শেহতীয়া আপডেটঃ

জুবিন দাৰ লগত প্ৰথম চিনাকি – সৃষ্টি বৰফুকন

জুবিন দাৰ লগত প্ৰথম চিনাকি –সৃষ্টি বৰফুকন

জুবিন দাৰ লগত মোৰ প্ৰথম চিনাকি টেলিফোনৰ যোগেদি—’তুমি গান-চান গাই আছা?যোৰহাট গ’লে তোমাক লগ কৰিম’ এইয়াই জুবিন দাৰ লগত মোৰ প্ৰথম কথা বতৰা ৷ সেইসময়ত জুবিন দা মুম্বাইত আছিল আৰু জুবিন গাৰ্গ হিচাপে প্ৰতিষ্ঠিত হৈ গৈছিল ৷শেষবাৰৰ বাবে লগ পাওঁতে মই কৈছিলো ‘আপোনাক আকৌ কেতিয়া লগ পাম নাজানো ? ‘ জুবিন দাই মোক সাৱতি ধৰি কৈছিল ‘মই তোক (পিছৰ অৱস্থাত তই কৈছিল)ফ’ন কৰিম নহয় !’ মোৰ Whatsapp ৰ DP খনত কাৰ্টুনৰ কেৰেক্টাৰ এটা দেখি কৈছিল ‘তোৰ সৰু স্বভাৱবোৰ যোৱাই নাই হবলা ’ ।

দেউতাৰ চাকৰি সূত্ৰে সেই সময়ত আমি যোৰহাটৰ আতিলা গাৱঁত আছিলো। মই জে বি কলেজত পঢ়িছিলো । ইতিমধ্যে মই প্ৰথমবাৰৰ বাবে কন্ঠদান কৰা বিহুগীতৰ কেছেট ‘মনময়ূৰী’ ৰিলিজ হৈছিল । জুবিন দা তেওঁ প্ৰিয় বন্ধু জয়ন্ত পাত্ৰ দাৰ লগত প্ৰথম আমাৰ ঘৰলৈ আহিছিল । প্ৰথমদিনা আহিয়েই কৈছিল ‘মই এটা বাঘ পুহিছিলো নহয় ।‘ ময়ূৰ চৰাই এটা আৰু বেলেগ জন্তুৰ কথাও ক’লে । মই বাঘ পোহাৰ কথাটো প্ৰথমতে মোক ধেমালি কৰি কৈছিল বুলিহে ভাবিছিলো । তাৰপিছত মুম্বাইৰ পৰা আহিলে জুবিনদা প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল ৷ এবাৰ ভুজিয়া, চেৱৈ আৰু চাহৰ লগত দিয়া অন্য কিছুমান বস্তু একেলগ কৰি নিজৰ ষ্টাইলত খোৱা দেখি জুবিনদা যে আনতকৈ পৃথক সেয়া বুজি পাইছিলো আৰু সেইদিনা অলপ আচৰিটো হৈছিলো । জুবিন দাৰ বন্ধু জয়ন্ত পাত্ৰ দা আমাৰ সম্পৰ্কীয় আছিল আৰু আমি তেওঁলোকৰ ঘৰৰ ওচৰত আছিলো । জয়ন্ত পাত্ৰ দায়ে গান বহুত ভাল পাইছিল । মায়ে এদিন 50 হাজাৰ টকা দি জয়ন্ত দাক কৈছিল ‘তুমি যিহেতু গান বহুত ভাল পোৱা ,কেছেটৰ ব্যৱসায়কে আৰম্ভ কৰা ’ । পৰবৰ্তী কালত ‘সপোনৰ মৰমী’ নামৰ কেছেটোত জুবিন দাৰ লগত জংকী বা,মোৰ বান্ধবী দীপামনি বৰা আৰু মই কন্ঠদান কৰো । এইটো কেছেটৰ পিছতে জুবিন দাৰ পৰিচালনাত ‘সোনাৰু ৯৯’ কেছেটত কণ্ঠদান কৰিবলৈ সুযোগ লাভ কৰো । ‘সপোনৰ মৰমী’ কেছেটতো জংকী বাৰ প্ৰথম বিহুগীতৰ কেছেট আছিল যদিও জংকীবায়ে গোৱা “মুক্তি“ কেছেটতো ইতিমধ্যে ৰিলিজ হৈছিল । জুবিন দাৰ দৰে জংকী বাও বহুত সহজ সৰল আছিল । জংকী বাক সদায় সাধাৰণ চুৰিদাৰ পিন্ধাই দেখা পাইছিলো । দেখাত সৰগৰ পৰীৰ দৰে,বহুত ধুনীয়া । মায়ে জংকী বাক কৈছিল ‘এইৰ সৰুৰ পৰাই জুবিনৰ লগত গান গোৱাৰ বহুত ইচ্ছা আছিল’ জংকী বায়ে কৈছিল ‘ভালেই হ’ল তেন্তে , আশাটো পূৰণ হ’ল’ স্বভাৱত জংকী বা জুবিন দাৰ দৰেই আছিল ।

জয়ন্ত পাত্ৰ দাৰ বাৰ বিয়াত জংকীবাহতক লগ পাইছিলো । বিয়াঘৰত বিয়া নাম চলি থাকোতে জংকী বায়ে দূৰত বহি থকা মাকক দেখাই কৈছিল ‘চাবা দেই ,মোৰ মাক। বিয়া নাম শুনি কান্দো কান্দো যেন কৰি আছে!কান্দিব এতিয়া । নিজৰ বিয়াৰ কথা মনত পৰিছে হবলা ।’ বুলি কৈ বৰমাক সেইদিনা খুউব জোকাইছিল । ভনীয়েক পামীকো ‘চাবা দেই , তাইৰ খং উঠিব এতিয়া ’ বুলি কিছুমান কথা কৈ তাইকো জোকাই বৰ ভাল পাইছিল। পামী মোৰ জে বি কলেজৰ সহপাঠী । তেওঁ নৃত্যত পাৰ্গত লগতে এক সাম্য-সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী । বৰমাক মায়ে কৈছিল –‘তিনিওটা সন্তানেই আপোনাৰ বহুত প্ৰতিভাৱান’ ।

সেই কথা কওঁতে বৰমায়ে জুবিনদাৰ প্ৰসংগত ‘গ’ল্ডী বহুত সৌভাগ্যশালী’ বুলি কৈছিল লগতে সকলো সময়তে অনুৰাগীয়ে লগ নেৰা জুবিনদাক কেতিয়াবা অকলশৰে বিছাৰিলেও নোপোৱাৰ দুখো ব্যক্ত কৰিছিল । এতিয়া অনুভৱ কৰো তেখেত নিজেও এগৰাকী পৰম সৌভাগ্যশালী মাতৃ আছিল যাৰ গৰ্ভত এজন দেৱদূতে স্থিতি লৈছিল ।

সাংস্কৃতিক অনুস্থান সমূহত জংকী বাৰ লগত মোৰ সঘনাই দেখা-সাক্ষাত হৈছিল । জুবিন দাই জংকী বাক ভয়ো কৰিছিল । কিছুমান কথাত ভায়েকৰ দৰে শাসন কৰাও দেখিছিলো আৰু জুবিন দাক জয়ন্ত দায়েও বহু কথাত মনাব পাৰিছিল।

জুবিন দাৰ ৯৫৯০ নম্বৰৰ এখন ৰঙা মাৰুতি কাৰ আছিল । জুবিন দা নথকা অৱস্থাত জয়ন্ত দায়ে চলাইছিল ৷ৰাষ্টাৰ কাষতে চাৰিআলিতে আমাৰ ঘৰটো আছিল। ৰাতি কোনোবাই ধম্ ধমকে ফুল ভলিউমত গান বজাই গ’লেই বুজি পাই গৈছিলো জুবিন দা মুম্বাইৰ পৰা আহিল বুলি । তেনেদৰে এদিন গান বজাই আহি আতিলা গাওঁ চাৰিআলিটোতে ৰৈ ফুৰ্তিতে কৈছিল ‘জুলিকাকো মাত । ৰাস্তাত আমি নাচিম আজি । এবাৰ মায়ে জুবিনদাক কৈছিল ‘চুলিখিনি কাটিলা ? বৰ ভাল কৰিলা ।’ জুবিনদাই আমাৰ ফালে চাই মিচিকিয়াই হাঁহি এটা মাৰিলে । তেতিয়াহে ভালকৈ মন কৰাত দেখিলো কেইবাদালো দীঘল বেনী গুঠি জেকেটৰ পিছফালে ভৰাই থৈছে । এদিন ৰাতি ১২ টামান বজাত হঠাৎ কলিং বেলটো বাজিল । দেখিলো জুবিন দা অকলে আহিছে আচৰিত হৈ গ’লো । তেওঁ ক’লে ‘কালিলৈ ওলাবা, পিকনিক যাম ।’ মোৰ বা অলিকাকো ক’লে ‘তুমিও ওলাবা ।’ বাৰ যোৱা নহ’ল ৷ মা আৰু সৰু ভাইটি ওলাল পিকনিকলৈ লগত ক্ৰিকেট বেট আৰু বল লৈ । ৰাতিপুৱা আমি বাছ এখনত উঠিলো । যাওঁতে বাটত জুবিন দাৰ চিনাকি এজনে চাইকেল চলাই গৈ থকা দেখি ,চাইকেলৰ সৈতেই তেওঁকো উঠাই ল’লে । অলপ দূৰ যোৱাৰ পিছত হাতত দা লৈ কামলৈ গৈ থকা এজনকো গাড়ীখনত উঠাই ল’লে । যিহেতু হঠাতে পিকনিক খোৱাৰ সিদ্ধান্তটো লোৱা হ’ল বাবে মিউজিক চিষ্টেম লগত নাছিল, লগত নিয়া জুবিনদাৰ ৰঙা মাৰুতি গাড়ীৰ দৰ্জাবোৰ খুলি মাৰুতিখনৰ মিউজিক চিষ্টেম টোৱেই গোটেই সময়খিনি গান বজাই ক্ৰিকেট খেলি ফুৰ্টি কৰিলে । নিজৰ হাতেৰে জুবিনদাই মাংসও বনাই খুৱালে সকলোকে । যোৰহাটখনত জুবিনদাৰ বহু আবেগ জড়িত হৈ আছিল । এদিন কৈছিল ‘যোৰহাটৰ সবেই গান গাব জানে’। মুম্বাইৰ পৰা আহিলে বন্ধুবৰ্গক লগত লৈ জেবি কলেজলৈ প্ৰায়ে আহিছিল ।

জুবিন দাৰ ধেমালিবোৰ:

১। এদিন বা আৰু মই ঘৰৰ গেটৰ কাষতে ৰৈ থাকোতে দূৰৈৰ পৰা এজন ৰিক্সাচালকে হাঁহি হাঁহি আমাৰ ফালে আহি থকা দেখা পালো । আমি ভাবিলো কিয়বা ৰিক্সাচালক জনে ইমানকৈ আমালৈ চাই হাঁহি হাঁহি আহি আছে ? ওচৰ পোৱাত দেখিলো সেয়া জুবিন দা। আমি দুয়োজনীয়ে হাঁহি ৰখাব নোৱাৰা হ’লো ৷ জুবিন দাই ৰিক্সাচালক জনক বহুৱাই লৈ নিজে চলাই আহিছিল ।

২। এবাৰ ষ্টুডিঅ’ত ৰেকৰ্ডিং চলি থাকোতে মায়ে মোক দেখালে ‘চোৱাচোন সৌফালে’। মই চালো জুবিন দাই আমাক হহুঁৱাবলৈকে ষ্টুডিঅ’ৰ গ্লাছখনত নাক -মুখ চেপেটা কৰি আমালৈ চাই আছে ।

৩। এবাৰ টিউচন কৰিবলৈ যাওঁতে এখন গাড়ী আহি হঠাৎ মোৰ কাষতে ৰখাই দিয়ে । এজাকমান ল’ৰা উঠি আহিছে । ভয় লাগিব ধৰিলে । কোনোবাই মাত দিলে’ চাওঁ চাওঁ চাওঁ । ছোৱালীজনীৰ মুখখন । বহুদিন দেখা নাই । “ মই আৰু বেছি ভয় খালো । তাৰপিছত ড্ৰাইভিং চিটৰ পৰা সামান্য মুৰটো হাউলাই মোলৈ চাই এজনে হাঁহি মাৰি ক’লে ‘ভয় খালা? অকলে অকলে ক’ত গৈ আছা?’সেয়া আছিল জুবিন দা ।

 

জুবিন দাই কাকো নিৰাশ নকৰিছিল । গানৰ ৰেকৰ্ডিঙৰ সময়ত লগ কৰিবলৈ অহা এজাক ছোৱালী অনুৰাগীক মাৰুতিখনত উঠাই ৰেকৰ্ডিংৰ মাজতে ফুৰাই অনাও দেখা পাইছিলো ।

এটা সময়ত আমি গুৱাহাটীলৈ গুছি আহিলো । মাজতে গনেশগুৰিৰ বিহু অনুস্থানত জুবিন দাক লগ পাইছিলো । জুবিন দাৰ অনুস্থানৰ আগত মোৰ গীতৰ অনুস্থান আছিল । বেছি সময় কথা পতা নহ’ল । ইতিমধ্যে হাজাৰ সংখ্যক দৰ্শক জুবিনদাৰ অনুস্থান চাবলৈ গোট খাইছিল । জুবিন দাক চাবলৈ আহি মোক গান গাই থকা দেখিলে কোনোবা দৰ্শকে অধৈৰ্য্য হৈ মোক কেনেবাকৈ গালি দিব বুলি ভাবি ভয়তে দুটামান গান গায়েই সেইদিনা সোনকালে মঞ্চৰ পৰা নামি দিলো । ইয়াৰ পিছত বহু বছৰৰ মুৰত হঠাৎ জুবিন দাক এদিন গ্ৰন্থমেলাত লগ পালো । অলপ সময় কথা পতাৰ পিছত জুবিন দাৰ অনুৰাগীয়ে আহি কেতিয়ানো মোক ঠেলি দূৰলৈ পঠিয়াই দিলে গমেই নাপালো । পুনৰ জুবিন দাক মাত নিদিয়াকৈ উলাই আহিবলৈ বাধ্য হ’লো ।

জুবিন দাক শেষবাৰৰ বাবে লগ পাইছিলো ‘তুমি কোন দূৰনিৰ’ গীতটোৰ ৰেকৰ্ডিঙৰ সয়য়ত । গীত এটি গোৱাবলৈ জুবিন দাৰ কাৰনে বহু অপেক্ষা কৰিব লগা হয়, সেয়া সকলোৱে জানে । কিন্তু সেইদিনা জুবিন দাই সকলোকে আচৰিত কৰি যাবলগীয়া এখন বিয়ালৈ ন’গৈ মোতকৈ আগতে ষ্টুডিঅ’ত গানটো গাবলৈ উপস্থিত হৈছিল । মোৰ প্ৰতি থকা সেই মৰমৰ বাবে সঁচাই আবেগিক হৈ পৰো এতিয়া । অকল মই বুলিয়েই নহয় সকলোকে সমানে মৰম কৰিছিল জুবিন দাই। ষ্টুডিঅ’ত থাকোতে বাৰে বাৰে মোক সুধি আছিল ‘তোৰ ভোক লাগিছে নিকি?কিবা খাবি নিকি? ব’ল ,ওচৰতে ভাল পুৰি পাই তাত খাই আহোগৈ’ । সেইসময়ত মোৰ গৰ্ভত ৭ মাহ চলি আছিল জুবিন দাই চাগে ভাবিছিল মই তেনে অৱস্থাত বহুত কষ্ট পাই আছো বুলি । সেয়ে বাৰে বাৰে মোৰ খবৰ লৈছিল । জুবিনদাৰ এইবোৰ কথাই বহুত আমনি দিয়ে এতিয়া মোক ৷ নিউমেৰলজিষ্টৰ পৰামৰ্শ লৈ মোৰ আগৰ নামটো সলাই ‘সৃষ্টি’ কৰিছিলো । জুবিন দাই কৈছিল ‘তোক মই সৃষ্টি বুলি নামাতো, জুলিকা বুলিহে মাতিম’ । কিয় ? এই নামটো বেয়া নিকি? তেতিয়া তেওঁ একোৱেই উত্তৰ নিদিলে মোক ।

জুবিন দাৰ জন্মদিনত এবাৰ মই এখন ছবি উপহাৰ দিছিলো। যিটো পাই সকলোকে কৈছিল ‘এই মোক বহুত ধুনীয়া গিফ্ট এটা দিছে’ । ছবিখনত নীলা আকাশ আৰু বগা ডাৱৰত এটা ঈগল চৰাই উৰি আছিল । পিছত জয়ন্ত দাৰ পৰা গম পালো জুবিন দাই ঈগল চৰাই বহুত ভাল পাইছিল বুলি ৷ যিমান দূৰ মনত আছে ছবিখনৰ তলত লিখা আছিল ‘Eagles fly alone because they lead, not follow’.

সংগীতৰ লগত জড়িত সকলোৱেই ‘ভাল ছোৱালী’ বুলি কোৱা গৌৰিমা বৌজনীয়ে শিশুসুলভ জুবিনদাক সঁচাকৈয়ে বৰ মৰমেৰে আৱৰি ৰাখিছিল । সকলোৱে কয় ‘গৰিমা গাৰ্গ হোৱা ইমান সহজ নহয়’ । সঁচাই , সেয়া জুবিন দায়েও জানিছিল ,সেয়ে সেই ৰঙা মাৰুতি কাৰখনত বিয়াৰ আগতে বৌৰ ফটো এখন জুবিনদাই লগতে লৈ ফুৰা দেখিবলৈ পাইছিলো । জয়ন্ত দা আৰু জংকীবাৰ ঘটনাৰ পিছত স্বাভাৱিক অৱস্থালৈ আহিবলৈ বহুত সময় লাগিছিল মোক । এতিয়া জুবিনদাকো হেৰুৱালো । ৰহস্য ভেদ নোহোৱালৈকে মন অশান্ত হৈয়ে থাকিব ।

সৃষ্টি বৰফুকন

মাৰফৎ ড°বুলজিৎ বুঢ়াগোহাঁই আজাৰা,গুৱাহাটী- ৭৮১০১৭ , অসম ।ই-মেইল: srishtiborphukan@gmail.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.