শেহতীয়া আপডেটঃ

তেজপুৰত অষ্টম পোষণ মাহ পালন:: পুৰুষ-মহিলা মাজত থলুৱা খাদ্য সম্ভাৰৰ ৰন্ধনৰ প্ৰতিযোগিতা::

তেজপুৰত অষ্টম পোষণ মাহ পালন::
পুৰুষ-মহিলা মাজত
থলুৱা খাদ্য সম্ভাৰৰ ৰন্ধনৰ প্ৰতিযোগিতা::

অসম খবৰ তেজপুৰ ১৪ অক্টোবৰ ::

১৭ ছেপ্তেম্বৰৰ পৰা ১৬ অক্টোবৰৰলৈকে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমটো পালন কৰা হৈছে ইয়াৰ বিশেষ কাৰ্যসূচী। দেশৰ শিশু- মহিলাসকলক পুষ্টিহীনতা মুক্ত, সুস্থ আৰু সবল কৰিবলৈ পালন কৰা এই পোষণ মাহৰ লগত সংগতি ৰাখি সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ তৰফৰ পৰাও সহযোগী বিভাগসমূহৰ লগত সমন্বয় বৈঠক, প্ৰভাত ফেৰী, ৰন্ধন প্ৰকৰন, প্ৰ্দৰ্শন আদি কাৰ্যসূচী ইতিমধ্যে পালন কৰা দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

বিশেষকৈ মহিলাসকল পুষ্টিহীনতাত বেছিকৈ ভোগা দেখা যায়। মহিলাসকলক নিয়মিয়াকৈ পুষ্টিকৰ আহাৰ খাবলৈ সজাগতা সৃষ্টিৰে পুষ্টিহীনতা দূৰ কৰিবলৈ সকলো শ্ৰেণীৰ লোকৰ মাজত তৎপৰতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এনেদৰে অনুষ্ঠানৰ আয়োজন কৰা হয় পোষণ মাহ ।আজি অষ্টম পোষণ মাহৰ লগত সংগতি ৰাখি তেজপুৰ নগৰৰ পি এম শ্ৰী গান্ধীৰ আশ্ৰম এম ই স্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এখনি সজাগতা সভা ও পুষ্টিকৰ খাদ্য থলুৱা সম্ভাৰৰ ৰন্ধনৰ প্ৰতিযোগিতা।


দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা
এই কাৰ্যসূচী আৰম্ভ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটো আৰম্ভ কৰে সজাগতা সভাৰ ও অনুষ্ঠানটিৰ আতঁ ধৰে পোষণ অভিযানৰ খণ্ড প্ৰকল্প সম্বন্বয়ক জিতুস্মিতা বৰ্মনে।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে
উপস্থিত থাকে শোণিতপুৰ জিলাৰ সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, গান্ধী আশ্ৰম বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ ৰায়, থলুৱা খাদ্যৰ বিশেষজ্ঞ দিপাঞ্জলী লহকৰ, তেজপুৰ নগৰ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া সৰলা দাস, পোষণ অভিযানৰ জিলা সম্বন্বয়ক নৱদ্বীপ বৰা, তেজপুৰ নগৰ সংহত শিশুবিকাশ প্ৰকল্প মুখ্য সেৱিকা
লগতে তেজপুৰ নগৰৰ সমাজ কল্যাণ বিভাগৰ ৭৬ টাকে অংগবাড়ী কেন্দ্ৰ কৰ্মী সহায়িকা উপৰিও স্থানীয় ৰাইজ, চুপাৰভাইজৰ,অংগনবাদী কৰ্মী উপস্থিত থাকি পুষ্টিৰ বিষয়ে সজাগতা অনাৰ চেষ্টা কৰাৰ লগতে নিজৰ নিজৰ ঘৰুৱা ভাৱে প্ৰস্তুত কৰা খাদ্য প্ৰদৰ্শন কৰা হয়।

 

ইফালে এই খাদ্য সম্ভাৰ পুৰুষ মহিলাৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি উপযুক্ত থলুৱা পুষ্টিকৰ খাদ্যৰ ৰন্ধন কৰা ব্যক্তি লৈ পুৰস্কাৰ প্ৰদান কৰা হয়। যদিও শেষত জুবিন গাৰ্গে গোৱা পোষণৰ বিষয়বস্তু সম্পৰ্কীয় “আহাচোন আহা”গীতটোৰে অনুষ্ঠানটি সামৰণি পৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.