31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    অসম দিৱসত ছাওলুঙ ছ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন: ইতিহাস, ঐতিহ্য আৰু সমন্বয়ৰ এক গৌৰৱময় উদযাপন

    মাওলুং ৰাজ্য এৰি ব্ৰহ্মপুত্ৰ উপত্যকাত আগমন কৰা এই মহান সম্ৰাটে আহোম ৰাজ্যৰ ভেঁটি স্থাপন কৰি এক সংহত, ঐক্যবদ্ধ আৰু সামৰিকভাৱে শক্তিশালী ৰাজনৈতিক-সামাজিক পৰিসৰ গঢ়ি তুলিছিল।

    🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

    টাই কৃষ্টি বিকাশ কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ২ ডিচেম্বৰ, ২০২৫ তাৰিখে ছাওলুঙ ছ্যুকাফা প্ৰতিমূৰ্তি উন্মোচনী সভা আৰু অসম দিৱস অসম দিৱস উদ্যাপন হ’ব বুলি জানি ভাল লাগিছে। ইতিহাস, ঐতিহ্য, গৌৰৱ আৰু চৰ্চাৰ এক অনন্য মিলনস্থল হিচাপে এই অনুষ্ঠানটোক সামূহিক চেতনাৰ জাগৰণৰ এক প্ৰাণবন্ত উৎস হিচাপে পৰিগণিত কৰিব। এনে সময়োপযোগী আৰু জাতীয় চেতনাৰে সমৃদ্ধ উদ্যোগ গ্ৰহণ কৰাৰ বাবে টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ সকলো সদস্য, কৰ্মী আৰু আয়োজকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

    অসমৰ গৌৰৱৰ দীঘলীয়া ইতিহাসত ছাওলুঙ ছ্যুকাফাৰ নাম সদায় এক উজ্জ্বল দীপশিখাৰ দৰে প্ৰজ্বলিত হৈ আছে। তেখেতক অসম আৰু অসমীয়াৰ পূৰ্বপুৰুষ, বহুত্ববাদী সমাজৰ স্থপতি, সুদক্ষ প্ৰশাসক আৰু সমন্বয়বাদী ৰাজনীতিৰ পথপ্ৰদৰ্শক হিচাপে গভীৰ সন্মানেৰে স্মৰণ কৰা হয়। মাওলুং ৰাজ্য এৰি ব্ৰহ্মপুত্ৰ উপত্যকাত আগমন কৰা এই মহান সম্ৰাটে আহোম ৰাজ্যৰ ভেঁটি স্থাপন কৰি এক সংহত, ঐক্যবদ্ধ আৰু সামৰিকভাৱে শক্তিশালী ৰাজনৈতিক-সামাজিক পৰিসৰ গঢ়ি তুলিছিল। তেখেতৰ প্ৰশাসনিক দূৰদৰ্শিতা, ন্যায়িক ব্যৱস্থাৰ অনুশাসন, সাংস্কৃতিক সংহতি, সামৰিক কৌশলে অসমক ভৱিষ্যতৰ বাবে এক সুদৃঢ় ভেটিৰে সমৃদ্ধ কৰি তুলিছিল। সেইবাবে ছ্যুকাফা কেৱল এজন সম্ৰাট নহয়—তেখেতেই অসমীয়া জাতীয়তাবাদ, সাংস্কৃতিক চেতনাৰ উৎসভূমি আৰু আধুনিক অসমীয়া পৰিচয়ৰ মুখ্য স্তম্ভ। ছ্যুকাফাৰ মূৰ্তিটো উন্মোচন কৰাৰ তাৎপৰ্য কেৱল শিল আৰু মাটিৰ এটা ৰূপ উপস্থাপন কৰাত নহয়; আমাৰ সামূহিক স্মৃতি আৰু চেতনাক দৃশ্যমান আকৃতি দিয়াৰ এক অৰ্থপূৰ্ণ প্ৰচেষ্টা।এই প্ৰতিমূৰ্তিটোৱে আগন্তুক প্ৰজন্মলৈ দক্ষিণ-পূব এছিয়াৰ সৈতে আমাৰ ঐতিহাসিক সংযোগ, আহোম সাম্ৰাজ্যৰ দৰ্শন, সাংস্কৃতিক মিলন, ধৰ্মীয় সহনশীলতা, কৌশলগত প্ৰশাসনৰ উদাহৰণ সফলভাৱে প্ৰতিধ্বনিত কৰিব। আজিৰ বিশ্বব্যাপী সমাজত য’ত সাম্প্ৰদায়িক সম্প্ৰীতি, ঐক্য, মানৱীয় মূল্যবোধৰ প্ৰয়োজনীয়তা গভীৰভাৱে অনুভৱ কৰা হৈছে, তাতেই ছ্যুকাফাৰ আদৰ্শ ‘সকলোৱে একেলগে আগবাঢ়ি যোৱা’ আদৰ্শই একেটা বিশ্বদৃষ্টিভংগীৰ এক উপকাৰী ধাৰা প্ৰৱৰ্তন কৰে।এই অনুষ্ঠানৰ কাৰ্যসূচীয়ে ইয়াৰ তাৎপৰ্য্য আৰু অধিক গভীৰ আৰু অৰ্থপূৰ্ণ কৰি তুলিছে। অসম দিৱসতে ছাওলুঙ ছ্যুকাফা প্ৰতিমূৰ্তি উন্মোচন হ’ব বুলি জানি সুখী হৈছো, কাৰণ অসম দিৱস কেৱল এজন মহান নেতাক স্মৰণ কৰাৰ দিন নহয়— ই অসমৰ সামূহিক পৰিচয়, গৌৰৱ, আৰু জাতীয় চেতনাৰ উজ্জ্বল প্ৰকাশৰ দিন। গতিকে এই প্ৰতিমূৰ্তিটোৰ উত্থানে ইতিহাস আৰু বৰ্তমানৰ মাজত এক জীৱন্ত সেতু স্থাপন কৰিব, যি আমাৰ জাতীয় চেতনাৰ লগত অনুৰণন ঘটাব আৰু শক্তিশালী কৰিব।টাই কৃষ্টি বিকাশ কেন্দ্ৰই এটা মূল্যৱান দায়িত্ব পালন কৰি অসমীয়া জাতিৰ গৌৰৱময় ইতিহাস সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰত অত্যন্ত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এনে পদক্ষেপে বিশেষকৈ নৱপ্ৰজন্মক নিজৰ মূল, ইতিহাস আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে পুনৰ সংযুক্ত কৰিব। ইতিবাচক মানসিকতা, সাংস্কৃতিক সজাগতা আৰু জাতীয় গৌৰৱবোধৰ উন্নয়নত এনে উদ্যোগে সকলো দিশৰ পৰা কার্যকৰী ভূমিকা পালন কৰে।

    শেষত, এই মহৎ আৰু ঐতিহাসিক মূল্যবোধৰে সমৃদ্ধ উদ্যোগৰ বাবে টাই কৃষ্টি বিকাশ কেন্দ্ৰ, গুৱাহাটীৰ প্ৰতি পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।আশা কৰোঁ, এই প্ৰতিমূৰ্তি আগন্তুক প্ৰজন্মৰ বাবে কেৱল আমাৰ পূৰ্বপুৰুষৰ স্মৃতি হিচাপে নহয়, বৰঞ্চ এটা প্ৰেৰণাৰ দীপস্তম্ভ হিচাপে থাকিব, যিয়ে অসমৰ সাংস্কৃতিক মানচিত্ৰক অধিক সমৃদ্ধ, দৃঢ় আৰু শোভাময় কৰি তুলিব। এই অনুষ্ঠানৰ সম্পূর্ণ সফলতা বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds