- Advertisement -
নলবাৰীত: বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ :
অসম খবৰ নলবাৰী, বিশ্বনাথ ৬ ছেপ্টেম্বৰ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।উত্তৰ অসমৰ ৰাইজৰ জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বৃহৎ নদীবান্ধ বন্ধৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে নলবাৰীত।
কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে সদস্য সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লো’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে বৃহৎ নদীবান্ধ বন্ধৰ দাবী তুলি সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
ইফালে একেটা দাবীত বিশ্বনাথ জিলা যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিও প্ৰতিবাদ সাব্যস্ত কৰে।
- Advertisement -