শেহতীয়া আপডেটঃ

আদাবাৰীৰ অটল উদ্যানত পূৰবীৰ দ্বিতীয় মিল্ক বুথ মুকলিঃ জি এম ডি এৰ সৈতে অংশীদাৰিত্বত বৰ্ধিত খুচুৰা নেটৱৰ্ক

আদাবাৰীৰ অটল উদ্যানত পূৰবীৰ দ্বিতীয় মিল্ক বুথ মুকলিঃ জি এম ডি এৰ সৈতে অংশীদাৰিত্বত বৰ্ধিত খুচুৰা নেটৱৰ্ক

অসম খবৰ গুৱাহাটী,৩ ডিচেম্বৰ, ২০২৫: নিজৰ খুচুৰা বিক্ৰীৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ গতি অব্যাহত ৰাখি, উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় প্ৰতিষ্ঠান পূৰবী ডেইৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ (জি এম ডি এ) সৈতে অংশীদাৰিত্বত নিৰ্মিত দ্বিতীয়টো মিল্ক বুথ মুকলি কৰে। মহানগৰীৰ আদাবাৰীৰ অটল উদ্যানৰ সমীপত স্থাপন কৰা এই নতুন কিয়স্কটোৱে উদ্যান দৰ্শনকাৰী, প্ৰাতঃভ্ৰমণকাৰী, দৈনিক যাত্ৰী আৰু স্থানীয় বাসিন্দাৰ বাবে সতেজ দুগ্ধজাত সামগ্ৰী সহজলভ্য কৰি তোলাৰ লক্ষ্য ৰাখিছে।
এই নতুন মিল্ক বুথটো মুকলি কৰে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই। অনুষ্ঠানত অসম চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্ত লাল জ্ঞানী (আই এ এছ), জি এম ডি এৰ জ্যেষ্ঠ বিষয়াসকল আৰু পূৰবী ডেইৰীৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।
এই আদাবাৰীৰ কেন্দ্ৰটো জি এম ডি এয়ে গুৱাহাটীৰ সকলো স্থানত দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা শক্তিশালী কৰিবলৈ চিনাক্ত কৰা তিনিটা বুথৰ শৃংখলাত দ্বিতীয় স্থান লাভ কৰিছে। উল্লেখ্যে যে, এই সহযোগিতাৰ অধীনত প্ৰথমটো কিয়স্ক ২০ নৱেম্বৰত অসম চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মহনে নেহৰু পাৰ্কত উদ্বোধন কৰিছিল। সেই মিল্ক বুথে ইতিমধ্যে ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, আৰ জি বৰুৱা পথৰ শ্ৰদ্ধাঞ্জলি কাননৰ সমীপত পৰিকল্পনা কৰা তৃতীয়টো বুথ অতি সোনকালে কাৰ্যক্ষম হ’ব।
এই সন্দৰ্ভত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই কয়, “নাগৰিকসকলৰ বাবে পূৰবীয়ে যাতে অধিক সুবিধাজনক কেন্দ্ৰ সৃষ্টি কৰিব পাৰে, তাৰ বাবে সমৰ্থন আগবঢ়াই আমি আনন্দিত অনুভৱ কৰিছো। এই বুথবোৰ আধুনিক, স্বাস্থ্যসন্মত আৰু কৌশলগতভাৱে স্থাপন কৰা হৈছে। ইয়াৰ ফলত পৰিয়ালবোৰে সহজে উন্নত মানদণ্ডৰ দুগ্ধজাত সামগ্ৰী লাভ কৰিব পাৰিব। এনে জনহিতকৰ পদক্ষেপে মহানগৰীৰ ৰাজহুৱা সুবিধাসমূহ উন্নত কৰাৰ ক্ষেত্ৰত জি এম ডি এৰ প্ৰচেষ্টাৰ সৈতে সামঞ্জস্য সৃষ্টি কৰিছে।’’
ইফালে, একে মত পোষণ কৰি অসম চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্ত লাল জ্ঞানীয়ে (আই এ এছ) চৰকাৰী সংস্থা আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাই কেনেদৰে পোনপটীয়াকৈ গ্ৰাহকসকলক উপকৃত কৰিব পাৰে সেই সন্দৰ্ভত অভিমত ব্যক্ত কৰে। তেওঁ কয়, “পূৰবীৰ বৰ্ধিত খুচুৰা নেটৱৰ্কে ৰাজ্যৰ দুগ্ধ খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যত সহায় কৰে। ইয়াৰ লগতে, নিৰাপদ আৰু পুষ্টিকৰ সামগ্ৰী অধিক পৰিয়ালৰ ওচৰলৈ নিয়াটোও নিশ্চিত কৰে।”
উল্লেখ্য যে, পূৰবীৰ সামগ্ৰীসমূহ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা উৎপাদিত হয়। এই সামগ্ৰী নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ দ্বাৰা বিপণন কৰা হয়। এন ই ডি এফ এল হৈছে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ এক যুটীয়া উদ্যোগ। এন ই ডি এফ এলয়ে সমগ্ৰ অঞ্চলটোত উন্নত মানদণ্ডৰ দুগ্ধজাত সামগ্ৰীৰ বাঢ়ি অহা চাহিদা পূৰণ কৰিবলৈ নিজৰ বিতৰণ নেটৱৰ্ক ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি আছে।
এই মুকলি সন্দৰ্ভত এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়, “আমি মুকলি কৰা প্ৰতিটো নতুন খুচুৰা কিয়স্কৰ জৰিয়তে সুলভ পুষ্টিৰ প্ৰতি পূৰবীৰ দায়বদ্ধতা অব্যাহত আছে। আদাবাৰীৰ এই বুথটোৱে বৃহৎ সংখ্যক নগৰীয়া লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, আৰু ই গ্ৰাহকসকলৰ সুবিধা যথেষ্ট উন্নত কৰিব বুলি আমি আশাবাদী। জি এম ডি এৰ সৈতে আমাৰ এই অংশীদাৰিত্বই নিৰাপদ আৰু স্বাস্থ্যকৰ দুগ্ধজাত সামগ্ৰী মানুহৰ ঘৰৰ ওচৰত উপলব্ধ কৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে।”
ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “পূৰবীৰ বিকাশৰ মূল আধাৰ হৈছে আমাৰ দুগ্ধ পালকসকলৰ কঠোৰ পৰিশ্ৰম আৰু গ্ৰাহকসকলৰ বিশ্বাস। অটল উদ্যানৰ এই মিল্ক বুথটোৱে দুয়োৰে সৈতে আমাৰ পোনপটীয়া সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই বুথবোৰে বজাৰৰ সুবিধা সম্প্ৰসাৰণ কৰা, কৃষকৰ উপাৰ্জন উন্নত কৰা, আৰু সতেজ, উচ্চ মানদণ্ডৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী নাগৰিকসকলৰ ওচৰত সুবিধাজনকভাৱে পোৱাটো নিশ্চিত কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰতিনিধিত্ব কৰে।”
মন কৰিবলগীয়া যে, জি এম ডি এৰ সৈতে এই অংশীদাৰিত্বৰ অধীনত স্থাপন কৰা আন বুথবোৰৰ দৰেই আদাবাৰীৰ কিয়স্কটোও অত্যাধুনিক সুবিধাৰে সজ্জিত। দিনটো সতেজতা বজাই ৰাখিবলৈ ইয়াত শীতল শৃংখলাৰ সুবিধাযুক্ত ভিজি-কুলাৰ, ফ্ৰীজাৰ আৰু ইনছুলেটেড ষ্ট’ৰেজৰ ব্যৱস্থা আছে। বিশ্ব বেংকৰ দ্বাৰা পুঁজি যোগান ধৰা এপাৰ্ট প্ৰকল্পৰ অধীনত ৱামুলে ক্ৰয় কৰা এই পূৰ্ব-নিৰ্মিত গাঁথনিবোৰে পূৰবীৰ ফ্ৰেঞ্চাইজি-ভিত্তিক কিয়স্ক মডেলক সমৰ্থন কৰে, যাৰ জৰিয়তে স্থানীয় উদ্যোগীসকলৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি হৈছে।
প্ৰতিটো নতুন আউটলেটৰ জৰিয়তে, পূৰবীয়ে অসমৰ দুগ্ধ খণ্ডৰ পৰিৱৰ্তনত নিজৰ ভূমিকা ক্ৰমাগতভাৱে শক্তিশালী কৰি আহিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে কৃষকসকলক সমৰ্থন কৰা, আধুনিক প্ৰচেছিঙত বিনিয়োগ কৰা, আৰু ৰাজ্যজুৰি নাগৰিকৰ বাবে নিৰাপদ আৰু পুষ্টিকৰ দুগ্ধজাত সামগ্ৰীৰ সুবিধা সম্প্ৰসাৰণ কৰা।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.