তেজপুৰত এন এইচ এম (NHM)বিষয়া কৰ্মচাৰীৰ প্ৰতিবাদ
অসম খবৰ তেজপুৰ,৩নবেম্বৰঃ
ৰাজ্যৰ লগতে শোণিতপুৰতো আজি এন এইচ এম কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ৷আজি পুৱা ন বজাৰ পৰা তেজপুৰৰ ভূপেন হাজৰিকা কলাভুমিৰ সন্মুখত জিলাখনৰ ৬১৩ গৰাকী এনএইচএম কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্যৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ঘোষিত বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত যথেষ্ট অৱদান আগবঢ়াই অহা এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ সেৱাৰ বিপৰীতে তেওঁলোকক যথাযোগ্য মৰ্যাদা প্ৰদানত ৰাজ্য চৰকাৰে বেপৰোৱা ভূমিকা গ্ৰহণ কৰি আহিছে বুলি আজি ক্ষোভ প্ৰকাশ কৰে৷উল্লেখযোগ্য যে, ৰাজ্য খনৰ নিয়মীয়া স্বাস্থ্য বিষয়া কৰ্মচাৰী সকলৰ সমানেই অৰ্হতা আৰু চৰকাৰী সেৱা আগবঢ়াই অহা এন এইচ এম কৰ্মচাৰী সকলৰ প্ৰতি বিগত প্ৰায় ২০০৬ ৰ পৰাই প্ৰতাৰণামূলক স্থিতি লৈ অহা বুলি তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি লগতে কয় যে,এনে দুটা দশক জোৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যান সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী অনুসৰি এন এইচ এমৰ বিষয়া কৰ্মচাৰী সকলে আজি পুৱা ন বজাৰ পৰা সকলো কাম কাজ বন্ধ ৰাখি কৰ্মবিৰতিৰ হিচাপে ঘোষণা কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। IMG_7416 বিশেষকৈ ৰাজ্যখনৰ কৰ্মচাৰী সকলক পে’ স্কেলৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰাৰ দৰেই এন এইচ এমৰ বিষয়া কৰ্মচাৰী সকলক সম কামৰ সম বেতন প্ৰদান কৰা, এন এইচ এমৰ কৰ্মচাৰী সকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত প্ৰত্যক্ষ ভাবে নিযুক্তিৰ ব্যৱস্থা কৰা,
সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰী সকলক ই পি এফ ৰ ব্যৱস্থা গ্ৰহণ কৰা আদি মুঠ পাঁচটা দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে।



