27 C
Guwahati
Sunday, September 26, 2021

Buy now

গোৱালপাৰাত ব্লেক মেন বা ক’লা মানুহৰ আতংকঃ ৰাইজক অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ আহ্বান জিলা প্ৰশাসনৰ

♦ সম্প্ৰতি ক’লা মানুহ বা ব্লেক মেনৰ সন্ত্ৰাসে ছানি ধৰিছে সমগ্ৰ গোৱালপাৰা জিলা৷ জিলা খনৰ প্ৰান্তে প্ৰান্তে এতিয়া নিশা নামি আহিলেই বিৰাজ কৰে ক’লা মানুহৰ অজান আতংক৷ সমগ্ৰ গোৱালপাৰাৰ চুকে কোণে বৰ্তমানে বাগৰি ফুৰিছে ব্লেক মেনৰ অলেখ মুখৰোচক কাহিনী৷ এনে সময়তে ৰাইজৰ মাজত ভীতি বিহ্বলতাৰ উদ্ৰেককাৰী এই অবান্তৰ বিষয়টো দৃষ্টি গোচৰ হৈছে জিলা প্ৰশাসনৰ৷

 

যাৰ ফলশ্ৰুতিত গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে মাইকিঙৰ জৰিয়তে ৰাইজক বিষয়টোৰ সন্দৰ্ভত সজাগ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে৷ আৰক্ষী প্ৰশাসনে এয়া দুষ্ট চক্ৰৰ এক অপপ্ৰচাৰ বুলি জানিবলৈ দি ক’লা মানুহ বা ব্লেক মেনৰ কোনো সত্যতা নাই বুলি ঘোষণা কৰিছে৷

আনহাতে, ক’লা মানুহৰ সন্দেহত কোনেও যাতে কাকো আক্ৰমণ নকৰে তাৰ বাবেও আহ্বান জনাইছে প্ৰশাসনে৷ এই সন্দৰ্ভত কিবা সন্দেহজনক ঘটনা সংঘটিত হ’লেই লগে লগে আৰক্ষী প্ৰশাসনক জনাবলৈ ৰাইজক আহ্বান জনাইছে জিলা আৰক্ষী প্ৰশাসনে৷

spot_img

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Stay Connected

21,981FansLike
2,956FollowersFollow
287SubscribersSubscribe
spot_img
- Advertisement -spot_img

Latest Articles & News

spot_img
Facebook
error: Content is protected !!