Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

সুৰক্ষিত শৈশৱ, সোণালী অসমৰ ৯০ দিনীয়া প্ৰচাৰ অভিযান অব্যাহত : প্ৰচাৰ পত্ৰিকাও বিতৰন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

সুৰক্ষিত শৈশৱ, সোণালী অসমৰ ৯০ দিনীয়া প্ৰচাৰ অভিযান অব্যাহত : প্ৰচাৰ পত্ৰিকাও বিতৰন

 

বিশ্বনাথৰ একাধিক ঠাইত বাল্য বিবাহ, শিশু শ্ৰমিকৰ ওপৰত প্ৰস্তুত কৰা বাটৰ নাট প্ৰদৰ্শন

 

বিশ্বনাথ চাৰিআলি, ৪ জুলাই:_ বিশ্বনাথৰ মহকুমাধিপতিৰ কাৰ্যলয় চৌহদত সুৰক্ষিত শৈশৱ সোণালী অসম গঢ়া লক্ষ্যৰে শিশু সুৰক্ষাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে। ‘শৈশৱৰ ধেমালীবোৰ নিনিব কাঢ়ি, গঢ়োঁ আহক অসমক শিশুৰ পৃথিৱী কৰি’ শ্লোগানেৰে সুৰক্ষিত শৈশৱ সোণালী অসম গঢ়া লক্ষ্যৰে আজি পুৱা শিশু সুৰক্ষাৰ বাবে বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ ফ্লেগ অফ্ কৰি বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জয় শিবানীয়ে শিশু সুৰক্ষাৰ বাবে সকলোকে সন্মিলিতভাৱে কাম কৰিবলৈ আহ্বান জনালে । আজি পুৱা প্ৰায় ১০ বজাত জিলা শিশু সুৰক্ষা গোটৰ গাণনিক মাবি চুলতানা, লিগেল কাম প্ৰবেশ্যন বিষয়া প্রস্তুতি ভূঞা, সমাজকৰ্মী লক্ষীমাই বৰা, চি ডব্লিউ চিৰ সদস্য জয়ন্ত শৰ্মা, চিচিআই, গলিয়াৰ যতীন শৰ্মা তথা বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত জিলা শিশু সুৰক্ষা গোট, বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰাৰ পাছতে অনুভাষযন্ত্ৰ আৰু বাটৰ নাট প্ৰদৰ্শন কৰা শিল্পী দলটোৱে বিশ্বনাথৰ বিভিন্ন ঠাই ক্ৰমে চতিয়া, ইটাখোলা, কৰৈয়নী, বিশ্বনাথঘাট আৰু বিশ্বনাথ চাৰিআলিত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ ওপৰত প্ৰস্তুত কৰা বাটৰ নাট প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। সমাজকৰ্মী লক্ষীমাই বৰাৰ নেতৃত্বত যোৱা শিল্পী দলটোৱে নাটৰ নিখুঁট অভিনয় কৰাৰ লগতে ঠায়ে ঠায়ে এয়া সঁচা ঘটনা বুলি ভাবি অভিনেতা অভিনেত্ৰীক দৰ্শকৰ মাজৰ কোনোৱে ধমক দিয়াৰ দৰে ঘটনাও ঘটে। এই বাটৰ নাটৰ মাজে মাজে মাইক যোগে সজাগতামুলক প্ৰচাৰ আৰু প্ৰচাৰ পত্ৰও বিতৰন কৰা হয় । উল্লেখ্য যে, যোৱা ১১ জুনত ‘সুৰক্ষিত শৈশৱ সোণালী অসম’ৰ ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ পিছতেই যোৱা ১৬ জুনত বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ সহযোগত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ঊদ্দেশ্যেৰে হাৱাজানৰ পৰা বেদেতী পৰ্যন্ত বাটৰ নাট, ভ্ৰাম্যমাণ প্ৰচাৰ, প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি বাল্য বিবাহ ৰোধআৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল। মনকৰিবলগীয়া যে, উক্ত দিনাও হাৱাজান, বেদেতী, গহপুৰ ঘাহিগাওঁ আদিত বাটৰ নাট প্ৰদৰ্শন কৰি জনসাধাৰণৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে বিভিন্ন ঠাইত জনসাধাৰণে এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি অধিক প্ৰচাৰ অভিযান চলাই যাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে। সম্প্ৰতি বিশ্বনাথত এই কাৰ্যসূচী অব্যাহত আছে বুলি জানিব পৰা গৈছে।

- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds