● বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি ১২১টা বিধানসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে বিয়লি ৩ বজালৈ মনোনয়ন পত্রসমূহ দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে মনোনয়ন কেন্দ্ৰসমূহৰ চৌপাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ জাৰি কৰিছে। মনোননয় কেন্দ্ৰসমূহৰ ভিতৰত বাবে আশে পাশে ভিৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একোজন প্ৰাৰ্থীৰ সৈতে কেৱল ৩ খন বাহন আৰু প্ৰস্তাৱককে ধৰি নূন্যতম ৫ জন লোকক প্ৰৱেশৰ অনুমতি দিয়া হৈছে। সমগ্র মনোনয়ন প্ৰক্ৰিয়া ভিডিঅ’ কৰা হৈছে।
বিহাৰত প্ৰথম পৰ্যায়ত অহা ৬ নৱেম্বৰত পাটনা, দাভাংগা, মাধেপুৰা, ছহৰ্ছ, মুজাফফৰপুৰ, গোপালগঞ্জ, শিৱান, চৰন, বৈশালী, সমষ্টিপুৰা, বেগুচৰাই, লক্ষীচৰাই, মুংগৰ, শ্বেখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰকে ধৰি উত্তৰ আৰু দক্ষিণ বিহাৰৰ জিলাসমূহত নির্বাচন অনুষ্ঠিত হ’ব। অহা ১৭ অক্টোবৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল অন্তিম দিন। ১৮ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২০ অক্টোবৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।




