ৰঙিয়াত ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল উপস্থিত,অসমীয়াৰ আতিথ্যত মুগ্ধ
সংবাদদাতা ৰঙিয়া ২১অক্টোবৰ:
উত্তৰ পূৰ্বাঞ্চলৰ ৰেলযাত্ৰী সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত চোৱাচিতা কৰাৰ বাবে ৰঙিয়া ৰেল জংচনত উপস্থিত হয় ৰেলযাত্ৰী সেৱা বোৰ্ডৰ এটা দল।
ৰঙিয়া ৰেল ডিভিজনৰ অধীনস্থ নিউ বঙ্গাইগাও, বৰপেটা আৰু ৰঙিয়া ষ্টেচন কেইটা যোৱা তিনি দিন ধৰি পৰিদৰ্শন কৰে উক্ত দলটোৱে।
ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দলটোত জম্মু কাশ্মীৰৰ সুৰেন্দৰ ভগত, বিহাৰৰ প্ৰমোদ সিং আৰু অসমৰ প্ৰণৱ বৰুৱা সহ এ ডিআৰএম আৰু ৰেল বিভাগৰ বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। প্ৰতিনিধি দলটোৱে সাংবাদিকৰ সৈতে মুখামুখী হৈ কয় যে অন্য ৰাজ্য সমূহৰ তুলনাত অসমৰ ষ্টেচন সমূহ যথেষ্ট চাফ চিকুণ তথা নিৰাপত্তাৰ দিশৰ পৰাও যথেষ্ট উন্নত। যিকেইটা বিষয়ত কৰণীয় আছে সেই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি কমসময়ৰ ভিতৰত সমাধান কৰিব বুলিও আশ্বাস প্ৰদান কৰে।আনহাতে বহি ৰাজ্যৰ পৰা দুয়োগৰাকী প্ৰতিনিধিয়ে অসমত আহি যথেষ্ট ভাল লগা বুলি জনোৱাৰ ওপৰিও প্ৰথম বাৰৰ বাবে অসমলৈ আহি ইয়াৰ মানুহৰ মৰম আদৰ তথা আপ্যায়ন দেখি অভিভূত হৈ পৰা বুলিও জনাই। উল্লেখযোগ্য যে ৰঙিয়া ৰেল ষ্টেচনৰ ভিতৰত এখন উন্নতমানৰ ৰেষ্টুৰেন্ট,কেবাখনো ষ্টল আৰু বাহিৰত যাত্ৰী সকলৰ সুবিধাৰ্থে অতিসোনকালে এটি ৰাজহুৱা টইলেটকে ধৰি বিশেষভাৱে মহিলা সকলৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হ’ব বুলিও জনাই।