
শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন

বৰ্তমানলৈকে লৈকে ঘোষিত ৯৩ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭ খনত জয়লাভ কৰিছে আৰু ৪৪ খনত অগ্ৰগতি। সহযোগী দল জনতা দল ইউনাইটেডে ২৮ খন আসনত জয়লাভ কৰিছে আৰু ৫৫ খনত আগবাঢ়ি আছে।
এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পার্টিয়ে ৪ খন আসনত জয়লাভ কৰিছে আৰু ১৫ খনত আগবাঢ়ি আছে। হিন্দুস্তানী আৱাম মৰ্চায়ো এখন আসনত জয়লাভ কৰিছে আৰু ৪ খন আসনত আগবাঢ়ি আছে। আৰ জে ডি নেতৃত্বাধীন মহাজোঁটবন্ধনে বৰ্তমানলৈকে কেৱল ৭ খন আসনত জয়লাভ কৰিছে আৰু ২৪ খন আসনত আগবাঢ়ি আছে।



