Saturday, June 14, 2025
30.8 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি পাভৈ মীন পামত এক সম্বৰ্ধনা অনুষ্ঠান আৰু কাৰ্যনিৰ্বাহক সভা বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

- Advertisement -

বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি পাভৈ মীন পামত এক সম্বৰ্ধনা অনুষ্ঠান আৰু কাৰ্যনিৰ্বাহক সভা
বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন
বিশ্বনাথ জিলা সাংবাদিক কল্যান ন্যাস গঠন

- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ বিশ্বনাথ চাৰিআলি ১১ আগষ্ট :

বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি পাভৈ মীন পামত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাৰ আদৰণি অনুষ্ঠানৰ আত্ ধৰে সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাই। ইয়াৰ পিছতে সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞাই। এই অনুষ্ঠানত বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ মুখ্য পৰিচালক ৰবীন্দ্ৰ সিং,বিশিষ্ট মীনপালক বীৰেণ ভাগৱতী, বিশিষ্ট তথা বিশ্বনাথৰ প্ৰথম গৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক দ্বিজেন শইকীয়া,বিশিষ্ট পৰ্যটন অনুৰাগী ডঃ কিশোৰ হাজৰিকা ,বিহালিৰ বিশিষ্ট সমাজ কৰ্মী প্ৰফুল্ল বৰা,গহপুৰৰ বিশিষ্ট চিত্ৰ শিল্পী দ্বীপেন দিহিংগীয়াক এখন মান পত্ৰ,ফুলাম গামোচা আৰু চেলেংৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ আত্ ধৰে জ্যেষ্ঠ সাংবাদিক বসন্ত বৰাই। সম্বৰ্ধনাপত্ৰ পাঠ কৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সভাপতি পুলক হাজৰিকা আৰু বিশিষ্ট কবি চন্দ্ৰ লুইটেলে। সম্বৰ্ধনা গ্ৰহণ কৰি সম্বর্ধিত প্ৰতিগৰাকী ব্যক্তি আবেগিক হৈ পৰে নিজৰ ক্ষেত্ৰ খনত আগবঢ়াই অহা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভুৱন শইকীয়াই নবীনচাম সাংবাদিকে বাতৰি পৰিবেশনৰ ক্ষেত্ৰত সতৰ্ক হব লাগে বুলি মন্তব্য কৰে আৰু এই ক্ষেত্ৰত সাংবাদিক কৰ্মশালা আয়োজনৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।তেওঁ সমাজৰ প্ৰতি অৱদান আগবঢ়াই অহা ব্যক্তি সকলক এনেদৰে অনুপ্ৰাণিত কৰাটো সাংবাদিক সংগঠনৰ দায়িত্ব বুলি মন্তব্য কৰে। অনুষ্ঠানত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উপ সভাপতি দীপক শৰ্মা, আনন্দ সন্দিকৈ , ভাস্কৰ জ্যোতি ভূঞা,গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সভাপতি পল্লব বৰা,সম্পাদক বিপ্লৱ নেওগ, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ সভাপতি পুলক হাজৰিকা,সম্পাদক আমিৰ খান উপ সভাপতি জগতাৰ সিং,বিহালি প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস,চতিয়া প্ৰেছ ক্লাৱৰ হেমাংগ হাজৰিকা,জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া,হিৰণ্য বৰঠাকুৰ, জয়ন্ত বৰুৱা,গোলাম ৰচুল আলী,খগেন মটক, ৰোহিণী কৌৰিন্য,হোমেন বৰ্মন,জেইদুল ইছলাম,অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হেমন্ত গগৈকে বহু সংখ্যক ব্যক্তি আৰু সংবাদকৰ্মী উপস্থিত থাকে। এই সভাতে বিশ্বনাথৰ মীনক্ষেত্ৰখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে পাভৈ মীন পামৰ অন্যতম স্বত্বাধিকাৰী ভাৰ্গব ভাগৱতীক অভিনন্দন জ্ঞাপন কৰা হয়। সভাই বিশিষ্টউদ্যোগপতি নৰেন শৰ্মা আৰু জ্যেষ্ঠসাংবাদিক মৃদুল বৰাক সম্বৰ্ধনা অৰ্পণৰ বাবে ক্ৰমে বিশ্বনাথচাৰিআলি প্ৰেছ ক্লাব আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ বিষয় ববীয়াক দায়িত্ব অৰ্পণ কৰে।ইয়াৰ পিছতে কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাই।ইয়াৰ পূৰ্বে একে স্থানতে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন নৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত গৃহ নিৰ্মান সম্পৰ্কত আলোচনা কৰাৰ লগতে এটি ন্যাস গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। বিশ্বনাথ জিলা সাংবাদিক কল্যান ন্যাস নামৰ ন্যাসৰ সভাপতি হিচাবে জয়ন্ত বৰুৱা আৰু সম্পাদক হিচাবে আমিৰ খানক সভাই দায়িত্ব অৰ্পণ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
overcast clouds
28 ° C
28 °
28 °
84 %
1.3kmh
99 %
Sat
35 °
Sun
33 °
Mon
34 °
Tue
29 °
Wed
27 °