31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন

    কিছুদিন আগতে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ধনী ইউটিউবাৰ বুলি খলকনি তোলা ভাইটি মিউজিক কোম্পানীৰ স্বত্বাধীকাৰি তথা ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। গোৱালপাৰা চহৰৰ এইগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হোজাই জিলাৰ এগৰাকী মহিলা ইউটিউবাৰে।মহিলা গৰাকীয়ে জানিব দিয়া মতে ‌প্ৰায় সাত-আঠ মাহ মান আগতে ফোনযোগে চিনাকি হয় আৰু তাৰ পিছত প্ৰেমৰ চলনাৰে বিভিন্ন প্ৰলোভন দি গোৱালপাৰালৈ লৈ আহে । মহিলা গৰাকীক ইউটিউব জগতত সংস্থাপন দিব নতুবা বিয়া পাতিব বুলি প্ৰতিশ্ৰুতি দি দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কও স্থাপন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে।

    পৰবৰ্তী সময়ত প্ৰতিশ্ৰুতি পুৰণ নকৰাত তেওঁলোকৰ সম্পৰ্কত ফাট মেলে আৰু যোৱা ০৯/০৬/২০২২ তাৰিখৰ সন্ধিয়া আঠমান বজাত মুস্তাফিজুৰ ৰহমানে চাৰি-পাঁচজনীয়া এটা দুৰ্বিত্তৰ দল লৈ মহিলা গৰাকীক আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলিও অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে।ইতিমধ্যে মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। COPY BY DB NEWS

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds