31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    গুৱাহাটীৰ খানাপাৰাৰ মাৰৱেটস্থিত আইঅ’চিএল পেট্ৰ’ল পাম্পত দুগ্ধ বিপনী স্থাপন পূৰবী ডেইৰীৰ

    ■ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে ভাৰতীয় তেল নিগম(আইঅ’চিএল)ৰ সহযোগিতাত খানাপাৰাৰ আইঅ’চিএল পেট্ৰ’ল পাম্প মাৰৱেটত ১৯ ফেব্ৰুৱাৰী তাৰিখে পূৰ্ব-নিৰ্মিত দুগ্ধ বিপনী স্থাপন কৰিছে।

    পুৰবী ডেইৰী ব্ৰেণ্ডক পৰিচালনা কৰা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে (ৱামুল) গুৱাহাটীৰ খানাপাৰাত এই দুগ্ধ বিপনী স্থাপন কৰিছে। এই দুগ্ধ বিপনীয়ে সাধাৰণ ৰাইজ আৰু উজনি অসমলৈ যোৱা বিভিন্ন যাত্ৰী তথা পৰ্যটকক সতেজ গাখীৰ আৰু লাচ্চি, দৈ, সতেজ ক্ৰীম, ঘিউ, পনীৰ ইত্যাদি দুগ্ধজাত সামগ্ৰী লাভ কৰাত সহায় কৰিব।

    ৱামুলে বিভিন্ন গুৰুত্বপূৰ্ণ আৰু ব্যস্ত অঞ্চলত পূৰ্ব-নিৰ্মিত পূৰবী দুগ্ধ বিপনী মুকলি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুগ্ধ খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত স্থাপন কৰা বহুসংখ্যক পূৰবী দুগ্ধ বিপনীয়ে ইতিমধ্যে গ্ৰাহকৰ বাবে পূৰবী আৰু মাডাৰ ডেইৰীৰ বিভিন্ন প্ৰকাৰ তথা মূল্যৰ সামগ্ৰী উপলব্ধ কৰি আহিছে।

    এই দুগ্ধ বিপনী উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ সহকাৰী সঞ্চালকপ্ৰধান (আৰ এছ-এন এফ আৰ এণ্ড এ ই) মৃণাল তালুকদাৰ, নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)ৰ মুখ্য বিত্তীয় বিষয়া চিৰাগ সেৱক আৰু ৱামুলৰ বিপণন বিভাগৰ মুৰব্বী এছ এম হুছেইন।

    উপস্থিতসকলক নিজৰ মনোভাৱ প্ৰকাশ কৰি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ সহকাৰী সঞ্চালকপ্ৰধান (আৰ এছ-এন এফ আৰ এণ্ড এ ই) মৃণাল তালুকদাৰে কয় যে, “পূৰবী ডেইৰীৰ এয়া এক অত্যন্ত ভাল পদক্ষেপ আৰু আমি আই অ ’চি এলে ইয়াৰ অংশ হ’বলৈ পাই সুখী অনুভৱ কৰিছোঁ। দুগ্ধ বিপনীটোত গ্ৰাহকসকলক সুলভ মূল্যত সতেজ-বিশুদ্ধ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী যোগান ধৰা হ’ব। ডেইৰী সমবায়লৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

    এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)ৰ মুখ্য বিত্তীয় বিষয়া চিৰাগ সেৱকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসমক লৈ দুগ্ধ উন্নয়ন পৰিকল্পনা আৰু দূৰদৰ্শী দৃশ্যপটৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি কয় যে, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পথ-নিৰ্দেশনাত আমি এই আধুনিক দুগ্ধ বিপনী স্থাপন কৰিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, এনে পদক্ষেপসমূহে অসমৰ দুগ্ধ খণ্ডৰ বৃদ্ধিত প্ৰভূত পৰিমাণে অৰিহণা যোগাব। পৰৱৰ্তী ৩-৬ মাহত আমি গুৱাহাটীৰ বিভিন্ন স্থান আৰু কাষৰীয়া বজাৰসমূহত প্ৰায় ১৮খন এনে দুগ্ধ বিপনী প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছোঁ। এক নিয়ন্ত্ৰিত পদ্ধতিৰ মাজেৰে ফ্ৰেঞ্চাইজিৰ জৰিয়তে পৰিচালিত হ’বলগীয়া প্ৰতিটো বিপনীয়ে মুকলিৰ লগে লগে ২-৩ জনকৈ লোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।”

    ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল(জি এম চি এইচ)ত পূৰবী দুগ্ধ বিপনী মুকলি কৰা হৈছিল। এই দুগ্ধ সমবায়খনে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰী চৌহদত আৰু চাংসাৰিস্থিত এইমছৰ বিপৰীতে পূৰবী গো খাদ্য প্ৰকল্প(কেটল ফিড প্লাণ্ট)তো দুখন ‘পূৰবী পাৰ্লাৰ’ মুকলি কৰিছে। ইণ্ডিপেণ্ডেণ্ট চেল্ফ চাৰ্ভিছ বা স্বতন্ত্ৰ আত্মসেৱা (আই এছ এছ) বিন্যাসত প্ৰস্তুত কৰা এই অভিনৱ পাৰ্লাৰসমূহে নতুন প্ৰজন্মৰ গ্ৰাহকৰ বিকশিত পছন্দসমূহ পূৰণ কৰিছে। এই বিশেষ পাৰ্লাৰসমূহত পূৰবীৰ সকলো ধৰণৰ সামগ্ৰী পোৱা যায়, য’ত উপলব্ধ বিভিন্ন ধৰণৰ পাউছ মিল্ক (টোনড, ষ্টেণ্ডাৰ্ড আৰু ফুল ক্ৰীম), দৈ, লচি, সতেজ ক্ৰীম, ঘিউ আৰু মৌ ইত্যাদি। ইয়াৰ লগতে গ্ৰাহকসকলে মাডাৰ ডেইৰী বাস্কেটৰ পৰা পৰিপূৰক সামগ্ৰী, যেনে- পনীৰ, মিল্কশ্বেক, সোৱাদযুক্ত গাখীৰ, মছলা চাহ, টিনত ভৰোৱা মিঠাই, মাডাৰ ডেইৰী আইচক্ৰীম, মাখন, সুন্দৰকৈ পেক কৰা সতেজ শাক-পাচলি আৰু সংসাধিত পাচলি আদি ক্ৰয় কৰিব পাৰে।

    বিশেষভাৱে প্ৰস্তুত কৰা দুগ্ধজাত সামগ্ৰীৰ কল্ড চেইনক আগুৱাই লৈ যাবলৈ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ উত্তৰ-পূৰ্বাঞ্চলত বিতৰণ তথা বিক্ৰীৰ বাবে প্ৰতিষ্ঠা কৰা হৈছে প্ৰথমখন পূৰ্ব-নিৰ্মিত বিপনী। এই বিপনীবোৰ সুৰক্ষিত আৰু অধিক তাপমাত্ৰাতো ভাল অৱস্থাত থাকিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, ইয়াৰ বাবে ভিচি কুলাৰ, চেষ্ট কুলাৰ আৰু ডীপ ফ্ৰীজাৰত সামগ্ৰীসমূহ ৰাখি মানদণ্ড একেই থকাটো নিশ্চিত কৰা হয়। আধুনিক নান্দনিকতাক কাৰ্যকৰী দক্ষতাৰ সৈতে একত্ৰিত কৰি এই বুথবোৰ প্ৰতিষ্ঠানটোৰ মালিকানাধীন ফ্ৰেঞ্চাইজি অপাৰেটেড (চি অ’ এফ অ’) মডেলৰ অধীনত মুকলি কৰা হৈছে, যিয়ে উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবে এক অনন্য ব্যৱসায়িক সুযোগ প্ৰদান কৰিছে।

    এই পূৰ্ব-নিৰ্মিত পূৰবী দুগ্ধ বিপনীৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ইয়াৰ দ্ৰুত স্থাপন প্ৰক্ৰিয়া, যাৰ ফলস্বৰূপে ফ্ৰেঞ্চাইজি লোৱা ব্যক্তিয়ে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ মাত্ৰ দুদিনৰ ভিতৰতে কাম আৰম্ভ কৰিব পাৰে। এই পদক্ষেপৰ ফলত বিপনী স্থাপন কৰি বিচৰা লোকসকলৰ সময় যথেষ্ট হ্ৰাস পায় আৰু সহজে দুগ্ধ বিপনী মুকলি কৰিব পাৰে।

    ● ফ্ৰেঞ্চাইজিৰ বিষয়ে তথ্যৰ বাবে আগ্ৰহী ব্যক্তিসকলে পূৰবীৰ ৱেবছাইট: www.purabi.coop বা info@purabi.coop দৰ্শন কৰিব পাৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.