শেহতীয়া আপডেটঃ

বিশ্বনাথৰ সুলভ মূল্যৰ দোকানতো উপলব্ধ হ’ব দাইল, চেনী আৰু নিমখ

মুখ্যমন্ত্রীয়ে ১০ নৱেম্বৰত গুৱাহাটীত শুভ উদ্বোধন কৰিব অভিলাষী আঁচন

বিশ্বনাথৰ সুলভ মূল্যৰ দোকানতো উপলব্ধ হ’ব দাইল, চেনী আৰু নিমখ

অসম খবৰ বিশ্বনাথ ৮ নৱেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই জনসাধাৰণক মূল্যবৃদ্ধিৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে বিনামূলীয়া চাউল প্ৰদানৰ লগতে ৰাজসাহাৰ্য যুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ এক অভিলাষী আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। সমাগত ১০ নৱেম্বৰ, ২০২৫ তাৰিখে ৰাতিপুৱা ১০ বজাত গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা শুভ উদ্বোধন কৰিব লগা এই অভিলাষী আঁচনিৰ অধীনত প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতিটো পৰিয়ালে সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল ৬৯/- টকা দৰত, প্ৰতি কিলোগ্ৰাম চেনি ৩৮/- টকা দৰত আৰু প্ৰতি কিলোগ্ৰাম নিমখ ১০/- টকা দৰত বজাৰ মূল্যতকৈ যথেষ্ট কম দামত লাভ কৰাৰ চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা ১৯ তাৰিখলৈকে সমগ্ৰ ৰাজ্যখনৰ লগতে বিশ্বনাথ জিলাতো সকলো সুলভ মূল্যৰ দোকান সমুহত সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এনে সুবিধা উপলব্ধ হ’ব। হিতাধিকাৰী সকলে উল্লেখিত প্ৰতিবিধ সামগ্ৰী ক্ৰয় কৰিবলৈ প্ৰতিবিধ সামগ্ৰীৰ বাবে পৃথকে পৃথকে epos machine ত আঙুলিৰ চাপ প্ৰদান কৰিব লাগিব। গুৱাহাটীত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয়ভাৱে শুভ উদ্বোধন কৰিব লগা ১০ নৱেম্বৰৰ এই অনুষ্ঠানটি বিশ্বনাথ জিলাতো প্ৰতিখন সুলভ মূল্যৰ দোকানত হিতাধিকাৰীসকল আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত দূৰদৰ্শন/you tube/Facebook live যোগে চলন্ত সম্প্ৰচাৰ (live telecast)কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসনে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.