▪️আমাৰ হাতৰ পৰা ক্ষমতা বেছি দূৰত নাইঃ গৌৰৱ গগৈ
▪️কংগ্ৰেছলৈ কিৰিপ চলিহাৰ পুত্ৰ, কাৰ্তিক সেন সিনহা, গোপাল প্ৰধান
▪️‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচীৰে গাঁৱলৈ যাব কংগ্ৰেছ
গুৱাহাটী, ১০ অক্টোবৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ ১০ ছেপ্টেম্বৰৰ দৰেই পূৰ্বে ঘোষণা কৰা তাৰিখ অনুসৰি আজি ১০ অক্টোবৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীতো বিজেপিকে ধৰি আন দলৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগ দিয়ে৷ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে৷

প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে আঁত ধৰা আজিৰ যোগদান কাৰ্যসূচীত বিজেপিৰ গৱেষক-উন্নয়ন সমিতিৰ সদস্য তথা প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰ আৰ্কাশিস চলিহাই কংগ্ৰেছত যোগদান কৰে৷ বিজেপিৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সেন সিনহা, ড০ অমিত কুমাৰ কালৱাৰ, শদিয়া সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান, বিজেপি নেতা বাটাছ ওৰাং, এনপিপিৰ কাৰ্যনিৰ্বাহক সদস্য নিহাৰ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা নবজ্যোতি কোঁৱৰে কংগ্ৰেছত যোগদান কৰে৷

তদুপৰি ইমানুৱেল বেনিয়া তাঁতী, তপব্ৰত ভূঞা, অজিত কুমাৰ নিহিম, হিৰল্ড ছিয়াল, চুমি সোনা, নৰেন সোনা, জাবা তাৰ্কি, মনোজ ৰবিদাস, তৰুণ কুন্দা, সঞ্জায় বাগ, মঞ্জুৰ আলী, লুকাচ দুমতা, সৌৰভ কলিতায়ো কংগ্ৰেছত যোগদান কৰে৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সাম্প্ৰতিক ৰাজনীতি আৰু নীতি-আদৰ্শৰ প্ৰতি বিতুষ্ট হৈ বিজেপি দলৰ নেতা-কৰ্মী তথা সচেতন নাগৰিকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীত বিজেপি দলৰ বৃহৎসংখ্যক যুৱ নেতা-কৰ্মীও আছে৷ 
কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজলৈ যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই ৰাইজৰ মাজলৈ গৈ জনসাধাৰণৰ মূল সমস্যাৰ বুজ ল’ব৷ বিশেষকৈ নাৰীসকলৰ সমস্যা মীৰা বৰঠাকুৰে বিভিন্ন ঠাইলৈ গৈ বুজ ল’ব৷ সেৱা দলৰ সভাপতি দ্বীপ বায়নেও ৰাইজৰ মাজলৈ যাব৷ কংগ্ৰেছে নতুন এটা যাত্ৰা আৰম্ভ কৰিব৷
গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক বিশেষভাৱে আহ্বান জনাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিগৰাকী সদস্য আৰু নতুনকৈ যোগদান কৰা সদস্যসকল ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শ্ল’গান লৈ গাঁৱে-ভূঞে যাব আৰু ইতিমধ্যে গৈ আছোঁ। বিজেপিৰ অপশাসন আৰু বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে ৰাইজৰ সৈতে একত্ৰিতভাৱে বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিম আৰু আমি এই যুঁজত জয়ী হ’ম বুলিও কয় গগৈয়ে৷


ৰাহুল সিং, কাশী সিং, সাগৰ সিং, মোহিত আহমেদ, বিশাল সিং, পায়েল বাল্মীকি, দিশা বাল্মীকি, বিদ্যা বাল্মীকি, শীতল কৌৰ, নেহা বাল্মীকি, ৰিয়ান আহমেদ, উদ্দীপন তালুকদাৰ, চাহিল আহমেদ, জিতু কছাৰী, মোস্তাফা আহমেদ, আফতাব আলী, ইমামুল হক, চাহিল আখতাৰ, নবিদুল শ্বেখ, আছিক ইকবাল, দীপাংকৰ শর্মা, মাধৱ দাস, ফজল আলী, জব্বাৰ আলী, শুকুৰ আলী, আব্দুল হান্নান, চাহিল থাপা, জায়েদ আহমেদ, ৰাজীৱ হালৈ, নজৰুল ইছলাম, জয়তা দাস, নৃপেনজ্যোতি লহকৰে প্ৰদেশ কংগ্ৰেছত যোগদান কৰে৷






