তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তেজপুৰ, ১৬ নৱেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ সহযোগত ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ বিভাগীয় প্ৰেক্ষাগৃহত ৫৫তম ৰাষ্ট্ৰীয় প্ৰেছ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। 

অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত ‘ভাৰতীয় সংবাদ মাধ্যম কেতিয়াও কোনো প্ৰলোভন বা হুমকিৰ সন্মুখত নতশিৰ নহয়” বিষয়ক এখনি আলোচনা-চক্ৰ অনুষ্ঠিত হয়। পৰৱৰ্তী কাৰ্যসূচীত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি ব্যংগ নাট পৰিৱেশন কৰা হয়। 

চূড়ান্ত বৰ্ষৰ গুয়েনীজ ছাত্ৰী কায়ানা লয়ডে গুয়ানাৰ সংবাদ মাধ্যমৰ সাম্প্ৰতিক পৰিস্থিতি বিষয়ক এক বিশেষ বক্তৃতা আগবঢ়ায়। 

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টুডেন্ট ৱেলফেয়াৰ ড° ধনপতি ডেকা। অনুষ্ঠানতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰকাশ কৰা বিভাগীয় পত্ৰিকা ‘ফাইন প্ৰিণ্ট’ আৰু প্ৰাচীৰ পত্ৰিকা তথা ফটোগ্ৰাফী প্ৰদৰ্শনী উন্মোচন কৰি ড° ডেকাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগৰ শলাগ লয়। 

তদুপৰি, অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকল তথা সাংবাদিকসকলৰ মাজত বাতৰিৰ সত্য-সত্যতা নিৰূপণ বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত হয়। 

কৰ্মশালাখনত উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভি. কে. জৈনে সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত বাতৰিৰ সত্য-সত্যতা নিৰূপণৰ গুৰুত্বৰ বিষয়ে চমু বক্তৃতা আগবঢ়াই বিভাগীয় এই উদ্যোগৰ প্ৰশংসা কৰে। 

অনুষ্ঠানটোত উপস্থিত থাকি শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত দীপশিখা দেয়ে সংবাদ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায়। তদুপৰি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শোণিতপুৰ জিলা জনসংযোগ বিষয়া নীনা বৰুৱা। অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ডীন অৱ হিউমেনিটিজ এণ্ড ছচিয়েল চায়েন্স ড° পি কে দাস। 

অনুষ্ঠানৰ শেষত, বিভাগীয় প্ৰধান ড° জয়া চক্ৰৱৰ্তীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষমতা আৰু গুৰুত্বৰ বিষয়ে চমু বক্তৃতা আগবঢ়াই অনুষ্ঠানটো সফল কৰাত সহায় সহযোগিতা আগবঢ়োৱা বিভাগীয় অধ্যাপক অধ্যাপিকাসকল প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী, বিশ্ববিদ্যালয় প্ৰশাসন তথা অনুষ্ঠানটো উদযাপনত সহযোগিতা আগবঢ়োৱা শোণিতপুৰ জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, সাম্প্ৰতিক ক’ভিড মহামাৰী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যসুৰক্ষা সম্পৰ্কীয় সকলো বিধি মানি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। তদুপৰি, বিভাগত অনুপস্থিত প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ইচ্ছুক অংশগ্ৰহণকাৰীসকলৰ বাবে অনুষ্ঠানটো পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অনলাইন অংশগ্ৰহণৰ ব্যৱস্থা কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*