31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীঃ অসম, মিজোৰাম, মণিপুৰ

    প্রধানমন্ত্ৰী মোদী বিয়লি ৫ বজাত গুৱাহাটীত উপস্থিত হৈ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

    প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীঃ
    অসম, মিজোৰাম, মণিপুৰ

    📍 পুৱা ৯ বজাত আইজলৰ লেংপুই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্ৰী মোদীয়ে হেলিকপ্তাৰযোগে পোনে পোনে থুৱামপুইলৈ যাব। দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী-চাইৰাং ৰে’লপথেৰে ৩ খন নতুন ৰে’লৰ যাত্ৰা ভার্চুৱেলি শুভাৰম্ভ কৰিব।

    📍 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ আৰু ইম্ফলত দুখন জনসভাত অংশ ল’ব। খবৰ অনুসৰি মণিপুৰৰ কেইবাটাও সংগঠনে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ প্ৰকক্ষণত শুকুৰবাৰৰ মাজনিশাৰ পৰা আহ্বান দিয়া ধৰ্মঘটৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    📍 প্রধানমন্ত্ৰী মোদী বিয়লি ৫ বজাত গুৱাহাটীত উপস্থিত হৈ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড০ ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ড০ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় ১,২০০গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৪টা গান আৰু কবিতা একেলগে পৰিবেশন কৰিব।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.