Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

গুৱাহাটীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষাৰ্থীৰ ভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে বিদ্যালয়লৈ গৌৰৱ

- Advertisement -
♦ ২০২৩-২৪ বৰ্ষত একাংশ শিক্ষাৰ্থীৰ ভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বঁটা লাভ
গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষাৰ্থীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰদৰ্শনেৰে সফল্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষাকসকলে সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত আজি এক সংবাদমেলযোগে এই কথা সদৰী কৰে৷ বিশেষভাৱে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এগৰাকী কৃতী ছাত্ৰ স্বয়ম মজুমদাৰে ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত সমাজসেৱামূলক কামৰ বাবে ‘প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰ’ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ যোৱা ২২ জানুৱাৰী তাৰিখে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুৱে ছাত্ৰগৰাকীক বঁটা প্ৰদান কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰে৷ স্বয়ম মজুমদাৰ হৈছে ১০ বছৰ বয়সৰে পৰা বন্যপ্ৰাণীৰ হকে কাম কৰি সফলতা অৰ্জন কৰা দেশৰ কনিষ্ঠতম সৰ্প উদ্ধাৰকাৰী৷ তেওঁ এই মহৎ কৰ্মৰ বাবে ইতিমধ্যে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ্’ আৰু ‘ইন জিনিয়াচ চাৰ্ম ৱৰ্ল্ড ৰেকৰ্ডচ’ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷
ইফালে বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ ছাত্ৰ কেডেট হানু সিংঘল, ছাত্ৰী চাৰ্জেণ্ট মৃগাক্ষী বৰা আৰু চাৰ্জেণ্ট মনালিচা কাশ্যপে এন.চি.চি কেডেট হিচাপে দিল্লীত আয়োজিত ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাগ লৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ছাত্ৰী মনালিচা কাশ্যপে ‘ডি জি কমেণ্ডেচন কাৰ্ড’ লাভ কৰিছে৷
২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চি বি এচ ইয়ে যোৱা ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত আঞ্চলিক পৰ্যায়ত আৰু ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা বিজ্ঞান প্ৰদৰ্শনী ‘সমাজৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা’ এই বিষয়বস্তুৰে ২০২৩ বৰ্ষৰ ৫ আৰু ৬ ডিচেম্বৰত দুদিনীয়াকৈ আঞ্চলিক ভিত্তিত অয়োজিত প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ৬২ টা প্ৰকল্পই ভাগ লয়৷ ইয়াৰে জ্যেষ্ঠ শাখাত গুৱাহাটীৰ শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱমমান শ্ৰেণীৰ প্ৰণয় নৱলখা আৰু প্ৰিয়া নৱলখাই কৃষিৰ অন্তৰ্গত মূল বিষয়বস্তু ‘এগ্ৰ’কেয়াৰ’ আৰু কনিষ্ঠ শাখাত সপ্তমমান শ্ৰেণীৰ ছাত্ৰী অস্মিত উত্তম ভট্টাচাৰ্য আৰু শ্ৰেয়াতস চৌধুৰীয়ে যোগাযোগ আৰু পৰিবহনৰ অন্তৰ্গত মূল বিষয়বস্তু ‘চিলভাচ হেলমেট’-এই দুয়োটা প্ৰকল্পতে প্ৰথম স্থান লাভ কৰে৷ কৃতী শিক্ষাৰ্থীসকলে চলিত বৰ্ষৰ ১ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে নয়ডাৰ ময়ূৰী স্কুলত ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷
নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অৱ এডুকেচন, শ্বিলংস্থিত নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আৰু পপুলেচন এডুকেচন চেলে যৌথভাৱে ২০২৩ বৰ্ষৰ জুন মাহত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ‘যুৱ মনন-যুৱসমাজৰ প্ৰতিফলন’ শীৰ্ষক বয়ঃসন্ধিৰ ওপৰত ১০ খনকৈ সৃজনীমূলক গ্ৰন্থ প্ৰণয়ন কৰিছে৷ এই ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰতিগৰাকী শিক্ষাৰ্থীকে তেওঁলোকৰ অৱদানৰ বাবে একোখনকৈ আলোচনী আগবঢ়োৱা হয়৷
ইপিনে নৱপ্ৰজন্মৰ যুৱ লেখকৰ সৃজনীমূলক তথা কল্পনাশক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ ঘটোৱা আৰু তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ প্ৰকাশ আৰু বিক্ৰীৰ সহায়ক হিচাপে অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘ব্ৰিবুকচে’ সহযোগিতা আগবঢ়াইছে৷ অনলাইনৰ দ্বাৰা এমাজনত প্ৰকাশন গোষ্ঠীটোৱে গ্ৰন্থসমূহ উপলব্ধ কৰাৰ উপৰিও তেওঁলোকে আয়োজন কৰা ‘অনলাইন বুক ৰাইটিং ফেয়াৰ’ত অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ ৫৬ গৰাকী যুৱ লেখক-লেখিকাৰ গ্ৰন্থ প্ৰকাশ কৰিছে৷ গ্ৰন্থসমূহৰ চাহিদাৰ তথা বিক্ৰীৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলে লাভ কৰিব৷
- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds