শেহতীয়া আপডেটঃ

স্মৃতিত ধেমাজি মহাবিদ্যালয় (হীৰক জয়ন্তী বৰ্ষৰ ২০২৬ উপলক্ষে)

ধেমাজি মহাবিদ্যালয়ৰ ৬০ বছৰৰ গৌৰৱোজ্জ্বল যাত্ৰাত প্ৰতিটো দিনেই নতুন নতুন অধ্যায় সংযোজিত হৈ আহিছে। এই সুদীৰ্ঘ সময়ছোৱাত মহাবিদ্যালয়খনে শিক্ষাৰ মান, শৃঙ্খলা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

■ ড° বুলজিৎ বুঢ়াগোহাঁই

১৯৬৫ চনৰ পহিলা আগষ্টত উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত উচ্চ শিক্ষা বিস্তাৰৰ উদ্দেশ্যেৰে বহুজনৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত প্রতিষ্ঠিত ধেমাজি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র হিচাপে আজিও মই গৌৰৱ অনুভৱ কৰো। ১৯৯৫ বৰ্ষত মই  ধেমাজি  মহাবিদ্যালয়ৰ  পৰা  উচ্চতৰ মাধ্যমিক (বিজ্ঞান  শাখা)  চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলো । মোৰ শৈক্ষিক জীৱনত ধেমাজি মহাবিদ্যালয়ৰ নমস্য শিক্ষাগুৰুসকলৰ অৱদান চিৰস্মৰণীয়। তেখেতসকলৰ আশীর্বাদ আৰু আশাশুধীয়া যত্নৰ বলত উচ্চতৰ মাধ্যমিক দেওনা পাৰ হোৱাৰ পাছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰো। ইয়াৰ অন্তত আই.আই.টি. গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰো। ধেমাজি মহাবিদ্যালয়ত অধ্যয়ন কৰা মধুৰ দিনবোৰ আজিও সজীৱ হৈ আছে। চলিত বৰ্ষত ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনে গৌৰৱোজ্জ্বল ৬০ টা বর্ষ সম্পূর্ণ কৰিছে। এই উপলক্ষে মহাবিদ্যালয় পৰিয়ালে ২০২৬ বৰ্ষৰ ২৪ আৰু ২৫ জানুৱাৰী (১০ আৰু ১১ মাঘ, শনি আৰু দেওবাৰ)ত দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি উদ্যাপন কৰিবলৈ আগবঢ়া বুলি জানি সুখী হৈছো ।

ধেমাজি মহাবিদ্যালয় হৈছে ধেমাজি জিলাৰ আটাইতকৈ পুৰণি আৰু এখন অগ্ৰণী শিক্ষানুষ্ঠান । ইয়াৰ জন্মলগ্নৰ পৰাই যিসকল প্রয়াত শুভাকাংক্ষী আৰু শিক্ষক-কর্মচাৰীয়ে নিষ্ঠা, আন্তৰিকতা আৰু আত্মত্যাগৰে মহাবিদ্যালয়খনৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে, তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীসকল আৰু কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই আজি মহাবিদ্যালয়খন গৌৰৱময় স্থানত উপনীত হ’ব পাৰিছে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্র, যেনে- সাহিত্য, বিজ্ঞান, সংগীত, নাটক, সাংবাদিকতা, কৃষি, উদ্যোগ, শিক্ষা, ব্যৱসায়, সমাজ, ৰাজনীতি, ক্রীড়া, চিত্র-ভাস্কর্য আদিলৈ অৰিহণা আগ বঢ়াইছে তথা পৃথিৱীৰ বিভিন্ন প্রান্তত কৰ্মৰত হৈ আছে ।

ধেমাজি মহাবিদ্যালয়ৰ ৬০ বছৰৰ গৌৰৱোজ্জ্বল যাত্ৰাত প্ৰতিটো দিনেই নতুন নতুন অধ্যায় সংযোজিত হৈ আহিছে। এই সুদীৰ্ঘ সময়ছোৱাত মহাবিদ্যালয়খনে শিক্ষাৰ মান, শৃঙ্খলা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে ধেমাজি মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাটো মোৰ একান্ত কামনা, কিয়নো ই উজনি অসমৰ শিক্ষাক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন কৰিব। এই শিক্ষানুষ্ঠানখনৰ সুনাম আৰু গৌৰৱ আগলৈও অধিক বৃদ্ধি পাব বুলি মই দৃঢ়ভাৱে আশাবাদী। এজন প্রাক্তন ছাত্র হিচাপে ধেমাজি মহাবিদ্যালয়ৰ সৈতে জড়িত হ’বলৈ পাই মই গৌৰৱ অনুভৱ কৰোঁ। মহাবিদ্যালয়ে আয়োজন কৰা কেইবাখনো কেৰিয়াৰ সজাগতা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ কেইবাটাও সংখ্যাত কেৰিয়াৰ সম্পৰ্কীয় লেখা প্ৰকাশ পোৱাটো মোৰ বাবে বিশেষ আনন্দৰ বিষয়। হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ এই শুভক্ষণত আমি অতীতৰ সাফল্যসমূহৰ সঠিক মূল্যায়ন কৰি আগন্তুক দিনবোৰত অধিক সাফল্যৰ সপোন দেখি শিক্ষাৰ ক্ষেত্ৰত অধিক মনোনিবেশ, নিষ্ঠা আৰু দায়বদ্ধতাৰে আগবাঢ়ি যোৱাৰ দৃঢ় প্ৰতিজ্ঞা লওঁ।

শিক্ষাৰ্থীসকলৰ সুন্দৰ কেৰিয়াৰ গঢ়াত মহাবিদ্যলয়ৰ  শিক্ষাগুৰু তথা কৰ্মচাৰী সকলৰ যথেষ্ট অবদান থাকে।  আমি অধ্যয়ন কৰা সময়ত ধেমাজি মহাবিদ্যালয়ত কৰ্মৰত, আজিও স্মৃতিত উজলি থকা আৰু শ্ৰদ্ধাৰে মনত পৰা কেইগৰাকীমান শিক্ষাগুৰু আৰু কৰ্মচাৰীসকল হ’ল— অধ্যক্ষ ভবেন চন্দ্ৰ পেগু ,ড° পুষ্প গগৈ, ড°  উমাকান্ত শৰ্মা, ড° অন্নজ্যোতি গগৈ, আছান উল্লা ,ড° মহম্মদ হুচেইন, ড° বনজিৎ ভট্ট,ড° হিৰণ্য চমুৱা, কেশৱ গগৈ,ড° ৰাজেন তামুলী, ড° দিলীপ কুমাৰ নেওগ, কুমুদ বৰা, খগেন্দ্র নাথ শৰ্মা, ড° দীপক কুমাৰ নেওগ,চন্দ্ৰ বৰুৱা, দীননাথ লাহন, প্রদীপ শইকীয়া, দিব্য ফুকন,ড° ৰাজেন্দ্ৰনাথ সভাপণ্ডিত,ড° বুদ্ধিন্দ্র বৰুৱা,দুগেশ্বৰ শইকীয়া, ফণী হাজৰিকা,কেশৱ চন্দ্র  গগৈ ,জীৱন দত্ত,লক্ষীনাথ চুতীয়া,জোনাৰাম হাজৰিকা,দিব্য কুমাৰ চুতীয়া,ড° উৎপলা দেবী,অণিমা পাঠক,ড° শোনিত কুমাৰ গগৈ,ড° সর্বেশ্বৰ চুতীয়া,হীৰেন্দ্র কুমাৰ পাঠক,ৰণজিৎ  ভট্ট,পূর্ণকান্ত পেণ্ড,ক্ষীৰোদ গগৈ, মালা কুকিলা গগৈ,গোলাপ চন্দ্র দলে,পূর্ণকান্ত পেণ্ড,বুদ্ধীন্দ্রনাথ মেদক,ক্ষীৰোদ গগৈ, ড° লক্ষী বৰগোঁহাই,ড° লাবণ্য হাজৰিকা,হৰিশ চলিহা,ভূৱন চেতিয়া,ভৃগু সোনোৱাল,বিষ্ণু নৰহ,লীলা কলিতা,বলেন ডেকা,নোমল চন্দ্র দাস, পূৰ্ণকান্ত দেউৰী আদি। এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখ কৰা ভাল হ’ব যে মোৰ সহপাঠী শৈলেন বৰকাকতি বৰ্তমান ধেমাজি মহাবিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে, যিটো মোৰ বাবে একান্তই গৌৰৱৰ আৰু আনন্দৰ বিষয়।

ধেমাজি মহাবিদ্যালয়খনৰ যাত্ৰা আগলৈও সমৃদ্ধিৰে পূৰ্ণ হ’ব বুলি আশা কৰিছো আৰু আমি বিশ্বাস কৰোঁ যে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আগন্তুক দিনবোৰত নতুন নতুন শিখৰ জয় কৰিব। মহাবিদ্যালয়খনৰ ভবিষ্যৎ যাত্ৰা সমৃদ্ধিৰে পূৰ্ণ হ’ব বুলি আশা কৰিছো।

ফোন: ৯৪৩৫১৮৮৬৩০

www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.