰ অপব্যৱহাৰৰ সম্ভাৱনাও থাকে। গতিকে, এটা মুক্ত কিন্তু দায়বদ্ধ সমাজ গঠনৰ ক্ষেত্ৰত চেন্সৰশ্বিপতকৈ স্বচ্ছতা, শিক্ষাৰ বিস্তাৰ আৰু স্ব-নিয়ন্ত্ৰণেই অধিক স্থায়ী আৰু গণতান্ত্ৰিক সমাধান হৈ উঠিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোনঃ ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

Hot this week

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
broken clouds
28 ° C
28 °
28 °
87 %
0.9kmh
72 %
Tue
28 °
Wed
33 °
Thu
32 °
Fri
28 °
Sat
25 °