অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাৰ আজি সামৰণি পৰে।
অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে ত্রয়োদশ দিনালৈ গ্রন্থমেলাত মুঠ ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্রী হয়। গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
২০২৫ বৰ্ষৰ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰ বাবে বাছনিকৃত ‘ঐশ্বৰ্য’ নামৰ উপন্যাসখনিৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীক বঁটা প্ৰদান কৰাৰ লগতে গ্ৰন্থখনিৰ প্ৰকাশক “বান্ধৱ” প্ৰকাশনৰ স্বত্বাধিকাৰীক ২০২৫ বৰ্ষৰ “অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা”ৰে সন্মানিত কৰা হয়।







