31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    ৫৫টা প্ৰেৰণাদায়ক কাহিনীৰ সংকলন ‘গুড নিউজ অসম’

    ‘গুড নিউজ অসম’ গ্ৰন্থখন অসমৰ জনসাধাৰণৰ আশা, দৃঢ়তা, সৃষ্টিশীলতা আৰু মানবীয় চেতনাৰ এক উজ্জ্বল দৃষ্টান্ত ৰূপে আত্মপ্ৰকাশ কৰিছে। এই গ্ৰন্থত সংকলিত প্ৰেৰণাদায়ী কাহিনীবোৰ কেৱল সফলতাৰ বিৱৰণ নহয়—ইয়াৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি-বিশেষৰ সংগ্ৰাম, সপোন আৰু অটল অংগীকাৰৰ প্ৰতিফলন ঘটিছে।

    ড° বুলজিৎ বুঢ়াগোহাঁই
    ‘গুড নিউজ অসম’ হৈছে দূৰদৰ্শন নিউজ – অসমে প্রকাশ কৰা ৫৫টা প্ৰেৰণাদায়ক কাহিনীৰ সংকলন । এই সংকলনটো দূৰদৰ্শনত সম্প্রচাৰ হোৱা ‘GOOD NEWS ASSAM – স্বপ্নসম্ভৱা অসমৰ কাহিনী’ শীৰ্ষক অনুষ্ঠানটিৰ আধাৰত ৰচিত। এই গ্রন্থখনৰ সংকলক হিমাক্ষী বৰা আৰু গ্ৰন্থখনৰ লেখাবোৰ ইংৰাজীলৈ মুমেনিনাজ জামানে অনুবাদ কৰিছে। এই গ্রন্থখনৰ সম্পাদনা সমিতিৰ আন সদস্য সকল হৈছে–অংকুৰ লাহটী, মুৰব্বী, ডী ডী নিউজ অসম;মাৰুফ আলম, সহকাৰী সঞ্চালক;শান্তনু ৰৌমুৰীয়া, বাতৰি সম্পাদক;প্রীতম গোস্বামী, বেটুপাতৰ শিল্পী;মৌমিতা বিশ্বাস, সমন্বয়ক;বিকি বৰুৱা, সংগ্ৰাহক; হিমাংশু লহকৰ, পৃষ্ঠাসজ্জা আৰু সংবাদদাতা সকল হৈছে – মুজাহিদ আলী, অজয় দত্ত, সঞ্জীৱ হাজৰিকা, অম্লান কাশ্যপ চাহা, নৃপেন মণ্ডল, সীমান্ত তালুকদাৰ, দীপেন বৰা, আশ্বিকুৰ ৰহমান, ৰাজীৱ বৰা, অসীম দত্ত, মুকুট শৰ্মা, ৰচিদুল হুছেইন, প্রশান্ত ৰয়, ৰৌচনাল কৰীৰ মণ্ডল, কুঞ্জ মোহন ৰয়, অৰূপজ্যোতি মহন্ত, নবুল কোঁৱৰ, সুজিত ঘোষ, ৰমেন কলিতা, ডালিম ফুকন, মুনীন্দ্র শইকীয়া, নীলোৎপল দেব, নুপূৰ বৰুৱা, চিম্পী গগৈ, দয়াল কৃষ্ণ নাথ, মানৱ মেধি (কেমেৰা), পংকজ বৈশ্য (কেমেৰা), বেদান্ত মানস শর্মা (ভিডিঅ’ সম্পাদনা), অমিত ভট্টাচার্য (ভিডিঅ’ সম্পাদনা), কমল জ্যোতি ডেকা (ভিডিঅ’ সম্পাদনা) বিৰাজ দাস (গ্রাফিক্স), সঞ্জীৱ বৰা (গ্রাফিক্স), উজ্জ্বল ল’হাৰ।


    গ্রন্থখনত অসমৰ ৰাজ্যপাল শ্রীলক্ষ্মণ প্রসাদ আচার্য; দূৰদৰ্শন নিউজৰ সঞ্চালক প্ৰধান প্রিয়া কুমাৰ,উপ মহাপৰিচালক তথা কাৰ্যালয়-মুখ্য, দূৰদৰ্শন অসমৰ টি. হিন্নিউটা আৰু ডী ডী নিউজ অসমৰ মুৰব্বী অংকুৰ লাহটীৰ বাৰ্তা আছে।
    গ্রন্থখনত থকা লেখাবোৰ হ’ল -পানীত চলা বিশেষ চাইকেল,জীৱনক কঠিন শিলত কাটি অনন্য ৰূপ অংকনাৰ, ৰাষ্ট্ৰীয় প্রেক্ষাপটত অসমৰ Bagless Tea, দুভৰি অবিহনেই সেউজীয়া ৰঙেৰে বুলাইছে জীৱন, উভতি যাও আহক তাহানিৰ দিনবোৰলৈ, বাঁহীৰ মাতেৰে চহা লোকৰ কথা কোৱা শিল্পীগৰাকী, লাংভাকু জলপ্রপাত চাই আহোঁগৈ ব’লক, পুৰণি মুদ্রাই কোৱা ইতিহাসৰ কথা, বাঁহেৰে জীৱনক চিনিবলৈ শিকোৱা শিল্পীগৰাকী,প্রকৃতিৰ উপাদান প্রকৃতিৰ বুকুতেই থাকিব লাগে,বিশেষভাৱে সক্ষম ব্যক্তি, গাইছে জীৱনৰ গান,চৌপাশে সেউজীয়া ৰং সিঁচাৰ দায়িত্ব লোৱা ব্যক্তিগৰাকী, আনাৰসৰ বাবে বিখ্যাত গাঁওখন, দুগ্ধ বিপ্লৱৰ সফল নিদর্শন, মানকাচৰৰ স্বাস্থ্যখণ্ডৰ সফলতা, বিদেশলৈ অসমৰ ষ্ট্ৰবেৰী, বৰপেটাৰ হস্ত নির্মিত গহনা, শতিকা পুৰণি এটি সংগ্ৰহায়ত ইতিহাসৰ গোন্ধ,পৰিকল্পিত চিন্তাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়,খেতিৰ উপযোগী মাটি প্রস্তুত,নিৰামিষ কেক প্রস্তুত কৰি স্বাৱলম্বনৰ বাট,জলপানত স্বাৱলম্বনৰ পণ, ছাঁতে শুকোৱা হেঁপাহৰ কাপোৰত স্বাৱলম্বনৰ সপোন, বিহু নাচৰ মাননীৰে সপোনক সাকাৰ কৰা ছাত্ৰীগৰাকী, অসমৰ সংস্কৃতভাষী গাঁওখন,কামেৰে দিনান্তৰত সফলতাৰ হিচাপ, দিচাংমুখৰ পৰা ডুবাইলৈ অসমৰ পাচলি, কাঠফুলায়ো দিব পাৰে অর্থনৈতিক সকাহ, থলুৱা ধানৰ বীজ সংৰক্ষণ,দুখক সুখৰ আকৰলৈ ৰূপান্তৰ কৰা দুগৰাকী মানুহ, কয়দীৰ জীৱনলৈ সেউজ সম্ভাৱনা,সময়ৰ দাবীবে আধুনিক বৃত্তিমুখী শিক্ষা, চিত্র প্রতিভাবে চলমান জগতক অনন্য ৰূপ, মনৰ পোহৰেৰে আলোকিত কাৰুশিল্পীৰ শিল্পচৰ্চাৰ পৃথিৱী, বাঁহৰ টাইমূলীয় ছাতিৰে সজীৱ পুৰণি অসমীয়াৰ জীৱন, উদ্ভাবনী শক্তিৰে জিলিকিছে শিৱসাগৰৰ যুৱক, কাজিনেমুৰ খেতিৰে স্বাৱলম্বী এদল যুৱক, হাতী-মানুহৰ সংঘাত ৰোধৰ অভিনৱ প্ৰয়াস, ‘পেকোক, ৰিংখাঙৰ স্থানীয় সীমা অতিক্ৰমী বজাৰখন, কুঁহিলাৰে লোকজীৱনৰ চিত্ৰ অংকন, বিশেষভাৱে সক্ষম মানেই সপোন আৰু সাহসো বিশেষ শক্তিশালী,চিলাইৰ কামেৰে বহু মহিলাৰ আত্মসংস্থাপনৰ বাট,ব্যতিক্রমী কামেৰে উপভোগ্য জীৱন,লোকবাদ্য চেৰৰ্জা নির্মাণেৰে লোক সংস্কৃতিলৈ অৰিহনা, শিলত আঁকা জীৱনৰ কবিতা, নৱপ্ৰজন্মৰ হাতেৰে-মাতেৰে লোককৃষ্টিৰ জীৱন, শিৱসাগৰৰ মহিলা উদ্যোগীৰ সফলতা, হতাশাৰ তমশা ভেদি উদিত সূৰ্যৰ নাম ‘জুবিন’, ডুৰাণ্ড কাপঃ ভাৰতীয় ফুটবলৰ ১৩৪ বছৰীয়া এক ঐতিহ্য,তাঁতশালত শাৰী শাৰী স্বাৱলম্বনৰ ফুল,পাচলিৰ দোকানেৰে স্বাৱলম্বী উচ্চ শিক্ষিত মহিলা,দুই বান্ধৱীৰ ব্যৱসায়িক সহযোগিতা, স্ব-নিয়োজনৰ মৌ-মিঠা পথ,পদপথত ফলৰ ব্যতিক্রমী বিপণি আৰু অন্য এজন পেডমেনৰ কাহিনী।
    ‘গুড নিউজ অসম’ গ্ৰন্থখন অসমৰ জনসাধাৰণৰ আশা, দৃঢ়তা, সৃষ্টিশীলতা আৰু মানবীয় চেতনাৰ এক উজ্জ্বল দৃষ্টান্ত ৰূপে আত্মপ্ৰকাশ কৰিছে। এই গ্ৰন্থত সংকলিত প্ৰেৰণাদায়ী কাহিনীবোৰ কেৱল সফলতাৰ বিৱৰণ নহয়—ইয়াৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি-বিশেষৰ সংগ্ৰাম, সপোন আৰু অটল অংগীকাৰৰ প্ৰতিফলন ঘটিছে। এই প্ৰকল্পৰ সৈতে জড়িত সমগ্ৰ দলটোৰ কঠোৰ পৰিশ্ৰম, সাংবাদিকতাৰ আন্তৰিকতা আৰু সমবেত প্ৰচেষ্টাৰ জৰিয়তে অসাধাৰণ অথচ সততে উপেক্ষা কৰা অধ্যৱসায় আৰু কৃতিত্বৰ কাহিনীবোৰ পোহৰলৈ আনি গ্ৰন্থখনে এটা গুৰুত্বপূৰ্ণ সত্যক দৃঢ়ভাৱে শক্তিশালী কৰিছে । এই গ্ৰন্থৰ প্ৰতিটো কাহিনীয়ে সমাজৰ ইতিবাচক দিশসমূহ উন্মোচিত কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে পথপ্ৰদৰ্শক হৈছে। এনে এখন সংৰক্ষণযোগ্য গ্ৰন্থ প্রকাশ কৰা বাবে সম্পাদনা সমিতি আৰু দূৰদৰ্শন নিউজ – অসমক ধন্যবাদ জনাইছোঁ।
    https://heyzine.com/flip-book/90f47db08d.html

    ড° বুলজিৎ বুঢ়াগোহাঁই
    কেৰিয়াৰ পৰামৰ্শদাতা তথা
    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds