জানুৱাৰী ২০২৫ত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া সমুকৰ্ষ মহাশিবিৰ সম্পৰ্কে আলোচনা
বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ আজি গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটী জু-ৰোডস্হিত প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰীৰ সঞ্চালনাত অনুস্থিত গুৰুত্বপূৰ্ণ বৈঠকখনত উত্তৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক নিৰৱ ঘেলানী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যালয় প্ৰমুখ লালজী সোণাৰী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ বিকাশ শৰ্মা, শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামী, প্ৰচাৰ টোলীৰ সঞ্জীৱ ডেকা, প্ৰাক্তন ছাত্ৰ সংবাদসেৱী ইন্দ্ৰজিত দাস আদি উপস্থিত থাকে। বৈঠকত আগন্তুক ২৯, ৩০ আৰু ৩১ জানুৱাৰী ২০২৫ত সৰুসজাই ষ্টেডিয়ামত ৫০০০ হাজৰ ঘোষ বাদক ছাত্ৰ-ছাত্ৰীৰ সমাগমেৰে অনুষ্ঠিত হ’বলগীয়া বিশাল সমুৎকৰ্ষ মহাশিবিৰ সম্পৰ্কে প্ৰচাৰ বিভাগৰ ভূমিকা সম্পৰ্কে বিতং আলোচনা কৰা হয়। উল্লেখযোগ্য যে
শিশু শিক্ষা সমিতি অসমে বিদ্যা ভাৰতীৰ আদৰ্শ গ্ৰহণ কৰি ৰাইজৰ সহায়-সহযোগেৰে যোৱা ১৯৭৯ বৰ্ষৰে পৰা অসমৰ প্ৰতিটো জিলাতে পাঁচশৰো অধিক মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় স্থাপন কৰি ভাৰতীয় জ্ঞান আধাৰিত শিক্ষা প্ৰদান কৰি নৱ প্ৰজন্মক সংস্কাৰিত কৰি দেশ সেৱা কৰি আছে। বৈঠকত আগন্তুক বৰ্ষৰ প্ৰচাৰ-প্ৰসাৰৰ ৰূপৰেখা বৈঠকত প্ৰস্তুত কৰে। পঞ্চপদী শিক্ষাৰ প্ৰচাৰ, শিশু বাটিকা, ঘোষ আৰু শাৰীৰীক শিক্ষাৰ ক্ষেত্ৰত প্ৰচাৰৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।