Monday, June 30, 2025
30.4 C
Guwahati
TOP NEWS:

অসমত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাঃ ক’ভিড ভংগকাৰীৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাই কাল হ’ল ৰঙাপৰাৰ বৈদ্যুতিক মাধ্যমৰ সংবাদদাতা

- Advertisement -

♦শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি এজন বৈদ্যুতিক মাধ্যমৰ সাংবাদিকক একাংশ লোকে আগুচি ধৰি শাৰীৰিক ভাৱে অপদস্থ কৰাৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।সান্ধ্য আইন চলি থকাৰ সময়চোৱাত আইন অমান্য কৰি ডি ৱাই ৩৬৫ নামৰ বৈদ্যুতিক মাধ্যমৰ ৰঙাপৰাস্থিত সাংবাদিক জয় কিশোৰ ঝাক শাৰীৰিক ভাৱে অপদস্থ কৰাতে শান্ত নাথাকি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে একাংশ সান্ধ্য আইন উলংঘাকাৰী উদণ্ড যুৱকে।

সান্ধ্য আইন ভংগ কৰি ৰঙাপৰাৰ দৈনিক বজাৰত একাংশ‌ গুণ্ডাৰূপী উদণ্ড যুৱকে প্ৰায় দুঘণ্টা ধৰি সাংবাদিক গৰাকীক আবদ্ধ কৰি ৰাখে। ৰঙাপৰাত ল’কডাউনৰ সময়ত দৈনিক বজাৰত অবৈধ ভাৱে বজাৰ বহুৱা আৰু সামাজিক দূৰত্ব নমনা, মাক্স নিপিন্ধি ওলাই অহা একাংশ‌ অবিবেচক লোকৰ বিৰুদ্ধে সাংবাদিকজনে ধাৰাবাহিক ভাৱে বাতৰি পৰিৱেশন কৰি আহিছিল।

ইয়াতে ৰঙাপৰাৰ দৈনিক বজাৰৰ একাংশ লোকে খৰ্গগ্ৰস্ত হৈ সাংবাদিকজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইফালে ঘটনাৰ সন্দৰ্ভত সাংবাদিক জয় কিশোৰ ঝায়ে তিনিজন অভিযুক্তৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ৰঙাপৰাত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ৰঙাপৰা প্ৰেছ ক্লাৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে।

ইপিনে কৃষক-শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত বৈশ্যয়ে সাংবাদিকৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখ্য যে ৰঙাপৰাত দুৰ্নীতি-অনিয়ম বা যিকোনো বাতৰি পৰিৱেশন কৰি অহা সাংবাদিকসকলক একাংশ লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৱশ্যে ৰঙাপৰাত সংঘটিত হোৱা আজিৰ ঘটনাটিক ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া দেবেন বৰাই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব বুলি ৰঙাপৰা প্ৰেছ ক্লাৱক আশ্বাস দিছে।

Hot this week

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Topics

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
light rain
28.6 ° C
28.6 °
28.6 °
82 %
1.8kmh
100 %
Mon
28 °
Tue
31 °
Wed
28 °
Thu
33 °
Fri
27 °